anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ বিজেপিয়ে দলৰ কেন্দ্ৰীয় নেতা আৰু কৰ্ণাটক বিজেপিৰ নেতা য়েদুয়াৰাপ্পা সহ এটা দলে ৰাজ্যপালক সাক্ষ্যৎ কৰাৰ পিছতে বিজেপিয়ে বাজ্যৰ বৃহৎ দল আৰু তেওঁলোকে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে৷ কংগ্ৰেছক ৰাইজে প্ৰত্যাখ্যান কৰাৰ পিছতো চৰকাৰ গঠন কৰিব অহা বুলি কটাক্ষ কৰে য়েদুয়াৰাপ্পাই৷ 

ৰাজনৈতিক পৰিবেশ গৰম হৈ থকাৰ সময়তে বিজেপিয়ে দিল্লীৰ মুখ্য কাৰ্যালয়ত সংসদীয় সমিতিৰ বৈঠক অনুষ্ঠিত কৰিব বুলি জানিব পৰা যায়৷ সংসদীয় সমিতিৰ বৈঠকত বিজেপিয়ে কৰ্ণাটকৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ লগতে চৰকাৰ গঠন কৰাৰ বাবে পৰিকল্পনা কৰিব পাৰে৷

আনহাতে, জেডিএছ নেতা কুমাৰস্বামীয়ে ৰাজ্যপালক সাক্ষ্যৎ কৰি চৰকাৰ গঠন কৰাৰ বাবে সাজু বুলি কয়৷ জেডিএছ আৰু কংগ্ৰেছে মিলি কৰ্ণাটকত চৰকাৰ গঠন কৰিব বুলি দাবী জনাই কুমাৰস্বামীয়ে৷ কংগ্ৰেছৰ নেতা য়েদুয়াৰাপ্পা আৰু কুমাৰস্বামীয়ে যুটীয়া সংবাদ মেল অনুষ্ঠিত কৰি সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব বুলি কৈ তেওঁলোকক চৰকাৰ গঠন কৰিব বাবে আমন্ত্ৰণ কৰিব পলাগে বুলি কয়৷ কিয়নো তেওঁলোকৰ হাতত ১১৭ জন বিধায়ক থকা বুলি কয়৷ 
    
কৰ্ণাটকত ১০৪ খন আসন লাভ কৰি বিজেপি হৈ পৰিল বৃহৎ দল৷ বৃহৎ দল হোৱাৰ লগেতে কংগ্ৰেছক শাসনৰ পৰা পদচ্যুত কৰিবলৈ সক্ষম হয় বিজেপিয়ে৷ কংগ্ৰেছে পুনৰ শাসনলৈ অহাৰ দাবী কৰি আহিছিল যদিও ৰাইজে কংগ্ৰেছক সেই সুবিধা প্ৰদান নকৰিলে৷ কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰৰ সৈতে বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী য়েদুয়াৰাপ্পাই ৰাজ ভৱনত উপস্থিত হয়৷ ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ বাবে দাবী জনায়৷ য়েদুয়াৰাপ্পাই এশ শতাংশ তেওঁলোকে চৰকাৰ গঠন কৰিব বুলি কয়৷

যোৱা ১২ মে’ত কৰ্ণাটক বিধান সভাৰ ২২২ খন আসনৰ বাবে ভোটদান অনুষ্ঠিত হৈছিল৷ তাৰ পিছতে ভোটগণনা মঙলবাৰে পুৱাৰে পৰা আৰম্ভ হয়৷ এতিয়ালৈ ঘোষণা কৰা ফলাফল অনুসৰি বিজেপিয়ে মুঠ ১০৪ খন আসনত জয়ী হয়৷ কংগ্ৰেছে ৭৮ খন আসনত জয়ী হোৱাৰ লগতে জেডিএছে ৩৮ খন আসনত জয়ী হয়৷ ফলত জেডিএছ অবিহনে কংগ্ৰেছ বিজেপিয়ে অকলে চৰকাৰ গঠন কৰিব নোৱাৰিব সেয়া স্পষ্ট হৈ পৰে৷  

পুনৰ শাসনৰ গাদী দখল কৰাৰ দিশে বিজেপি আগবাঢ়িছে যদিও সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে৷ কিন্তু বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পৰা পিছ পৰিল যদিও জেডিএছৰ সৈতে লগলাগি চৰকাৰ গঠন কৰাৰ কুচকাৱাজ আৰম্ভ কৰিছে৷ সমানে কংগ্ৰেছে জেডিএছৰ সৈতে লগলাগি পুনৰ চৰকাৰ গঠন কৰাৰ বাবে দৌৰ আৰম্ভ কৰিছে৷ 

ইপিনে মুখ্যমন্ত্ৰী সিদ্দাৰামায়াই ৰাজ্যপালক পদত্যাগ পত্ৰ প্ৰেৰণ কৰে৷ আনহাতে জেডিএছৰ নেতা এইচ ডি কুমাৰস্বামীয়ে ৰাজ্যপালৰ সাক্ষাৎ কৰাৰ বাবে ঘৰৰ পৰা ওলাই আহে৷ ৰাজ্যপাললৈ লিখা এখন পত্ৰত কংগ্ৰেছৰ সৈতে লগলাগি চৰকাৰ গঠন কৰাৰ প্ৰস্তাৱ মানি লোৱা বুলি কয়৷ কংগ্ৰেছ নেতা গোলাম নবী আজাদে কংগ্ৰেছ আৰু জেডিএছৰ ১১৭ বিধায়ক থকা বুলি কৈ চৰকাৰ গঠনৰ দাবী কৰে৷ 

মণিপুৰ, মেঘালয় আৰু গোৱাত কংগ্ৰেছ ডাঙৰ দল হোৱাৰ পিছতো সেই সময়ত নৈতিকতাৰ কথা মনত পৰা নাছিল বুলি বিজেপিক আক্ৰমণ কৰে আজাদে৷ যদি ৰাজ্যপালে এই সুবিধা প্ৰদান নকৰে তেন্তে আদালতৰ কাষ চাপিব বুলি কয় আজাদে৷ আনহাতে বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী বিএচ য়েদুয়াৰাপ্পই এখন সংবাদ মেল সম্বোধন কৰি কৰ্ণাটকৰ ৰাইজক ধন্যবাই জনাই আৰু কংগ্ৰেছক ৰাইজে অস্বীকাৰ কৰা বুলি কয়৷ কংগ্ৰেছক জনগণে ৰেজেক্ট কৰাৰ পিছতো চৰকাৰ গঠন কৰিব বিচৰা কাৰ্যক সমালোচনা কৰে য়েদুয়াৰাপ্পই৷