গুৱাহাটীঃ সচিবালয়ত দেহ বিক্ৰী কৰে বিজেপি বিধায়িকাই। ৩ ঘণ্টাত আদায় লয় ১ লাখকৈ। ফেচবুকত উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ। কোনো সাধাৰণ লোকে নহয়, এই অভিযোগ উত্থাপন কৰিছে স্বয়ং আৰক্ষী বিষয়াই।

আৰক্ষী বিষয়াজনে নিজৰ ফেচবুক টাইমলাইনত এটি পোষ্টৰ জৰিয়তে উত্থাপন কৰিছে এই অভিযোগ। 'জয় শ্ৰী ৰাম, জয় হিন্দুভূমি' বাক্যাংশৰে সামৰণি মৰা পোষ্টটোত উল্লেখ কৰা মতে, নিজ কাৰ্যালয়ৰ কোঠাত হেনো বিজেপিৰ এগৰাকী বিধায়িকাই এনে ঘৃণনীয় কাৰ্য কৰি আহিছে। বিধায়িকাগৰাকীয়ে ইয়াক ব্যৱসায় হিচাপে লৈ অহা বুলিও পোষ্টটোত উল্লেখ কৰিছে অঞ্জন বৰা নামৰ বিতৰ্কিত আৰক্ষী বিষয়াজনে।

পোষ্টটোত আৰক্ষী বিষয়া বৰাই কোনগৰাকী বিধায়িকাই এনে কাম কৰিছে সেয়া উল্লেখ কৰা নাই যদিও চক্ৰৱৰ্তী উপাধিধাৰী বিধায়িকাগৰাকী এনে কামৰ লগত জড়িত নহয় বুলি স্পষ্টকৈ মন্তব্য কৰিছে। এই সন্দৰ্ভত নিউজ নেক্সট ৱানৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত আৰক্ষী বিষয়াজনে কয় যে নিজৰ পোষ্টটোৰ দাবী সন্দৰ্ভত তেওঁ নিশ্চিত।

♦ সচিবালয়ত পতিতালয় থকাৰ কথা ক'লে আৰক্ষীয়ে

♦ প্ৰমাণ নিশ্চয় থাকিব লাগিবঃ অঞ্জন বৰা

♦ আৰক্ষীৰ এটি ফেচবুক পোষ্টক লৈ ৰাজ্যজুৰি চাঞ্চল্য

পোষ্টটোত কোনগৰাকী বিধায়িকাৰ কথা কোৱা হৈছে বুলি সোধা প্ৰশ্নৰ উত্তৰত বৰাই আওপকীয়াকৈ কয় যে এই সম্পৰ্কে তেওঁ পোষ্টটোতে উল্লেখ কৰিছে। বিধায়িকাগৰাকী চক্ৰৱৰ্তী উপাধিধাৰী পৰিয়ালৰ নহয় বুলি কৈ আৰক্ষী বিষয়াজনে নিউজ নেক্সট ৱানক জনায় যে ৰাইজে বাকীখিনি বুজি ল’লেই হ’ল।

'এইবিলাক বস্তুৰ তেনেকুৱা প্ৰুফ নাথাকে। কিন্তু মই ডাঠি ক’ব পাৰো যে এয়া ১০০ পাৰচেণ্ট কাৰেক্ট। বেয়া নাপাব, কোন মই নকওঁ। পোষ্টটোতে মই উল্লেখ কৰি দিছো যে বিধায়িকাগৰাকী চক্ৰৱৰ্তী উপাধিৰ নহয়। গতিকে আপোনালোকে তাৰ পৰাই অনুমান কৰি ল’ব।’- নিউজ নেক্সট ৱানক এইদৰে কয় আৰক্ষী বিষয়াজনে।

পোষ্টটোক লৈ তেওঁৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা ল’লে কি উত্তৰ দিব বুলি সোধাত আৰক্ষী বিষয়াজনে কয় যে যিহেতু পোষ্টটোত কাৰো নাম উল্লেখ কৰা হোৱা নাই গতিকে ব্যৱস্থা গ্ৰহণৰ কথা আহিবই নোৱাৰে। 'ডিপাৰ্টমেণ্টেল একশ্যন হ’লে ফেচ কৰিম। প্ৰুফ নিশ্চয় থাকিব লাগিব। কিন্তু এইবিলাক বস্তুৰ প্ৰুফ নাথাকে। মই কাৰো নাম তাত উল্লেখ কৰা নাই। তাত যি লিখিছো দেখিছেই। কেৱল এটা কথাই লিখিছো। নহ’লে বিজয়া চক্ৰৱৰ্তী বাইদেউৱে বেয়া পাব পাৰেতো। সেয়ে লিখি দিছো বিধায়িকাগৰাকী কিন্তু চক্ৰৱৰ্তী টাইটেলৰ নহয়।’’-সঁচা কথা ক’বলৈ ভয় নকৰে বুলি উল্লেখ কৰি বৰ্তমান কাৰ্বি আংলঙত ২৫ এপিবিএনৰ এছিটেণ্ট কমাণ্ডেণ্ট হিচাপে কৰ্তব্যৰত আৰক্ষী বিষয়াজনে এইদৰে কয়।

