জালুকবাৰীঃ ৰাজ্যত প্ৰতিদিনে নাৰী নিৰ্যাতন, হত্যা, হিংসাৰ ঘটনা সংঘটিত হৈ অহাৰ মাজতে মহানগৰীত অসংযত অৱস্থাত উদ্ধাৰ হ’ল যুৱক-যুৱতী৷ অসংযত অৱস্থাত যুৱক-যুৱতী উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে মহানগৰীৰ পাণ্ডু ঘাটত৷

জানিব পৰা মতে, দুখন স্কুটিত তিনিজন যুৱক সহ দুগৰাকী যুৱতী মঙলবাৰে নিশা পাণ্ডু ঘাটলৈ আহে৷ কিছু সময় পিছতে একাংশ লোকে যুৱক-যুৱতীসকলক অসংযত অৱস্থাত প্ৰত্যক্ষ কৰে৷ তাৰ পিছতে উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ৷ উত্তেজিত ৰাইজে যুৱক-যুৱতী কেইগৰাকীক আবদ্ধ কৰি জালুকবাৰী আৰক্ষীক গটাই দিয়ে।

দুই যুৱতীসহ তিনি যুৱকে লৈ যোৱা স্কুটী দুখনো ৰাইজে ভাঙি পেলায়৷ নিশাই জালুকবাৰী আৰক্ষীক গটাই দিয়ে যুৱক-যুৱতী কেইগৰাকীক৷ বৰ্তমানেও আৰক্ষীৰ জিম্মাত আছে যুৱক-যুৱতী কেইগৰাকী।

ৰহস্য জনক ভাৱে এই ঘটনাক গাপ দিয়াৰ চেষ্টা চলাই জালুকবাৰী আৰক্ষীয়ে। মালিগাঁও অঞ্চলত যথেষ্ট হাৰত বৃদ্ধি পাই অহা অপৰাধ আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ লগতে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