গুৱাহাটীঃ উচ্ছেদ অভিযানে নিৰ্দিষ্ট এটা সম্প্ৰদায়ক হে লক্ষ্য কৰি লৈছে। ৰাজ্যৰ জনসাধাৰণক ভূমি পট্টা দিয়াৰ সলনি চৰকাৰে উচ্ছেদ অভিযান হে আৰম্ভ কৰিছে। এই উচ্ছেদ অভিযান এটা বিশেষ সম্প্ৰদায় অধ্যুষিত এলেকাবোৰত চলোৱাতো চৰম পক্ষপাতিত্বমূলক। এই মন্তব্য প্ৰকাশ কৰিছে এআইইউডিএফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ প্ৰাকমুহুৰ্তত আজি এআইইউডিএফৰ দলীয় কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদমেলত উক্ত মন্তব্য প্ৰদান কৰি বিধায়ক আমিনুল ইছলামে কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ জাক-জমকতাপুৰ্ণ কোটিটকীয়া অনুষ্ঠানৰ বিপৰীতে যোৱা এবছৰত ৰাইজৰ বাবে বিশেষ একো নকৰা বুলি অভিযোগ উত্থাপন কৰি চৰকাৰৰ বিফলতা সমূহ সংবাদমেলত দাঙি ধৰে।

সংবাদমেলত এআইইউডিএফৰ সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে কাজিৰঙাৰ ৫৭০ বিঘা ভূমিৰ লগতে বিভিন্ন এলেকাৰ পাহাৰ, সত্ৰৰ আদিৰ ভূমিত দীৰ্ঘদিনীয়া ভূমি পট্টা দাবীৰ সফল ৰূপায়ণৰ পৰিৱৰ্তে সম্পূৰ্ণ অমানবীয়ভাৱে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। এই উচ্ছেদ অভিযানত কেৱল মাত্ৰ এটা বিশেষ সম্প্ৰদায় অধ্যুষিত এলেকাক বাছি লোৱা হৈছে বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰি উচ্ছেদ অভিযানত চৰকাৰে সম্পূৰ্ণ পক্ষপাতমূলক নীতি অৱলম্বন কৰিছে বুলি দাবী কৰে বিধায়ক আমিনুল ইছলামে।

নিৰ্বাচনৰ পূৰ্বে নিবনুৱা-সংস্থাপনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰ কৰ্মসংস্থান, নিযুক্তিৰ ক্ষেত্ৰত সম্পূৰ্ণ বিফল হোৱা বুলি উল্লেখ কৰি শিক্ষকৰ সমস্যা সমাধানতো চৰকাৰ ব্যৰ্থ বুলি উল্লেখ কৰে। বহু শিক্ষক অভাৱৰ বাবেই আত্মহত্যা কৰিবলগীয়া হোৱাটো সমাজৰ বাবে দূৰ্ভাগ্যজনক আৰু চৰকাৰৰ বাবে লজ্জাজনক বুলি মতপোষণ কৰি শিক্ষিত নিবনুৱা সকলে এতিয়া যন্ত্ৰনাকাতৰ জীৱন অতিবাহিত কৰিবলগীয়াত পৰিছে বুলি সংবাদমেলত উল্লেখ কৰে।

ৰাজ্যবাসীক বিদ্যুৎ যোগানৰ ক্ষেত্ৰতো সম্পূৰ্ণ ব্যৰ্থতাৰ পৰিচয় দিয়া বুলি কটাক্ষ কৰি দূৰ্নীতিক লেকাম লগাবলৈ বিজেপি নেত্বতাধীন মিত্ৰজোটৰ চৰকাৰ খনে ৰৌ-বৰালীৰ পৰিবৰ্তে পুঠি-খলিহনাৰ ওপৰতহে দৃষ্টি ৰখা বুলি অভিযোগ উত্থাপন কৰে। চৰকাৰখনে মানুহৰ জীৱনতকৈয়ো গৰুক অধিক গুৰুত্ব দিয়ে বুলিও সংবাদমেলত অভিযোগ কৰে নেতাজনে।