newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকত চলি থকা কংগ্ৰেছ-বিজেপিৰ হাই ড্ৰামাৰ মাজতে কংগ্ৰেছে গোৱাৰ বৃহৎ দল হিচাপে গোৱাত চৰকাৰ গঠনৰ দাবি উত্থাপন কৰাৰ প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে৷ এই উপলক্ষে কংগ্ৰেছৰ গোৱা দায়ত্ববাহী সচিব চেল্লা কুমাৰ বৃহস্পতিবাৰে গোৱাত উপস্থিত হয়৷ শুকুৰবাৰে চেল্লা কুমাৰে ৰাজ্যপালক সাক্ষাত কৰি গোৱাৰ বৃহৎ দল হিচাপে কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ দাবী জনাব৷ লগতে জনিব পৰা মতে, ৰাজ্যপালৰ সন্মুখত কংগ্ৰেছ বিধায়কৰ দ্বাৰা পেৰেড কৰোৱাৰো সম্ভাৱনা আছে৷
বৃহস্পতিবাৰে কংগ্ৰেছৰ গোৱা সচিবগৰাকীয়ে গোৱা অভিমুখে যাত্ৰা আৰম্ভ কৰে৷ তেওঁৰ লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাও গোৱালৈ বুলি ৰাওনা হয়৷ গোৱাত কংগ্ৰেছৰ ১৬ গৰাকী বিধায়কে ৰাজ্যপাল ভৱনলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ গোৱাৰ বৃহৎ দল হিচাপে কংগ্ৰেছক চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনোৱা উচিত বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাই৷
গোৱাৰ কংগ্ৰেছ নেতা যতীশ নায়কে কয়, ‘‘২০১৭ চনত আমি ১৭ খন আসনত জয়লাভ কৰি বৃহৎ দল হিচাপে পৰিগণিত হৈছিলো৷ কিন্তু ৰাজ্যপালে বিজেপিক হে সাক্ষাতৰ বাবে আমন্ত্ৰণ জনায়৷ তেওঁলোকৰ ওচৰত কেৱল ১৩ গৰাকী বিধায়ক আছিল৷ কৰ্ণাটকত ৰাজ্যপালে বিজেপিক বৃহৎ দল হিচাপে চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনালে৷ এনে পৰিস্থিতিত আমিও ৰাজ্যপালৰ ওচৰত আপীল কৰিম যে আমাক চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিবলৈ আমন্ত্ৰণ জনাওক৷’’
উল্লেখ্য যে কৰ্ণাটকত বিজেপি বৃহৎ দল হোৱা হেতুকে ৰাজ্যপালে চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনায়৷ বৃহস্পতিবাৰে য়েদেয়াৰুপ্পাই ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত লয়৷ য়েদেয়াৰুপ্পাৰ শপত গ্ৰহণৰ পিছতে নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰি তীক্ষ্ন মন্তব্য প্ৰকাশ কৰে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে৷ চত্তীশগড়ৰ ৰায়পুৰত এখন স্বৰাজ সন্মিলনত অংশ লৈ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীলৈ বাক্য-বান ক্ষেপণ কৰে৷
ৰাহুল গান্ধীয়ে কয়, ‘‘সমগ্ৰ দেশত এটা ভয় বিয়পাই দিয়া হৈছে৷ আৰু এই ভয়ৰ সুবিধা উঠাইছে এটা শক্তিয়ে৷ বিজেপিৰ সাংসদে নৰেন্দ্ৰ মোডীৰ সন্মুখত একো কব নোৱাৰে৷ সকলো সংস্থাতে আৰএছএছৰ লোক পূৰ কৰা হৈছে৷ এনে হয়তো পাকিস্তানত ঘটে, অথৱা আন কোনো সন্ত্ৰাসবাদী ৰাষ্ট্ৰত৷ বিজেপিৰ শাসনে হিন্দুস্তানক পাকিস্তান কৰি পেলাইছে৷’’