ডিফুঃ অহা ৮ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া পূব আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ ৯ খনকৈ নগৰ সমিতিৰ নিৰ্বাচনৰ বৃহস্পতিবাৰে পূব কাৰ্বি আংলং জিলাৰ ডিফু, বকলিয়া, ডকমকা, লাংহিন, বোকাজান আৰু হাওৰাঘাট নগৰ সমিতিৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰধান ৰাষ্ট্ৰীয় দল বি জে পি আৰু কংগ্ৰেছে নিজ নিজ প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিছে৷

কংগ্ৰেছৰ তালিকা

ডিফুঃ ১ৰ পৰা ১৪ টা ৱাৰ্ডৰ বাবে ক্ৰমান্বয়ে, ৰাজেন্দ্ৰ তেৰাং, ২ নং ৱাৰ্ডত একেৰাহে চতুৰ্থবাৰৰ বাবে মনোজ দে', দিগেন তিমুং, বিক্ৰম হাঞ্চে, চাৰকিৰি বিনি হাঞ্চে, ৰবিন ৰংপি, খয়াচিং ক্ৰ, ৰাজেশ ৰংহাং, ৰাজেণ টেৰণ, দেবেন টেৰণ, সাগৰ চেত্ৰী, মজাচিং টেৰণ, চনচিং টেৰণ, আৰু জেনচিং টিমুং৷

বকলিয়াঘাটঃ বকলিয়াঘাট নগৰ সমিতিৰ ৭ টা ৱাৰ্ডৰ বাবে ক্ৰমে ৰূপাই ৰাজখোৱা, বিজয় তেৰাং, লংকি কাথাৰ,অমৰ হাজৰিকা, মৃদুল ভূঞা,, বিদ্যাচিং ৰংফাৰ আৰু কাজেক হাঞ্চেপী ৷

ডকমকাঃ ডকমকা নগৰ সমিতিৰ ৬ টা ৱাৰ্ডৰ ক্ৰমে কমল চিংনাৰ, ৰঞ্জিত টেৰণ, কাংবুৰা তিমুং, ফুকন ৰংহাং, জ'চিলা ম'মিন আৰু ৰবিনচন চিংনাৰ৷

লাংহিনঃ লাংহিন নগৰ সমিতিৰ ৬ টা ৱাৰ্ডৰ ক্ৰমে পৱন দাস, দধিৰাম মেধি, নিৰ্মল চন্দ্ৰ হাজৰিকা, কুংৰি টকবিপী বৰুৱা, ৫ নং ৱাৰ্ড বিবেচনাধীন, আৰু ৬ নং ৱাৰ্ডত মিণ্টু বৰা৷

বোকাজানঃ বোকাজান নগৰ সমিতিৰ ৭ টা নগৰ সমিতিত ক্ৰমে দিপাংকৰ গগৈ, বিষ্ণু নন্দী, সুৰজিত দেব, আমিৰুদ্দিন আলি, নাজিম উদ্দিন আৰু জিতু কুমাৰ বৰুৱা৷

হাওৰাঘাটঃ হাওৰাঘাট নগৰ সমিতিৰ ৫ টা ৱাৰ্ডৰ বাবে ক্ৰমে পদৰাম কোচ, ৰঘুনাথ দাস, অশোক হাষ্ণু, সঞ্জিত দেব আৰু দেবানন্দ পাটৰ।
 
বি জে পিৰ প্ৰাৰ্থী তালিকা

ডিফুঃ  ৱাৰ্ডৰ ক্ৰম অনুসৰি হাৰাধন ঘোষ, প্ৰতীভা দাস পৰুকায়স্থ, দিগন্ত গগৈ, সাধনা ৰংপী, দেবেন্দ্ৰ টকবী, চেমচন তেৰাঙ, ৰাহ ক্ৰ', মিনু তেৰণপী, চিমিয়ন ফাংচ', মীৰা টিচ'পী, ৰাং  মুক্ৰাং ৰংহাং, ধীৰেণ টকবী, ১৩ নং ৱাৰ্ডত বিবেচনাধী আৰু ১৪ নম্বৰত লুণচে তিমুং৷

বোকাজানঃ ৭ টা ৱাৰ্ডৰ ক্ৰম অনুসৰি শিল্পীশিখা চিৰিং দেউৰী, মিণ্টু দাস, বাবুল দাস, ৰজত দাস, বিনোদ কুমাৰ দাস, ৰাজীব  বৰ্দ্ধন আৰু চুন্দৰ ইংতি৷

ডকমকাঃ ৬ টা ৱাৰ্ডৰ ক্ৰমে ৰেবিকা  ইংতিপি, চিণ্টু চন্দ, প্ৰহ্লাদ তিমুঙ, বিদ্যাচিং টেৰণ, ৰূপচিং টকবী আৰু চাৰলংকি টিচ'৷

বকলিয়াঘাটঃ ৭ টা ৱাৰ্ডৰ ক্ৰমে হেমচিং টেৰণ, মিংকি ইংতিপী, গৌতম বণিক, অমিতা শইকীয়া, প্ৰাঞ্জল শৰ্মা, ৰাজু তেৰাং আৰু বিজয় হাষ্ণু৷

হাওৰাঘাটঃ ৫ টা ৱাৰ্ডৰ ক্ৰম অনুসৰি প্ৰতাপ সন্দিকৈ, বিদ্যাচিং টেৰণ, ৰমেশ কেম্প্ৰাই, সজল দেব আৰু মিনু চুনাৰ৷

লাংহিনঃ ৬ টা ৱাৰ্ডৰ ক্ৰমে খগেন দৈমাৰী, কামাই ব্ৰক্ষ্ম, দেবেশ্বৰ হাজৰিকা, কংজিয়ং ক্ৰ', ধৰ্মেশ্বৰ বসুমতাৰী আৰু ৰূপেন দৈমাৰী। আনহাতে বাতৰি লিখা পৰলৈকে পশ্চিম কাৰ্বি আংলঙৰ প্ৰাৰ্থীসকলৰ নাম এই প্ৰতিবেদকৰ হাতত আহি পৰা নাই৷