প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

ডিজিটেল ডেস্কঃ গুজৰাট দখলৰ দিশে আগবাঢ়িছে বিজেপি৷ দেশত যেন মোদী মেজিক আজিও অব্যাহত আছে এই কথা প্ৰমাণ কৰিব গুজৰাটৰ নিৰ্বাচনৰ ফলাফলে৷ সমগ্ৰ দেশবাসীৰ দৃষ্টি গুজৰাট নিৰ্বাচনৰ ভোট গণনাৰ দিশে থকাৰ সময়তে সোমবাৰে ভোটগণনা আৰম্ভ হৈছে গুজৰাটৰ ১৮২টা নিৰ্বাচনৰ৷৷

সোমাবাৰে পুৱাৰে পৰা গুজৰাটত ভোট গণনা আৰম্ভ হৈছে যদিএ প্ৰথম, দ্বিতীয় আৰু ৰাউণ্ডতলৈকে বিজেপি কংগ্ৰেছে সমানে সমানে আগবাঢ়িছিল যদিও বৰ্তমান ১০৭টা সমষ্টিত আগবাঢ়ি আছে৷ কংগ্ৰেছ আৰু বিজেপিৰ সমানে সমানে আগবাঢ়ি থকাৰ সময়তে গুজৰাট মুখ্যমন্ত্ৰী বিজয় ৰূপানী আৰু পিছ পৰি ৰৈছিল৷

চতুৰ্থ ৰাউণ্ডৰ পিছত মুখ্যমন্ত্ৰী আগবাঢ়ি যায় যদিও উপ-মুখ্যমন্ত্ৰী নীতিন পেটেল ২৫০০ ভোটত পিছ পৰি ৰৈছে৷ মহসেনা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল৷ প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰী বিজয় ৰূপানী পিছ পৰি আছিল যদিও চতুৰ্থ ৰাউণ্ডৰ পিছত মুখ্যমন্ত্ৰী ৰূপানী আগবাঢ়ি থকা পৰিলক্ষিত হৈছে৷ গুজৰাট কাৰ দখললৈ যাব এই কথাৰ চৰ্চা প্ৰায় ৬মাহ ধৰি অব্যাহত আছিল যদিও লাহে লাহে স্পষ্টি হৈছে প্ৰধানমন্ত্ৰীৰ ৰাজ্য বিজেপিৰ দখলতে থাকিব৷