ডিজিটেল ডেস্কঃ বিজেপিৰ লগত থাকিয়েই বিজেপি বিৰোধী ভাষণেৰে বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী মেহবুবা মুফটি। নতুন দিল্লীত আয়োজিত কাশ্মিৰীসকলৰ এক অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কয় যে বিশেষ সাংবিধানিক মৰ্যাদা প্ৰত্যাহাৰ কৰিলে ভূস্বৰ্গত ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ আৰু 'জন গণ মন’ গাবলৈ এজনো লোকক বিচাৰি পোৱা নাযাব।

অনুষ্ঠানটোত তেওঁ কয়, 'একাংশ সুবিধাবাদী চকু-চৰহা লোকে আমাৰ নিজৰ পতাকা আৰু সংবিধানৰ ৩৭০ ধাৰাক লৈ আপত্তি দৰ্শাই আহিছে। তেওঁলোকে জনা উচিত যে এই দুয়োটাই প্ৰতিজন কাশ্মীৰি লোকৰ প্ৰাণতকৈয়ো আপোন। এয়া হৈছে জম্মু-কাশ্মীৰৰ নিজস্ব পৰিচিতি। ইয়াক লৈ কোনো কাশ্মীৰিয়ে জীয়াই থকাৰ কথা কল্পনাই কৰিব নোৱাৰে।’

তেওঁ আৰু কয়, 'ইয়াৰ বিৰোধিতা কোনে কৰিছে? কিয় কৰিছে? আমি বুকুত হাত থৈ ক’ব পাৰো যে আমাৰ দলৰ লগতে অান দলসমূহেও ত্ৰিৰংগা পতাকা উত্তোলন কৰে। কিন্তু এই ধাৰা প্ৰত্যাহাৰ কৰিল ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ আগ্ৰহ কৰা লোক কাশ্মীৰত এজনো নাথাকিব।’

মেহবুবাৰ এই মন্তব্যৰ পিছতে আৰম্ভ হৈছে তীব্ৰ বিতৰ্ক। উল্লেখ্য যে ভাৰতীয় সংবিধানৰ ৩৭০ আৰু ৩৫ এই দুই ধাৰাৰ ভিত্তিত জম্মু-কাশ্মীৰে বিশেষ সাংবিধানিক মৰ্যাদা লাভ কৰি আহিছে। বিপৰীতে মেহবুবা চৰকাৰৰ সহযোগী তথা কেন্দ্ৰত শাসনত থকা বিজেপিয়ে দুয়োটা ধাৰা প্ৰত্যাহাৰ কৰাৰ সপক্ষে মত ব্যক্ত কৰি আহিছে। চৰকাৰ গঠনৰ পূৰ্বেও এই প্ৰসংগক লৈ দুয়ো দলৰ মাজত মতানৈক্য দেখা দিছিল। এতিয়া মেহবুবাৰ শেহতীয়া মন্তব্যৰ পিছত বিষয়টোক লৈ অধিক সৰৱ হৈ পৰিছে বিজেপি।

'মেহবুবা মুফটিৰ মন্তব্যত আমি হতবাক হৈ পৰিছো। ৩৭০ ধাৰা অস্থায়ী ভিত্তিত ভাৰতীয় সংবিধানত অন্তৰ্ভূক্ত কৰা হৈছিল। এই ধাৰা প্ৰত্যাহাৰ কৰিব পৰা যে নাযাব তাৰ কোনো মানে নাই।’-এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কাশ্মীৰ বিজেপিৰ মুখপাত্ৰ বীৰেন্দৰ গুন্তাই। বীৰেন্দৰৰ মতে, ছুফি মতবাদ আৰু কাশ্মীৰি সংস্কৃতি ৰক্ষাৰ ওপৰতহে ৰাজ্য চৰকাৰে গুৰুত্ব দিয়া উচিত। ৩৭০ আৰু ৩৫ৰ দৰে বৈষম্যমূলক ধাৰাৰ সপক্ষে মাত মতাতো অযুক্তিকৰ বুলিও তেওঁ মন্তব্য কৰে।

বিষয়টোক লৈ ৰাজ্য বিজেপিৰ প্ৰধান মুখপাত্ৰ সুনীল শেঠীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে এনে আকোৰগোঁজ মনোভাৱৰ বাবেই প্ৰচুৰ সম্পদৰ অধিকাৰী হোৱা সত্বেও কাশ্মীৰৰ কোনো উন্নতি হোৱা নাই। 'বিজেপিয়ে এজেণ্ডাৰ পৰা কেতিয়াও আঁতৰি নাহে। সেই বুলিয়েই সংবিধান পৰিৱৰ্তনৰ কথাও ভবা নাই। কিন্তু এয়া সত্য যে এই দুই ধাৰাই ৰাজ্যখনৰ চূড়ান্ত ক্ষতি কৰিছে।’-বিজেপিৰ প্ৰধান মুখপাত্ৰজনে কয়।

কেৱল ত্ৰিৰংগাৰ কথা কৈয়েই মেহবুবাই বিতৰ্কত সোমাই পৰা নাই। নিজৰ ভাষণত ইন্দিৰা গান্ধীৰ কথা উল্লেখ কৰিও সহযোগী বিজেপিৰ ৰোষত পৰিছে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীগৰাকী। তেওঁ কয়, 'আজি মই ক’বলৈ বাধ্য যে, টিভি এংকৰসকলে ভাৰতৰ যি ভাৱমূৰ্তি তুলি ধৰিছে সেয়া প্ৰকৃত ভাৰত নহয়। আমি এই ভাৰতক চিনি নাপাও। আমাৰ বাবে ভাৰত তথা ইণ্ডিয়া মানে হৈছে ইন্দিৰা গান্ধী। আমি যেতিয়া ডাঙৰ হৈছিলো, ইন্দিৰাই আছিল আমাৰ বাবে ভাৰতৰ প্ৰতিনিধি। হয়তো বহুতেই এই কথা আজি শুনি বেয়া পাব। কিন্তু এয়াই সত্য। আমি সেই ভাৰত বিচাৰো, যিয়ে কাশ্মীৰৰ কষ্ট বুজি পায়, কাশ্মীৰৰ বাবে কান্দি উঠে। ধৰ্মীয় দিশৰ লগতে সকলো ক্ষেত্ৰতে বৈচিত্ৰ্যৰে ভৰূপৰ কাশ্মীৰ। ক’বলৈ গ’লে ভাৰতৰ ভিতৰত কাশ্মীৰেই হৈছে একমাত্ৰ মিনি ইণ্ডিয়া।’

ইন্দিৰা গান্ধীৰ প্ৰসংগৰ উত্থাপন কৰাৰ সমান্তৰালভাৱে অৱশ্যে মেহবুবাই বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো প্ৰশংসা কৰে। 'আমাৰ ভাৱ হয়, মোদী এই সময়ৰ উপযুক্ত নেতা। তেওঁ ইতিহাসত স্থান পাব। তেওঁৰ নেতৃত্ব আমাৰ সম্পদ। আশা কৰো তেওঁ অনাগত দিনত একেলগে কাম কৰি কাশ্মীৰক দুৰৱস্থাৰ পৰা উদ্ধাৰ কৰিব।’-মেহবুবাই কয়।