শ্ৰীলংকাঃ শ্ৰীলংকাৰ তামিল বিদ্ৰোহী সংগঠন এলটিটিইৰ প্ৰাক্তন সদস্যই মন মেলিছে ৰাজনীতিৰ। মূলধাৰাৰ ৰাজনৈতিক দলসমূহে সততে জনসাধাৰণৰ ইচ্ছা-আকাংক্ষা পুৰণ কৰাত সততাৰ অভাৱ দেখুৱাই অহাৰ অভিযোগ কৰি সেই অভাৱ পুৰণ কৰাৰ বাবে ৰাজনৈতিক ক্ষেত্ৰখনত একগোট হৈ ভৰি থৈছে সংগঠনটোৰ ভালেকেইজন প্ৰাক্তন সদস্যই।

শ্ৰীলংকাৰ পূৰ্বাঞ্চলৰ উপকূলীয় জিলা ত্ৰিংকোমালীত গঠিত ৰাজনৈতিক দলটোৰ নাম হৈছে 'ৰিহেবিলিটেটেড ইউনাইটেড লিবাৰেশ্যন টাইগাৰ্চ ফ্ৰণ্ট’।

এলটিটিইৰ এসময়ৰ সুদক্ষ গোপন শাখাৰ কেডাৰ কন্দস্বামী ইন্দাৰাসায়ে দলটোৰ দায়িত্ব গ্ৰহণ কৰি কয় যে মূল ধাৰাৰ ৰাজনৈতিক দলৰপৰা জনসাধাৰণে আশাহত হৈছে।

'তামিলসকলৰ মৌলিক সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত এই দলবোৰ সদায় বিফল হৈছে’- এই মন্তব্য ইন্দাৰাসাৰ। সেয়েহে জনসাধাৰণক বিকল্প দিয়াৰ স্বাৰ্থতে ৰাজনৈতিক ক্ষেত্ৰখনত যুঁজ দিয়াৰ পণ লৈছে দলটোৱে।