বিধায়িকাগৰাকীৰ নাম উল্লেখ নকৰিলেও যিহেতু শাসকীয় দলৰ কথা উল্লেখ কৰিছে গতিকে সমস্যা হ’লে কি কৰিব বুলি সোধাত তেওঁ কয় যে ইমানকৈ মূৰ ঘমোৱা মানুহ তেওঁ নহয়। 'ৰুলিং পাৰ্টিটো সবেই কৰে। আগতে কংগ্ৰেছ আছিল। এইবাৰ বিজেপি। এই যে কংগ্ৰেছৰো বিধায়িকা এগৰাকী আছিল যে, বৰাকৰ। নাম কি আছিল বা তাইৰ। কিমান কেলেংকাৰী গ’ল দেখোন তাইৰ।’- বৰাই কয়।

•পঢ়িব পাৰে এই বাতৰিটোঃ আখৰ ভাল নহ'লে সভালৈ নাযায় বিধায়িকা আঙুৰলতা

ফেচবুকৰ উক্ত পোষ্টটোৰ বাবে তেওঁক আৰক্ষী হেডকোৱাৰ্টাৰলৈ মাতিছে নেকি বুলি সোধাত কয় যে কিছু সময় পূৰ্বে তেওঁ ডিজিপিৰ কাৰ্যালয়ৰ পৰা আহিছে। 'আপোনালোকে ফোন কৰাৰ অলপ আগতে মই ডিজিপি ছাৰক লগ কৰি আহিলো। তেওঁ মোক বেয়াকৈ একো কথা কোৱা নাই। কেৱল কৈছে যে কোনোবাই ফোন কৰি হেনো তেওঁক কৈছে যে আৰক্ষী বিষয়াৰ দৰে দায়িত্বত থাকি কেনেকৈ এনেধৰণৰ কথা লিখিব পাৰে।’- ডিজিপিয়ে তেওঁক ডেম কেয়াৰ অফিছাৰ আখ্যা দিয়া বুলি উল্লেখ কৰি এইদৰে কয় বিতৰ্কিত অঞ্জন বৰাই। আৰক্ষী বিষয়াজনে আৰু কয় যে সৰুৰে পৰা তেওঁ স্পষ্টবাদী। স্পষ্টবাদীতাৰ বাবে যদি জেইললৈ যাব লাগে তেন্তে তেওঁ জেইললৈ যাবলৈ সাজু আছে বুলিও নিউজ নেক্সট ৱানৰ আগত সদৰী কৰে।

উল্লেখ্য যে কংগ্ৰেছ চৰকাৰৰ শাসনকালতো ফেচবুকত উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰি চাকৰিৰ পৰা নিলম্বিত হৈছিল অঞ্জন বৰা। সেই সময়ত বাগছা জিলাত উপ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আছিল বৰা।

ইফালে মঙলবাৰে বিয়লি প্ৰায় ৫ বজাত আপডেট দিয়া এই পোষ্টটোক লৈ ৰাজ্যৰ ৰাজনৈতিক মহলত সৃষ্টি হৈছে তীব্ৰ জোকাৰণিৰ। পোষ্টটোত বিধায়িকাগৰাকী চক্ৰৱৰ্তী নহয় বুলি উল্লেখ কৰি দিয়াত আৰু শাসকীয় দলটোত মাত্ৰ দুগৰাকীহে মহিলা বিধায়ক থকালৈ চাই বহুতেই এতিয়া বিতৰ্কিত আৰক্ষী বিষয়াজনে কাৰ কথা কৈছে সেই বিষয়ে স্পষ্ট ধাৰণা কৰি লোৱা দেখা গৈছে। বিৰোধী দলসমূহে এই লৈ এতিয়াও সৰৱ হৈ উঠা নাই যদিও ভিতৰি ভিতৰি বিষয়টোক লৈ ব্যাপক চৰ্চা চলাৰ খবৰ পোৱা গৈছে। 

আনহাতে, মধ্য অসমৰ শাসকীয় দলৰ এগৰাকী বিধায়িকাৰ শত্ৰু সদৃশ একাংশ লোকে ছ’চিয়েল মিডিয়াত আন ধৰণৰ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। যি সময়ত ফেচবুক পোষ্টৰ বাবে কেবাজনো লোক গ্ৰেপ্তাৰ হ’বলগীয়া হৈছে সেই সময়ত এগৰাকী আৰক্ষী বিষয়াৰ এনে বিতৰ্কিত পোষ্টে  ৰাজ্যখনৰ ছ’চিয়েল মিডিয়াৰ ক্ষেত্ৰখনক কোন দিশে লৈ যায় সেয়া সময়হে ক’ব বুলিও মন্তব্য কৰিছে বহুতে।