গুৱাহাটীঃ বিতৰ্ক আৰু তেজপুৰৰ সাংসদ আৰ পি শৰ্মা যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি৷ বিজেপিৰ বিতৰ্কিত সাংসদ আৰ পি শৰ্মাই আছুক মেনেজ কৰি অবৈধ হিন্দু নাগৰিকক অসমত সংস্থাপন কৰিম বুলি কৈ সৃষ্টি কৰা বিতৰ্কৰ পিছত এইবাৰ ফেচবুক যোগে এক নতুন বিতৰ্কৰ সূচনা কৰে৷
এইবাৰ দেশক ৫ কোটি বাংলাদেশী থকা বুলি আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰীক আক্ৰমণ কৰি বাংলাদেশীক প্ৰৱেশত অনুপ্ৰেৰণা যোগায় বুলি ফেচবুকত পোষ্ট দিয়ে৷ বিতৰ্কই লগ নেৰা সাংসদ আৰপিয়ে মমতা বেনাৰ্জীয়ে পশ্চিম বংগত বাংলাদেশীক অনুপ্ৰৱেশত প্ৰেৰণা যোগাইছে বুলি কৈ নতুন বিতৰ্কৰ সৃষ্টি কৰে৷
"NRC should be made applicable all over India with, 25th March, 1971 as cut off date, so that the Bangladeshis found to be foreigners in Assam don't get opportunity to settle in other states of our country. There are about five crore Bangladeshis in India. In Bengal Mamata didi is encouraging infiltration of Bangladeshis as a vote bank politics. Bangladeshis are threat to our country."
আনহাতে একেটা ফেচবুক পোষ্ট যোগে সমগ্ৰ দেশতেই এনআৰচিৰ ভিত্তিবৰ্ষ ১৯৭১ চনৰ ২৫ মাৰ্চ হ’ব লাগে মতপোষণ কৰে সাংসদগৰাকীয়ে।
অসমত চিনাক্ত হোৱা বহিদেশী যাতে আন ৰাজ্যলৈ যাব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় সাংসদগৰাকীয়ে৷ ভাৰতত ৫ কোটি বাংলাদেশী আছে বুলি কৈ পশ্চিম বংগত বাংলাদেশীক প্ৰৱেশ কৰা পশ্চিং বংগৰ মুখ্যমন্ত্ৰীয়ে প্ৰেৰণা যোগোৱা বুলিও কয়।
বাংলাদেশী দেশৰ বাবে ভাবুকি বুলি কৈ ভোটবেংকৰ বাবে বাংলাদেশীক প্ৰৱেশত মমতাই অনুপ্ৰেৰণা যোগায় বুলিও কয় সাংসদ শৰ্মাই৷
সোমবাৰে নিজৰ ফেচবুকত দিয়া এই পোষ্টটো বহু লোকে চেয়াৰ কৰাৰ লগতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।