গুৱাহাটীঃ যোৱা ৪ জানুৱাৰীত মেঘালয়ৰ ৰাজধানী শ্বীলংৰ প’ল গ্ৰাউণ্ডত অনুষ্ঠিত হৈছিল এখন ৰাজহুৱা বিশাল সভা৷ হাজাৰ হাজাৰ লোকৰ সন্মুখত এজন যুৱকে উদাত্ত কন্ঠে ভাষণ প্ৰদান কৰিছিল৷ তেওঁ কৈছিল এই খন চৰকাৰ ওফৰাই হে মই ক্ষান্ত হম৷ সেই দিনটোতে ৫ জনকৈ শাসকীয় কংগ্ৰেছ দলৰ আৰু আন দলৰ পৰা তিনিজন বিধায়কে সহ ৮ গৰাকী বিধায়ক যুৱকজনৰ নেতৃত্বত তেওৰ দলত যোগদান কৰে৷ নাম তেওৰ কনৰাড চাংমা৷ নকৈ গঠন হোৱা এনপিপিত যোগদান কৰে বিধায়কসকলে৷

 

যুৱকজন দলটোৰ সভাপতি কনৰাড চাংমা। সেইগৰাকী কনৰাড চাংমাই হ’ব মেঘালয়ৰ মুখ্যমন্ত্ৰী৷ পিতৃ আছিল ভাৰতীয় ৰাজনীতিৰ হোতা৷ লোক সভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰায়ত পি এ চাংমাৰ পুত্ৰ কনৰাড চাংমা৷ ভগ্নী অগথা চাংমা ইউপিএৰ কাৰ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰী হৈছিল৷ দেশৰ কনিষ্ঠ মহিলা কেন্দ্ৰীয় মন্ত্ৰী হয় অগথাই৷ শনিবাৰে ঘোষণা কৰা মেঘালয় বিধান সভা নিৰ্বাচনত নতুন দলটোৱে সফলতা লাভ কৰে৷ নৱ গঠিত এনপিপিয়ে  ১৯ খন আসন লাভ কৰে৷

বৰ্তমান ৩৪ বিধায়কৰ সমৰ্থন লাভ কৰি কনৰাড চাংমাই মুখ্যমন্ত্ৰী হ’ব৷ এনপিপি ১৯, বিজেপি ২, এইচএছডিপি ৪ আৰু ১ দন নিৰ্দলীয়ৰ সমৰ্থন লাভ কৰি কনৰাড চাংমা মুখ্যমন্ত্ৰী হিচাপে শপত লব৷ লোকসভাৰ প্ৰাক্তন অধ্যক্ষ পিএ চাংমাৰ পুত্ৰ কনৰাড চাংমা। এইগৰাকীয়ে যুৱনেতাই মেঘালয়ত মুখ্যমন্ত্ৰী পদৰ বাবে নৰ্থ ইষ্ট ডেমক্ৰেটিক এলায়েন্সৰ শীৰ্ষত। কনৰাডৰ ভগ্নী তথা টুৰা সমষ্টিৰ পৰা লোকসভাত প্ৰতিনিধিত্ব কৰা প্ৰাক্তন সাংসদ আগাথা চাংমাইৰ নামো চৰ্চালৈ আহিছিল মেঘালয়ৰ মুখ্যমন্ত্ৰী পদৰ বাবে।

মেঘালয়ৰ টুৰাৰ বৰ্তমানৰ সাংসদ কনৰাডে ২০০৮ বৰ্ষত আৰম্ভ কৰিছিল ৰাজনৈতিক পৰিক্ৰমা। তেতিয়া কনৰাড বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। একেটা বছৰৰে শেষৰফালে তেওঁক ৰাজ্যখনৰ বিত্ত, শক্তি আৰু পৰ্যটন বিভাগৰ কেবিনেট মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছিয়। ২০০৯ চনত বিৰোধী দলৰ নেতা হিচাপে তেওঁ নিৰ্বাচিত হয়। ২০১৩ চনলৈ এই দায়িত্ব পালন কৰে। ২০১৬ চনত পিতৃ পিএ চাংমাইৰ মৃত্যুৰ পিছতেই পৰিয়ালৰ দুৰ্গস্বৰূপ টুৰা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয়।

সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে মেঘালয়ৰ ৰজাজনৰ নাম৷ হিমন্তৰ টুইট কৰি কনৰাড চাংমাই মেঘালয়ৰ মুখ্যমন্ত্ৰী হ’ব বুলি কয়৷ এনপিপি, ইউডিপি, বিজেপি আৰু এনএইচপিডিপিৰ বিধায়কে ৰাজ্যপালক সাক্ষাৎ কৰাৰ পিছতেই হিমন্তই এই ঘোষণা কৰা টুইট কৰি৷ পাহাৰীয়া ৰাজ্য মেঘালয়ত বিজেপিয়ে মাথোঁ দুখন আসন লাভ কৰিছে যদিও চৰকাৰ গঠনৰ মূল ভূমিকা অসমৰ মন্ত্ৰী তথা উত্তৰ পূৱৰ প্ৰভাৱশালী বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাই লোৱা বুলি ইতিমধ্যে ব্যাপক চৰ্চা আৰম্ভ হৈছিল৷