BBC
BBC

দলংঘাটঃ দৰং জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত চলি থকা ৩৮ সংখ্যক অম্বা মেধি ফুটবল প্ৰতিযোগিতাত আজি চাডেন ডেথৰ সহায়ত কবিৰালি ফুটবল ক্লাবে কামৰূপ এফ চিক ৭-৬ গলৰ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়।

খেলখনৰ নিৰ্ধাৰিত সময়লৈ ২-২ গলত সমতা স্থাপন কৰি অ-মিমাংসিত হৈ থকাত চাডেন ডেথৰ সহায়ত খেলখনৰ ৰিজাল্ট উলিয়াবলৈ সক্ষম হয়। চাডেন ডেথৰ সহায়ত বিজয় সূচক স্কৰটো কৰে কবিৰালিৰ দ্বীপেন ৰাভাই।