দৰংঃ বিশ্বায়নৰ যুগত ভাৰতক এখোজ আগুৱাই ল’বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডিজিটেল কাৰ্য্যসূচীৰ অংশ হিচাপে ভাৰতৰ পিছপৰা অঞ্চল সমূহক বিভিন্ন ডিজিটেল সেৱাৰ জৰিয়তে উন্নত কৰাৰ লক্ষ্য বান্ধি লৈছে। কেন্দ্ৰীয় চৰকাৰে দৰং জিলাৰ ভিতৰত পিছপৰা গাঁৱৰ তালিকাৰ শীৰ্ষত থকা ১/২ নং বৰুৱাঝাৰ গাঁৱক বাচনি কৰি ইতিমধ্যে কিছুমান আঁচনি হাতত লৈছে।
ডিজিটেল সেৱাৰ ভিতৰত বিনামূলীয়া কম্পিউটাৰ প্ৰশিক্ষণ, টেলি মেডিচিন, অনলাইন স্বাস্থ্য পৰীক্ষা, অনলাইন পশু চিকিৎসা, সৌৰশক্তি চালিত বাল্ব, ষ্ট্ৰীট লাইট, বিত্তীয় সহায়, কৌশল বিকাশ, অনলাইন আইনী সাহাৰ্য্য, জন্ম-মৃত্যুৰ পঞ্জীয়ন, অনলাইন ভোটাৰ চাৰ্ভিচ, যিকোনো বীমা, জাতিগত প-পত্ৰ, প্ৰবজন প-পত্ৰ, আয়কৰ প-পত্ৰ, আধাৰ চাৰ্ভিচৰ লগতে প্ৰায় শতাধিক সেৱা কমন চাৰ্ভিচ চেন্টাৰৰ জড়িয়তে আগবঢ়োৱা হৈছে।
উল্লেখ্য যে, ডিজিটেল সেৱা কোষৰ জিলা পৰ্যায়ৰ দুজনকৈ প্ৰতিনিধি ক্ৰমে ঝনজশ্ৰী সৰকাৰ আৰু মিতুল ডেকা আৰু ভি এল ই এছ’চিয়েচনৰ জিলা সভাপতি আমিনুল হকে শনিবাৰে ১/২ বৰুৱাঝাৰ গাওঁ পঞ্চায়ত প্ৰাঙ্গণত অনুষ্ঠিত সজাগতা সভাত উপস্থিত থাকি ডিজিটেল সেৱাৰ সুবিধা সম্পৰ্কে বিস্তৃত আলোচনা কৰি ডিজিটেল সেৱাৰ মাধ্যমেদি পিছপৰা গাঁৱলৈ চৰকাৰে আগবঢ়োৱা সুবিধা সমূহ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।
ডিজিটেল গাঁৱৰ বিভিন্ন আঁচনি ৰূপায়নৰ বাবে গাঁওখনৰ তিনিটাকৈ চি এচ চি-ভি এল ই ক্ৰমে মইনুল হক, ৰিয়াজুল কাৰিম আৰু আবু মহম্মদ ৰৌফ আলী আকন্দ ওৰফে টিংকু মনিক নিয়োগ কৰা হৈছে। উক্ত সভাত দলগাঁও শিয়ালমাৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি ৱাজেদ আলী, ১/২ নং বৰুৱাঝাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰুকচানা বেগম, গাঁওবুঢ়া আমিৰুল হক শিক্ষক নাজিম উদ্দিন সহ প্ৰায় তিনি শতাধিক লোক উপস্থিত থাকে।