ডিজিটেল ডেস্কঃ বিয়া দিয়াত পলম কৰাৰ ফলতেই ছোৱালী পলাই যোৱা, 'লাভ জেহাদ’ আদিৰ দৰে কাণ্ড সংঘটিত হয়। সেয়ে সৰুকালিতে বিয়া পাতি দিলে এনে হোৱাৰ সম্ভাৱনা একেবাৰে নাইকিয়া হৈ পৰে। এই মত এগৰাকী বিজেপি বিধায়কৰ। বাল্য বিবাহ কৰিলে ইজনে আনজনক সৰুৰেপৰা দেখি থাকে, আত্মীয়তা বাঢ়ে আৰু বিবাহ চিৰযুগমীয়া হয়। এনেদৰে বিশ্লেষণ কৰি চৰ্চালৈ আহিছে মধ্যপ্ৰদেশৰ আগৰ সমষ্টিৰ বিধায়ক গোপাল পাৰমাৰ। 

ছোৱালীবোৰ সাধাৰণতে 'আৱেগিক’ আৰু সহজেই 'উটি-ভাঁহি যায়’। সেয়ে বিয়াৰ বৈধ বয়স হোৱাৰ পূৰ্বেই দৰা বাচি থ’ব লাগে আৰু পৰাপক্ষত তেনে ৰিস্ক লোৱাৰ পৰা বিৰত থাকিব লাগে। বিধায়কগৰাকীয়ে দা চানডে এক্সপ্ৰেছৰ সাংবাদিকৰ সৈতে হোৱা সাক্ষাতকাৰত এনেদৰে মত জাহিৰ কৰে।

নিজৰ ব্যক্তিগত জীৱনৰ কথা দোহাৰি বিধায়ক পাৰমাৰে কয় যে তেওঁ নিজেও শৈশৱতে বিয়া পাতিছিল আৰু নিজৰ দুই জীয়ৰী আৰু এক পুত্ৰৰো বিয়াৰ বসয় হোৱাৰ আগতেই দৰা-কইনা ঠিক কৰি থৈছিল। এনেদৰে বিয়া হৈ কেউজনেই সুখী বুলিও কয় বিধায়ক পাৰমাৰে। 

পলৰীয়া নহবলৈ ছোৱালীৰ ১৮ বছৰ আৰু ল’ৰাৰ ২১ বছৰ হোৱাৰ আগতেই বিয়া ঠিক কৰি থ’ব লাগে। গৰু-মহৰ সৈতে তুলনা কৰি বিধায়কগৰাকীয়ে কয় যে এবাৰ এনেদৰে বিয়া ঠিক কৰি থ’লে ছোৱালী য’তে-ত’তে ঘুৰি ফুৰিলেও জানিব যে ক’লৈ ঘুৰি আহিব লাগে।