তপন বৰগোহাঁইৰ প্ৰতিবেদন গুৱাহাটী

গুৱাহাটীঃ "কষ্ট কৰিছিলোঁ আৰু এতিয়া তাৰ ফলাফল লাভ কৰিছোঁ। আশা কৰা ধৰণে ফলাফল লাভ কৰিছো ভাল লাগিছে এই ফলাফল লাভ কৰি।" এই মন্তব্য হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে পঞ্চমস্থান লাভ কৰি নুনমাটি অসম জাতীয় বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই অনা মেধাৱী ছাত্ৰী প্রিয়ংকা কলিতাৰ।

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্রিয়ংকাই লাভ কৰিছে মুঠ ৫৮৯ নম্বৰ। ফলাফল লাভ কৰাৰ পাছতে মেধাৱী প্ৰিয়ংকাই কয় যে দিনে ৭-৮ ঘণ্টাকৈ পঢ়িছিলে আৰু এই ক্ষেত্ৰত মা-দেউতা আৰু শিক্ষাগুৰু সকলে বহুত কষ্ট কৰিছিল। তেওঁলোকৰ অবিহনে আজি হয়তো এই ফলাফল লাভ নকৰিলহেঁতেন। লগতে ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত তেওঁ কয় যে অনাগত দিনত বিজ্ঞান শাখাত নগাঁও ৰামানুজন জুনিয়ৰ কলেজত অধ্যয়ন কৰি ভৱিষ্যতে এগৰাকী ইঞ্জিনীয়াৰ হোৱাৰ মন আছে। তাৰ লগতে তাৎপয্যপূৰ্ণভাৱে ছাত্ৰীগৰাকীয়ে কয় "নিজকে এগৰাকীৰ সমাজৰ লাগতিয়াল হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিম।

উল্লেখ্য যে, সাতগাঁও নিৰ্বাসী তথা নুনমাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দেৱ কুমাৰ কলিতা আৰু ভাগ্য কলিতাৰ জীয়ৰী প্ৰিয়ংকা। প্রিয়ংকাৰ সাফল্যত পুৱাৰপৰা উৎফুল্লিত হৈ পৰিছে অসম জাতীয় বিদ্যালয়ৰ চৌহদ। এই সন্দৰ্ভত বিদ্যালয়খনৰ সচিব ডক্টৰ নাৰায়ণ শৰ্মাই কয় "বিদ্যালয়খনৰ পৰা পঞ্চম স্থান পোৱাটো আমাৰ বাবে গৌৰৱৰ কথা কিন্তু কেৱল আমি অকল স্থানৰ ওপৰতে গুৰুত্ব নিদিও। বিদ্যালয়খনৰ সামগ্ৰীক ফলাফলৰ ওপৰত আমি সদায় গুৰুত্ব দিয়ো।’’

এইবাৰ বিদ্যালয়খনৰ পৰীক্ষাত উত্তীৰ্ণ হাৰ ১০০ শতাংশ৷ বিদ্যালয়খনৰপৰা পৰীক্ষাত মুঠ ১৫৬ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। তাৰে ৫৭ গৰাকীয়ে লাভ কৰিছে ডিষ্ট্ৰিংচন, ৪২ গৰাকীযে ষ্টাৰ মাৰ্ক সহ মুঠ ১৪৬ গৰাকীৰ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছে প্ৰথম বিভাগ। বাকী ৯ গৰাকী উত্তীৰ্ণ হৈছে দ্বিতীয় বিভাগত আৰু ১ গৰাকী উত্তীৰ্ণ হৈছে তৃতীয় বিভাগত।

গুৰুত্বপূৰ্ণ কথা এই যে ২০০৪ চনৰপৰা আজি পৰ্যন্ত বিদ্যালয়খনত মেট্ৰিকৰ উত্তীৰ্ণ হাৰ হৈছে ১০০ শতাংশই আছে৷