গুৱাহাটীঃ দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত নেতা-কৰ্মীয়ে আনন্দ উলাহ প্ৰকাশ কৰা দেখা যায়৷ আনহাতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কাৰ্যালয়ত উপস্থিত হয় কিছু সময় পূৰ্বে৷ বিজেপিৰ নেতা-কৰ্মীয়ে অমিত শ্বাহক বিপুল ভাৱে সম্বৰ্ধনা জনায়৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সন্ধিয়া পাৰ্টিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ নেতাকৰ্মীক সম্বোধন কৰিব৷ বিজেপিৰ প্ৰধান সম্পাদক ৰাম মাধৱ নাগালেণ্ডলৈ আৰু অসমৰ ভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মেঘালয়লৈ গৈ চৰকাৰ গঠন কৰাৰ ববাে কুচকাৱাজ আৰম্ভ কৰিব৷

বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সকলো প্ৰচেষ্টা কৰিব দুয়োজনে৷ ত্ৰিপুৰাত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ দিশে যদিও নাগালেণ্ড আৰু মেঘালয়ত সংখ্যাগৰিষ্ঠতা লাভ নকৰাটো খাতাং হৈ পৰিছে৷ মেঘালয়ত কংগ্ৰেছে ৬ খন এনপিপিয়ে ২ আৰু বিজেপিয়ে ১ খন আৰু ইউডিপিয়ে ২ আসনত আগবাঢ়ি থকাৰ লগতে কংগ্ৰেছে ১৬ খন, ইউডিপিয়ে ৭ খন আৰু এনপিপিয়ে ১৬ খন আসনত জয়ী হয়৷

নাগালেণ্ডত এনপিএফে ১৭ খন আৰু বিজেপিয়ে ১৫ খন আসনত আগবাঢ়ি থকাৰ লগতে বিজেপিয়ে ১৪ খন আৰু এনপিএফে ১১ খন আসনত জয়ী হয়৷ যাৰ বাবে জোৰা-তাপলি মৰাত সিদ্ধহস্ত বিজেপিৰ দুই নেতা ৰাম মাধৱ আৰু হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ বিৰোধী দলবোৰৰ সৈতে কথা পাতিব৷ উত্তৰ পূৰ্বাঞ্চলত যোৱা কেইবাটাও বছৰ ধৰি হিমন্ত বিশ্বই প্ৰতিটো নিৰ্বাচনত বিশেষ ভূমিকা পালন কৰি আহিছে৷ পূৰ্বে কংগ্ৰেছ দলত থকাৰ সময়তো বিশেষ ভূমিকা পালন কৰিছিল৷