newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত অৱশেষত আদালতে আস্থা ভোট অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিলে৷ সংখ্যাগৰিষ্ঠতা দেখুৱাৰ নিৰ্দেশ দিলে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীক৷ বিজেপি নেতা বিএছ য়েদুয়াৰাপ্পা কৰ্ণাটকৰ মুখ্যমন্ত্ৰী গৈ থাকিব নে নাই সেই সিদ্ধান্ত আস্থা ভোটে নিৰ্ণয় কৰিব শনিবাৰে৷ দেশৰ শীৰ্ষ আদালতে আস্থা ভোট অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়ে৷
আনহাতে বিজেপিৰ অধিবক্তা মুকুল ৰোহটগীয়ে কাইলৈৰ ফ্ল'ৰ টেষ্টৰ বিৰোধীতা কৰিছে। ৰোহটগীৰ মতে দলক অধিক সময়ৰ প্ৰয়োজন। ইফালে ৰাজ্যপালে এংগ্লো-ইণ্ডিয়ান মূলৰ বিধায়ক এজনক বিধানসভালৈ মনোনীত কৰাৰ ৰাজ্যপালৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই কংগ্ৰেছ-জেডিএছ তৰা আবেদন উচ্চতম ন্যায়ালয় খাৰিজ কৰে।
বুধবাৰে সমগ্ৰ নিশা আদালতত শুনানি অনুষ্ঠিত হোৱাৰ অন্তত শুকুৰবাৰে পুনৰ শুনানিৰ দিন ধাৰ্য কৰিছিল আদালতে। বি এছ য়েদুয়াৰাপ্পাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতে কংগ্ৰেছ আৰু জেডিএছৰ আবেদনৰ পিছতে ন্যায়াধীশ একে চিকৰী, এছকে বাবদে আৰু অশোক ভূষণৰ বেঞ্চে শুনানি অনুষ্ঠিত কৰিছিল৷ কংগ্ৰেছ আৰু জেডিএছে ৰাজ্যপালৰ নিৰ্দেশৰ বিৰুদ্ধে আদালতলৈ গৈছিল৷
কৰ্ণাটকৰ ৰাজ্যপাল ভেজুভাই বালাই বৃহস্পতিবাৰে বিজেপি নেতা বিএছ য়েদুয়াৰাপ্পাক কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰাই৷ তাৰ পিছতে ৰাজনৈতিক ক্ষেত্ৰত যেন ভূমিকম্পহে আহে৷ তাৰ লগে লগে মুখ্যমন্ত্ৰী য়েদুয়াৰাপ্পাই শুকুৰবাৰে পুৱাই তেওঁৰ সৈতে সংখ্যাগৰিষ্ঠতা প্ৰতিপন্ন কৰিব পৰাকৈ বিধায়ক আছে নে নাই সেয়া প্ৰতিপন্ন কৰিব লাগিছিল উচ্চতম ন্যায়ালয়ত৷ কিন্তু তেওঁ প্ৰতিপন্ন কৰিব নোৱাৰিলে৷
ন্যায়াধীশ একে চিকৰী, এছকে বাবদে আৰু অশোক ভূষণৰ বেঞ্চে নিৰ্দেশ দি কৈছিল যে বিজেপিয়ে কৰ্ণাটকত চৰকাৰ গঠনৰ বাবে দাবী কৰিবৰ বাবে যিসকল বিধায়কৰ সনমৰ্থন থকা বুলি দেখুৱাইছিল তেনেদৰে সমৰ্থন থকা বুলি আদালতত উপস্থাপন কৰক৷ এটৰ্ণী জেনেৰেল, মুখ্যমন্ত্ৰী য়েদুয়াৰাপ্পা আৰু ৰাজ্যপালক এই নিৰ্দেশ দিছিল আৰু শুকুৰবাৰে আদালতত শুনানি অনুষ্ঠিত হৈছে৷
য়েদুয়াৰাপ্পাই মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পূৰ্বে পিছতে উচ্চতম ন্যায়ালয়ত গোটেই নিশা শুনানি অনুষ্ঠিত হয়৷ আদালতে দিয়া নিৰ্দেশ মতে শুকুৰবাৰে আদালত খোলাৰ লগে লগে য়েদুয়াৰাপ্পাই সমৰ্থন থকা বিধায়কসকলৰ তালিকা আদালতক দিয়ক৷ দেশত ইতিহাস ৰচনা কৰি মাজনিশা আদালত অনুষ্ঠিত হয়৷ সেয়াও ৰাজনৈতিক অৰিয়া অৰিৰ বাবে আদালত আৰম্ভ কৰিব লগা হয়৷
উল্লেখ্য যে, সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত বিজেপিৰ মুখ্যমন্ত্ৰীৰ পদৰ প্ৰাৰ্থী য়েদুয়াৰাপ্পাই বৃহস্পতিবাৰে পুৱাই ৯.৩০ বজাত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত লয়৷ ৰাজ্যপাল ভেজুভাই বালাই বুধবাৰে সন্ধিয়া বিজেপিৰ বিধায়িনী দলৰ নেতা য়েদুয়াৰাপ্পাক পত্ৰ প্ৰেৰণ কৰে৷ বুধবাৰে সন্ধিয়া ৰাজ্যপালে ভেজুভাই বালাই প্ৰাক্তন এটৰ্ণি জেনেৰেল মুকুল ৰোহটগীৰ সৈতে আলোচনাত মিলিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে৷
ইমানে নহয় সংখ্যাৰ দিশত বৃহৎ দল বিজেপিক সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে ১০ দিনৰ সময় প্ৰদান কৰে ৰাজ্যপালে৷ ১০ দিনৰ ভিতৰত আস্থা ভোটত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব ১০৪ খন আসন থকা বিজেপি দলে৷
আনহাতে মিত্ৰজোঁট গঢ়ি ১১৬ আসনেৰে হুংকাৰ দি জেডিএছৰ মুৰব্বী কুমাৰস্বামী আৰু কংগ্ৰেছে আদালতৰ ওচৰ চাপিছিল৷ বিজেপিৰ বিৰুদ্ধে ধৰ্ণা প্ৰদৰ্শন কৰাৰ লগতে জেডিএছৰ মুৰব্বী কুমাৰস্বামীয়ে তেওঁলোকৰ বিধায়কক ৩ কোটি, ৫ কোটি, ১০০ কোটি দৰ দিয়া বুলি অভিযোগ উত্থাপন কৰে৷
কংগ্ৰেছ আৰু জেডিএছৰ মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠ হোৱাৰ পিছতো ৰাজ্যপালে কুমাৰস্বামীক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত নোলোৱাত ক্ষোভিত হৈ পৰিছে কংগ্ৰেছ-জেডিএছ৷