newsnextone.com | ডিজিটেল ডেস্কঃ সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত বিজেপিৰ মুখ্যমন্ত্ৰীৰ পদৰ প্ৰাৰ্থী য়েদুয়াৰাপ্পাই বৃহস্পতিবাৰে পুৱাই ৯.৩০ বজাত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত লয়৷

ৰাজ্যপাল বাজুভাই বালাই বুধবাৰে সন্ধিয়া বিজেপিৰ বিধায়িনী দলৰ নেতা য়েদুয়াৰাপ্পাক পত্ৰ প্ৰেৰণ কৰে৷ বুধবাৰে সন্ধিয়া ৰাজ্যপালে বাজুভাই বালাই প্ৰাক্তন এটৰ্ণি জেনেৰেল মুকুল ৰোহটগীৰ সৈতে আলোচনাত মিলিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে৷

উল্লেখ্য যে বি এছ য়েদেৰুপ্পাই তৃতীয়বাৰৰ কাৰণে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়৷ আনহাতে য়েদেৰুপ্পাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ কিছু সময় পিছতে কংগ্ৰেছে বিধানসভাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে৷

য়েদেৰুপ্পাক কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে মনোনীত কৰাৰ বিৰুদ্ধে গুলাম নবী আজাদ, অশোক গোহতল আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধাৰামায়া সহ কংগ্ৰেছৰ বিধায়ক আৰু নেতাসকলে বিধানসভাত মহাত্মা গান্ধীৰ প্ৰতিমুৰ্ত্তিৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে৷ 

য়েদেৰুপ্পাৰ মুখ্যমন্ত্ৰী মনোনীত কৰাত প্ৰতিবাদ সাব্যস্ত কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই কয়, ‘ইয়াৰ তদন্ত আদালতত হ’ব৷ আমি সাধাৰণ জনতাৰ ওচৰলৈ গৈ জনাম যে কেনেদৰে বিজেপিয়ে সংবিধান বিৰেধী কাম কৰিছে৷ বিজেপিৰ ওচৰত ১০৪ গৰাকী বিধায়ক আছে৷ যি সংখ্যা গৰিষ্ঠতাৰ শাৰীত নপৰে৷ য়েদেৰুপ্পাই সংখ্যা গৰিষ্ঠতা প্ৰমাণ কৰিবলৈ ১১২ গৰাকী বিধায়কৰ প্ৰয়োজন হ’ব৷ তেওঁলোকে সেয়া কৰিব নোৱাৰে৷’’

ইফালে সিদ্ধাৰামায়াৰ মন্তব্যৰ প্ৰত্যুত্তৰ দি বিজেপি নেতা অনন্ত কুমাৰে কয় যে যদি কংগ্ৰেছে প্ৰতিবাদ কৰিব বিচাৰে, তেন্তে ৰাহুল গান্ধী, ছোনীয়া গান্ধী আৰু সিদ্ধাৰামায়াৰ বিৰুদ্ধে কৰিব লাগে।