ছাইদুল ইছলাম, ডিফু
ডিফুঃ ডিফুবাসীৰ বাবে এটি সুখবৰ! এতিয়াৰে পৰা ডিফু টাউন ডিফু চিটি হিচাপেহে জনাজাত হ’ব৷ বুধবাৰে ডিফুৰ কাছা স্পৰ্টচ কমপ্লেক্সত আয়োজন কৰা সংবাদমেল যোগে এই সুখবৰ দিয়ে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদসস্য তুলিৰাম ৰংহাঙে৷ ইতিমধ্যে কাৰ্বি স্বায়ত্ত শাসিত পৰিষদক চি আই ডি এছ আঁচনিৰ অধীনত ১০০ কোটি আবণ্টন পোৱা বুলি জানিব দিছে৷
এইলৈ কাৰ্বি আংলং স্বায়ত্ত পৰিষদে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও জানিব দিছে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে৷ বুধবাৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিভিন্ন স্থান পৰিদৰ্শন কৰি বিয়লি পৰিষদ সচিবালয়ৰ বিষয়া, কৰ্মী অভিযন্তা ডিফু মিউনিচিপালটি বৰ্ডৰ অধ্যক্ষ, ৱাৰ্ড কমিচনাৰ অনান্য বিভাগীয় বিষয়া কৰ্মীক লৈ এক আলোচনাত মিলিত হয়৷
ডিফু টাউনক চিটিলৈ পৰিৱৰ্তিত কৰাৰ বাবে চিটিখনৰ আন্ত:গাথনি আৰু সম্প্ৰসাৰৰ বাবে ল’বলগীয়া কাম-কাজ সমূহ চলিত বৰ্ষতে দ্ৰুতগতিত সমপন্ন কৰা হব বুলি জনায়৷ আঁচনিটোৰ অধীনত নলা-নৰ্দমা, ষ্ট্ৰীট লাইট, পথ নিৰ্মান, সংলগ্ন পথ, প্ৰতি ৱাৰ্ডত সৌৰ চাকি, আৰু চহৰখন প্ৰসাৰিত কৰাৰ কাৰণে আৰু যান-বাহনৰ বাবে যাতে সুব্যৱস্থা হয় তাৰ বাবে ডিফু ৰিক্ৰিয়েছন পাৰ্কৰ ওচৰত ৫০ বিঘা ভূমি লোৱা হৈছে, য'ত বাছ, ট্ৰাক আৰু অট' ষ্টেণ্ড স্থাপন কৰা হ’ব আৰু প্ৰত্যেক ৱাৰ্ডৰ পথ সমূহত ৰংচঙীয়া পেভাৰ্ট ব্লক লগোৱাৰ লগতে একোখনকৈ জিৰণি চ'ৰা নিৰ্মাণ কৰা হ’ব জানিব দিছে৷
লগতে ৱাৰ্ড সমূহত চিচি টিভি কেমেৰা স্থাপন কৰা হ’ব বুলিও কয়৷ ইতিমধ্যে ডিফু চহৰৰ ৫ টা পইণ্টত ছিগনেল লাইটৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ পৰিমান বৃদ্ধি কৰা হ’ব বুলি কয়৷ আনহাতে, বিশেষ পূঁজীৰ অধীনত যিবোৰ আঁচনি লোৱা হৈছে উক্ত আঁচনিসমূহ চলিত বছৰতে ৰূপায়ণ কৰা হ’ব বুলি কয়৷
আনহাতে, কাৰ্বি আংলঙৰ দুৰ্গম এলেকা বৰপুং তাৰাপুঙৰ দীৰ্ঘ পথছোৱা পিএমজি আঁচনিৰ অধীনত ধৰা হৈছে আৰু শীঘ্ৰে ইয়াৰ নিবিদাৰ ব্যৱস্থা কৰা হ’ব বুলি জনাইছে৷ উল্লেখযোগ্য যে, কালিৰ এই সংবাদ মেলত জিলাখনত জলসিঞ্চন বিভাগত কেলেংকাৰীৰ বাতৰিক বাৰে বাৰে অতিৰঞ্জিত কৰি আৰু উত্থাপিত কেলেংকাৰীৰ অভিযোগত তেওঁৰ পুত্ৰ কন্যাৰ নামো সাঙুৰি লোৱা কাৰ্য হাস্যকৰ আৰু ষড়যন্ত্ৰমূলক বুলি আখ্যা দিয়ে ৰংহাঙে৷
ইতিমধ্যে এই সংক্ৰান্তে দাখিল কৰা ১০৭/ ১৫ নম্বৰৰ পিআইএলৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০১৮ বৰ্ষৰ ৩০ নৱেম্বৰত তেওঁক দোষমুক্ত দি থৈছে বুলি কৈছে৷ কিছুদিন ধৰি গুৱাহাটীৰপৰা প্ৰকাশিত ব্যক্তিগত খণ্ডৰ এটা টিভি চেনেল আৰু কাকতে তুলিৰাম ৰংহাঙৰ জ্যেষ্ঠপুত্ৰৰ দিল্লীত চিকিৎসাত ব্যস্ত হৈ থকাৰ সময়ত কোনো তথ্য প্ৰমাণ নোহোৱাকৈ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে দুৰ্নীতি-কেলেংকাৰীত লিপ্ত বুলি ধাৰাবাহিক বিষ্ফোৰক বাতৰিৰ অভিযোগ খণ্ডন কৰি কয় যে তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ ভিত্তীহীন আৰু ৰাজনৈতিক ষড়যন্ত্ৰমূলক৷
তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ প্ৰমাণ কৰিব পাৰিলে তেওঁ ৰাজনৈতিক জীৱনৰপৰা সন্যাস ল’ব৷ ইয়াৰোপৰি তেওঁৰ বিৰুদ্ধে কৰা অভিযোগৰ বাবে উল্লেখিত চেনেল আৰু কাকতৰ বিৰুদ্ধে বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত ১শ কোটি টকাৰ দেওৱানী মানহানি গোছৰ তৰা বুলি সংবাদ মেলত সদৰি কৰে৷
তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সমূহৰ সত্যতা আৰু গণভিত্তি নাই বাবে নিৰ্বাচনত ৰাইজৰ আশীৰ্বাদ পাইছে৷ জিলাখনত সৰ্বদিশত উন্নয়ণ হোৱাৰ কথা সৰ্বজন বিদিত৷ জিলাখনৰ বনজ সম্পদৰ খনন কাৰ্যতো তুলিৰাম হাত থকা বুলি কোৱাটো ভিত্তীহীন বুলি কয় ৰংহাঙে৷ কাৰণ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে কাজিৰঙা আৰু জিলাখনৰ বনাঞ্চলৰপৰা খনন কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰি থৈছে৷ এইলৈ ৰেঞ্জাৰসহ ৫ গৰাকী বন বিষয়াক নিলম্বন কৰি থৈছে আৰু উক্ত নিৰ্দেশনা আজিও বলবৎ হৈ আছে বুলি কয়৷ আনহাতে, জিলাখনৰ সংবাদ মহলক জিলাখনৰ উন্নয়নৰ স্বাৰ্থত গঠনমূলক বাতৰি পৰিবেশন কৰিবলৈ আহ্বান জনায়৷