‘‘... কংগ্ৰেছ দলৰ নেতাসকল, কান খুলি শুনি লোৱা, যদি সীমা অতিক্ৰম কৰা, তেন্তে মই মোডী হওঁ, হিতে বিপৰীত হ’ব..’’

newsnextone.com | ডিজিটেল ডেস্কঃ মনমোহন সিং সহ কংগ্ৰেছৰ কেইবাগৰাকীও নেতাই ৰাষ্ট্ৰপতিলৈ লিখা চিঠিত কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰত হুৱলীত প্ৰদান কৰা প্ৰধান মন্ত্ৰীগৰাকীৰ ভাষণ সন্দৰ্ভত আপত্তি জনায়৷ 

প্ৰাক্তন প্ৰধানমন্ত্ৰী মোনমোহন সিং আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে ৰাষ্ট্ৰপতিক প্ৰেৰণ কৰা চিঠিত লিখে যে ভাৰতৰ প্ৰধানমন্ত্ৰী সংবিধানৰ বহু সন্মানজনক পদবী৷ তেওঁ কেবিনেটৰ অধ্যক্ষ হোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ কাম-কাজ চোৱাচিতা কৰে আৰু নিৰ্দেশ প্ৰদান কৰে৷ ইয়াৰ পিছত কংগ্ৰেছে প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণৰ সময়ত লোৱা শপতৰ বিষয়েও উল্লেখ কৰে৷ 

কংগ্ৰেছৰ নেতাসকলে কয় যে, পূৰ্বৰ সকলো প্ৰধানমন্ত্ৰীয়ে ৰাজহুৱা তথা ব্যক্তিগত অনুষ্ঠানত প্ৰধানমন্ত্ৰী পদৰ গৰিমা আৰু শিষ্টাচাৰ বৰ্তাই ৰাখিবলৈ সক্ষম হৈছিল৷ কিন্তু বৰ্তমান আমাৰ দেশৰ গণতান্ত্ৰিক ধাৰাত এয়া চিন্তা কৰিবলৈও আচৰিত লাগে যে এগৰাকী প্ৰধানমন্ত্ৰীয়ে ৰাজহুৱা স্থানত ধমকি আৰু ভয় খুৱাব বিচৰা ধৰণৰ ভাষা ব্যৱহাৰ কৰিব পাৰে আৰু ৰাজহুৱা স্থানত বিৰোধী দলৰ নেতা আৰু কৰ্মীক ৰাজহুৱা ভাৱে সতৰ্কবাণী শুনাব পৰা হৈছে৷

ইয়াৰ পিছতেই কংগ্ৰছে পত্ৰত কৰ্ণাটকৰ হুৱলীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰদান কৰা ভাষণৰ কিয়দাংশ উল্লেখ কৰে৷ মোডীয়ে ৬ মে’ত হুৱলীত নিৰ্বাচনী ভাষণত কৈছিল, ‘‘... কংগ্ৰেছ দলৰ নেতাসকল, কান খুলি শুনি লোৱা, যদি সীমা অতিক্ৰম কৰা, তেন্তে মই মোডী হওঁ, হিতে বিপৰীত হ’ব..’’

কংগ্ৰেছে প্ৰধানমন্ত্ৰীৰ এই মন্তব্যৰ আপত্তি জনাই কয় যে, এগৰাকী প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা এনে মন্তব্য নিন্দনীয়৷ এয়া এখন জনসংখ্যাবহুল সংবিধানিক আৰু গণতান্ত্ৰিক দেশৰ প্ৰধানমন্ত্ৰীৰ মুখৰ ভাষা হোৱাটো অনুচিত৷ এনে ধৰণৰ কথা ব্যক্তিগতই হওক বা ৰাজহুৱা স্থানত, ক’তো প্ৰকাশ কৰিব নালাগে৷ এনে ধৰণৰ মন্তব্য কেৱল কাৰোৱাক ভয় খুৱাবলৈ বা ধমক দিবলৈ ব্যৱহাৰ কৰিব পাৰি৷ এনে মন্তব্যই দেশৰ শান্তি বিঘ্নিত কৰে৷ কংগ্ৰেছে এনে ধৰণৰ মন্তব্যত ভয় নাখায় বুলিও পত্ৰত উল্লেখ কৰে৷

কংগ্ৰেছ নেতাই ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ কৰি ৰাষ্ট্ৰপতিক প্ৰধানমন্ত্ৰীৰ মন্তব্য সন্দৰ্ভত বিচাৰ কৰিবলৈ আহ্বান জনায়৷ তেওঁলোকে পত্ৰত লিখে, ‘‘সংবিধানৰ প্ৰধান হোৱা বাবে প্ৰধানমন্ত্ৰী আৰু কেবিনেটক সঠিক পথ প্ৰদৰ্শন কৰাটো আপোনাৰ কৰ্তব্য৷ লগতে প্ৰধানমন্ত্ৰী পদ আৰু ক্ষমতাৰ প্ৰয়োগ ব্যক্তিগত আৰু ৰাজনৈতিক ক্ষেত্ৰত নকৰিবলৈ আপুনি নিৰ্দেশ দিব পাৰে৷’’ প্ৰধানমন্ত্ৰী পদৰ বাবে নৰেন্দ্ৰ মোডী উচিত ব্যক্তি নহয় বুলিও দাবী কৰে কংগ্ৰেছ নেতাসকলে৷ 

ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা পত্ৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী মোনমোহন সিং, মল্লিকাৰ্জুন, পী চিদাম্বৰম, অশোক গোহলট, অহমদ পেটেল আদিৰ সৈতে কেইবাগৰাকীও কংগ্ৰেছৰ জ্যেষ্ঠ নেতাই হস্তাক্ষৰ কৰে৷