ডিজিটেল ৰিপ'ৰ্টঃ গুগল মেপছ। এতিয়া আৰু কোনেও অচিনাকি ঠাইলৈ গৈও বিপদত পৰিব নালাগে, যদিহে হাতত এটা স্মাৰ্ট ফোন আৰু ইণ্টাৰনেট সংযোগ থাকে। বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে আমাৰ দেশতো অধিক জনপ্ৰিয় হৈ পৰিছে গুগলৰ এই মেপ ফিচাৰ। এপ বেছড কেব ছাৰ্ভিছৰ আগমন ঘটাৰ লগে লগে এই গুগল মেপৰ ব্যৱহাৰ যোৱা দুবছৰত পূৰ্বতকৈ কেবাগুণে বৃদ্ধি পাইছে। 

ভাৰতত মেপ ফিচাৰৰ এনে জনপ্ৰিয়তালৈ চাই শেহতীয়াকৈ গুগলে কেবাখনো চহৰত স্থানীয় ভাষা সংযোজনেৰে গুগল মেপছক দ্বিভাষিক কৰি তুলিছে। এই অনুযায়ী তামিলানাডুত 'বাই ডিফল্ট’ গুগল মেপছত ঠাইসমূহৰ নাম ইংৰাজীৰ লগতে তামিল ভাষাত দেখিবলৈ পোৱা গৈছে। একেদৰে গুজৰাটত ইংৰাজীৰ লগতে গুজৰাটী, উত্তৰ ভাৰতত ইংৰাজীৰ লগতে হিন্দী আৰু পশ্চিম বংগত ইংৰাজীৰ লগতে বাংলা ভাষাত ঠাইসমূহৰ নাম জিলিকি উঠিছে।

অসমতো গুগল মেপছে লৈছে দ্বিভাষিক ৰূপ। কিন্তু এই দ্বিভাষিক ৰূপে এতিয়া সকলোৰে চকু কপালত তুলিছে। কোনো এখন ঠাইৰ নামত যদি বাংলা 'র’ ব্যৱহাৰ কৰা হৈছে আন কোনো ঠাইত আকৌ বাংলা উচ্চাৰণৰ আৰ্হিত বানান লিখি ব্যৱহাৰ কৰা হৈছে অসমীয়া 'ৰ’। মুঠৰ ওপৰত দ্বিভাষিকৰ পৰিৱৰ্তে গুগল মেপছ অসমত হৈ পৰিছে ত্ৰিভাষিক। এই তিনিটা ভাষা হৈছে ইংৰাজী, অসমীয়া আৰু বাংলা। 

আশ্বৰ্যজনকভাৱে অসমৰ ভাষা অসমীয়া হোৱা সত্বেও গুগল মেপছত অসমত ব্যৱহাৰ কৰা হৈছে সম্পূৰ্ণ বাংলা ভাষা। কেইখনমান ঠাইৰ নামৰ বাদে অধিকাংশ ঠাইৰ নাম বাংলা লিপিত দেখা গৈছে। অসমীয়া 'ৰ’ৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিছে বাংলা 'র’। বৰ্ণ বিন্যাসো বাংলা আৰ্হিত কৰা দেখা গৈছে। যোৰহাট, মৰিগাঁও, গুৱাহাটী, বৰপেটাকে আদি কৰি মাত্ৰ কেইখনমান ঠাইৰ নাম শুদ্ধ হোৱাৰ বিপৰীতে গুগল মেপছত অসমৰ অধিকাংশ ঠাইৰ নামেই ভুলকৈ লিখা দেখা গৈছে। 

