newsnextone.com | গুৱাহাটীঃ যোৱা বিধান সভা নিৰ্বাচনত অসমৰ একাংশ জাতীয় দল-সংগঠনে বিজেপিক চৰকাৰ গঠনত আওপকীয়াকৈ হলেও সহায় কৰা বুলি সময়ে সময়ে চৰ্চা হৈ আহিছে৷ অসমৰ কেইবাটাও জাতীয় সংগঠনে সহায় কৰা বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে এইবাৰ মুকলি মঞ্চত যোৱা বিধান সভা নিৰ্বাচনত বিজেপিক চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত সহায় কৰা বুলি স্বীকাৰ কৰে এগৰাকী আলোচনীপন্থী নেতাই৷ 

দেওবাৰে ডিব্ৰুগড় জিলাৰ চাবুৱাত আলোচনাপন্থী আলফাৰ জ্যেষ্ঠ নেতা জিতেন দত্তই এটি বিহু অনুষ্ঠানত অংশ লৈ অকপটে স্বীকাৰ কৰি যোৱা বিধান সভা নিৰ্বাচনত বিজেপিক চৰকাৰ গঠন কৰাত সহায় কৰা বুলি কয়৷ অসমত বিজেপিক চৰকাৰ বনোৱাত সহায় কৰিছিল বুলি আলোচনাপন্থী আলফাৰ নেতাগৰাকীয়ে দেওবাৰে অকপটে স্বীকাৰ কৰে৷ কিন্তু বৰ্তমানৰ পৰিস্থিতি লক্ষ্য কৰি নেতাগৰাকীয়ে বিজেপিয়ে অসমক চৰম প্ৰতাৰণা কৰা বুলি কয়৷