ডিজিটেল ডেস্কঃ তেঁওৰ বাবে এই দিনটো বিশেষ। দেৱতা সদৃশ মানুহজনৰ জন্মদিন বুলিয়েই এই দিনটো তেওঁৰ বাবে তাৎপৰ্যপূৰ্ণ। গেলাৰীত ভাৰতৰ জাতীয় পতাকাৰ ৰঙেৰে নিজকে সজাই হাতত ত্ৰিৰংগা লৈ তেওঁ নৃত্য কৰিছে, চিৎকাৰ কৰিছে, উৎসাহ যোগাইছে। এই দৃশ্য দেখা গৈছে একাধিকবাৰ। শৰীৰত লিখি লৈছে 'মিছ ইউ তেণ্ডুলকাৰ’। এতিয়াও তেওঁ তেওঁৰ ঈশ্বৰক তেনেদৰেই মিছ কৰি আহিছে। তেওঁ হৈছে সুধীৰ গৌতম। ক্ৰিকেট মহলত যাৰ নাম প্ৰতিজন সমৰ্থকৰ মুখে মুখে, সেইজনেই শচীন ভক্ত সুধীৰ। আজি শচীন তেণ্ডুলকাৰৰ ৪৪ সংখ্যাক জন্মদিন। সোমবাৰে বিহাৰৰ পৰা মুম্বাইত ভৰি থৈয়েই পোনে পোনে তেওঁ ৰাওনা হয় শচীনৰ কাষলৈ। শচীনৰ জন্মদিনক লৈ হেনো এইবাৰ সুধীৰৰ আছে বিশেষ পৰিকল্পনা। 

প্ৰতিবছৰৰ আৰম্ভণিতেই শচীনৰ জন্মদিনটোত দাগ দি ৰাখে সুধীৰে। ব্যতিক্ৰম নহ’ল এইবাৰো। সুধীৰে কৈ গৈছে, '’মই দেওবাৰে, ট্ৰেইনেৰে আহিছো। আজি ২৪ এপ্ৰিলৰ পুৱাতেই মুম্বাই পালো। মই শচীনৰ বাবে এটি বুকে সজাই আনিছো। হায়দৰাবাদৰ মোৰ এজন বন্ধুৰ ওচৰত আছিল সেইটো। মোৰ ইমান পছন্দ হ’ল যে সেইটো কাকুতি-মিনতি কৰি লৈ আহিলো। তাৰ সৈতে মই কিছু বস্তু সংযোগ কৰিছো।’’ অলপ ৰৈ আকৌ উৎসাহেৰে তেওঁ কৈ গৈছে, ’'এই বুকেত মই শচীনৰ শৈশৱকালৰ পৰা এতিয়া পৰ্যন্ত ভিন্ন মুহূৰ্তৰ ছবি লগাইছো। এই সকলোবোৰ ছবিয়েই হৈছে শচীনৰ সৈতে মোৰ স্মৃতি। শচীনৰ বাবে কি উপহাৰ আনিম, সেয়া বহুদিন ধৰি ভবাৰ পিছত এইটোৱেই ঠিক হ’ব বুলি মনে ক’লে।’’

সুধীৰে আৰু কয় যে শচীনৰ জন্মদিনটো তেওঁক তেনেদৰেই দেখা যাব, যিদৰে দেখা গৈছিল ভাৰতৰ প্ৰতিখন মেচৰ সময়ত। 'মই মোৰ মুখ আৰু শৰীৰ ৰঙীণ কৰি তুলিছো। মুম্বাইত মোৰ এজন বন্ধু আছে, তেওঁ মোক সহায় কৰিছে। প্ৰতিবছৰেই শচীনৰ জন্মদিনত মই এনেকৈয়ে নিজকে ৰঙীণ কৰি সজাই যাম। সুযোগ পালে শচীনক দেখা কৰিম। নোৱাৰিলে দূৰৈৰ পৰাই চাম। যদি শচীনৰ ঘৰত প্ৰৱেশৰ অনুমতি পাও তেন্তে ভিতৰলৈ যাম, তেওঁৰ চৰণ চুই সেৱা জনাম। তাৰ পিছত শচীনৰ সৈতে পুণে আৰু মুম্বাইৰ খেল চাবলৈ শচীনৰ সৈতে একেলগে যাম।’-পুৱাৰ ভাগত সাংবাদিকৰ আগত এইদৰে কয় শচীন অনুৰাগীজনে।

শচীনৰ ৪৪ সংখ্যাক জন্মদিনত তেওঁ ব্যক্তিগত জীৱনৰ বিষয়েও কিছু কথা ৰাজহুৱা কৰে। সুধীৰে কয় যে শচীনৰ প্ৰতিখন মেচ চাবৰ বাবে তেওঁ চাকৰি বাদ দিছে। ''এতিয়া মোৰ চাকৰি নাই। শচীনৰ খেল চাবৰ বাবেই মই চাকৰি বাদ দিছো। পৰীক্ষা নিদিয়াকৈও মই শচীনৰ খেল চাইছো। পৰীক্ষা পিছতো দিব পাৰিম। কিন্তু শচীনৰ খেলৰ জীৱন্ত মুহূৰ্ত পিছত উপভোগ কৰিব নোৱাৰিম। শচীনক চাবলৈ গৈ আৰক্ষীৰ কোবো খাইছিলো। কিন্তু সেইবোৰে মোক বিচলিত নকৰে। শচীন ছাৰে এতিয়া মোক জানে, মোক চিনি পায়। মোৰ সুখ-দুখৰ সমভাগী হয়। ইয়াতকৈ মোক লাগেনো কি?’’-সুধীৰৰ উৎসাহভৰা মন্তব্য। শচীনৰ খেল উপভোগৰ ক্ষেত্ৰত দেশৰ ভিন্ন প্ৰান্তৰ বন্ধুবৰ্গই সহায় আগবঢ়াই অহাৰ কথাও সদৰী কৰে সুধীৰে। আজিৰ বিশেষ দিনটোত শচীনক প্ৰথমবাৰৰ বাবে লগ পোৱা মুহূৰ্তবোৰৰ বিষয়েও স্মৰণ কৰি নষ্টালজিক হৈ পৰে একনিষ্ঠ অনুৰাগীজন।