উদাহৰণ হিচাপে 'কামপুৰ’ক কোৱা হৈছে 'কম্পুর’, 'ওদালগুৰি’ক কোৱা হৈছে 'উদ্যালগুরি’, 'সৰুপেটা’ক কোৱা হৈছে 'সাড়পেটা’, 'তিতাবৰ’ হৈছে 'তিতাবর’, 'নুমুলীগড়’ হৈছে 'নুমালিগড়’, ঐতিহাসিক 'গড়গাঁও’ হৈ পৰিছে 'গাৰ্হগণ’। একেদৰে 'টিংখাং’ক 'শিংখং’, 'নাহৰকটীয়া’ক 'নাহারকটীয়া’, 'জোনাই’ক 'জানাই’, 'গহপুৰ’ক 'গোহপুৰ’ 'বিহালী’ক 'বেহালী’, 'বিশ্বনাথ চাৰিআলি’ক 'বিশ্বনাথ চারালি’ বুলি গুগল মেপছত উল্লেখ কৰা হৈছে। আনহাতে 'ৰৌতা' গুগল মেপছত হৈ পৰিছে 'রোবট'। আকৌ 'গোৱালপাৰা’ক বাংলা ভাষাত লিখাৰ দৰে 'গোয়ালপাড়া’ লিখিছে গুগল মেপছে। আনকি ৰাজ্যখনৰ ৰাজধানী দিছপুৰ গুগলৰ দৃষ্টিত হৈ পৰিছে  'ডিসপুর'।

ফলত অসমত গুগল মেপছ যে দ্বিভাষিকৰ পৰিৱৰ্তে ত্ৰিভাষিক হৈ পৰিছে সেয়া এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে। এই সন্দৰ্ভত News Next Oneৰ পৰা প্ৰেৰণ কৰা এক ই-মেইলৰ প্ৰত্যুত্তৰত গুগলে বিষয়টো গুৰুত্বসহকাৰে লোৱা বুলি জানিবলৈ দিছে। কি কাৰণত এনে হ’বলৈ পালে সেই সম্পৰ্কে সবিশেষ জনাব বুলিও তাৎক্ষণিক পত্ৰখনত উল্লেখ কৰিছে গুগলে।

উল্লেখ্য যে মাইক্ৰ’ছফট, ফেচবুক আদিয়ে অসমীয়া ভাষাক মান্যতা প্ৰদান কৰিছে যদিও এতিয়ালৈ গুগলত সুকীয়াকৈ সম্পূৰ্ণ ৰূপত সংযোজিত হোৱা নাই অসমীয়া ভাষা। এই ক্ষেত্ৰত ইউনিকোড কনছৰ্টিয়ামলৈ ১৯৯১ চনতে ভাৰত চৰকাৰে অসমীয়া ভাষাক বাংলা ভাষাৰ শাখা বুলি দিয়া তথ্যৰ বাবেই আজিও ডিজিটেলৰ ক্ষেত্ৰখনত অসমীয়া ভাষা অৱহেলিত হৈ আহিছে বুলি অনুমান কৰা হৈছে। বাকী কেইটা ভাষাত থকাৰ দৰে অসমীয়া ভাষাত পৰ্যাপ্ত পৰিমাণে ৱেবছাইটৰ অভাৱৰ বাবেও গুগলে ছাৰ্চ ইঞ্জিনত এতিয়াও অসমীয়া ভাষাক গুৰুত্ব প্ৰদান কৰিবলৈ বাধ্য হৈ পৰা নাই। 

অসমৰ সংবাদ প্ৰতিষ্ঠানসমূহৰ কোনো এটা প্ৰতিষ্ঠানেই নিজৰ ৱেবছাইটত অসমীয়া ইউনিকোডত বা-বাতৰি প্ৰদান নকৰাৰ পৰিপ্ৰেক্ষিতত গুগল নিউজতো অসমীয়া ভাষাক আজিলৈকে অন্তৰ্ভূক্ত কৰা হোৱা নাই বুলিও জানিব পৰা গৈছে। একেই কাৰণতে গুগল ট্ৰেন্সলেট ফিচাৰতো আজিলৈকে অসমীয়া ভাষা অন্তৰ্ভূক্ত হোৱা নাই। ৰাজ্য চৰকাৰৰো এইক্ষেত্ৰত যথেষ্ট কৰণীয় আছে যদিও সেয়া পালন নকৰাৰ পৰিপ্ৰেক্ষিতত ডিজিটেল পৃথিৱীখনত আন ভাষাৰ তুলনাত তেনেই পিছপৰি ৰ’বলৈ বাধ্য হৈ পৰিছে অসমীয়া ভাষা।