গোৱালপাৰাঃ পিতৃ আছিল এজন স্বাধীনতা সংগ্ৰামী৷ ব্ৰিটিছৰ পৰাধীনতাৰ শিকলি ছিঙিবলৈ স্বাধীনতাৰ ৰণত জঁপিয়াই পৰিছিল পিতৃ৷ নিজৰ প্ৰাণ হাতৰ মুঠিত লৈ তেওঁ স্বাধীনতা সংগ্ৰামীৰ মাজত বাৰ্তা কঢ়িওৱাৰ গুৰুদায়িত্ব বহন কৰিছিল৷ বুকুত বান্ধিছিল ভৱিষ্যৎ প্ৰজন্মক এখন মুকলি আকাশ আৰু স্বাধীন দেশ উপহাৰ দিয়াৰ সপোন৷ তেওঁৰ দৰে অগণন সংগ্ৰামীৰ ত্যাগ আৰু বলিদানৰ বিনিময়ত দেশ স্বাধীন হ’ল৷ কিন্তু কালৰ কি নিষ্ঠুৰ পৰিহাস, সেই মহান স্বাধীনতা সংগ্ৰামীৰ কন্যায়েই আজি বিদেশীৰ ‘কলংক’ মূৰত লৈ আবদ্ধ হৈ আছে কাৰাগাৰৰ বন্ধ কুঠৰীত৷ প্ৰয়াত স্বতন্ত্ৰ সংগ্ৰামীৰ কন্যাগৰাকী সম্প্ৰতি প্ৰায় ৭ মাহৰ অন্তঃসত্বা৷ তৎসত্ত্বেও তেওঁ কাৰাগাৰত যাপন কৰিবলগীয়া হৈছে অকলশৰীয়া এক দুৰ্বিসহ জীৱন৷

দেশৰ স্বাধীনতাক লজ্জানত কৰা এই হৃদয়-বিদাৰক ঘটনা সংঘটিত হৈছে গোৱালপাৰাত৷ স্বাধীনতা সংগ্ৰামীৰ দুৰ্ভগীয়া কন্যাগৰাকীৰ নাম ৰশ্মিনাৰা বেগম ,(32) ঘৰ গোৱালপাৰাৰ কৃষাই চাৰিআলিৰ পাইকান দ্বিতীয় খণ্ড গাঁৱত৷ ৰশ্মিনাৰাৰ স্বামী মনিৰুল ইছলাম পেছাত দৰ্জী৷ তেওঁলোকৰ যুগ্ম জীৱনৰ সাক্ষী তিনি কন্যা সন্তান ৰেণুকা, ৰূপছানা আৰু মৰিয়ম৷ মৰমিয়াল তিনিগৰাকী কন্যাক লৈ সুখেৰেই চলি আছিল তেওঁলোকৰ মৰমৰ সংসাৰ৷ কিন্তু হঠাৎ এদিন তেওঁলোকৰ সংসাৰলৈ নামি আহে অমানিশাৰ অন্ধকাৰ৷ দিনটো আছিল বুধ্বাৰ৷ তাৰিখ ২০১৬ চনৰ ৯ নৱেম্বৰ৷ চাৰি মাহৰ অন্তঃসত্বা হোৱা সত্ত্বেও এক বিদেশীৰ গোচৰ সংক্রান্তত সিদিনা তেওঁ উপস্থিত হৈছিল গোৱালপাৰাৰ দুই নং বিদেশী ন্যায়াধীকৰণত৷ ন্যায়াধীকৰণত উপস্থিত হোৱাৰ লগে লগে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে৷ কোৱা হয় যে ন্যায়াধীকৰণৰ সদস্যই তেওঁক বিদেশী বুলি ঘোষণা কৰিছে৷

ঘটনাৰ আকস্মিকতাত শিল পৰা কপৌৰ দৰে ৰশ্মিনাৰা স্থিৰ হৈ পৰে৷ এনে অৱস্থাতেই তেওঁক নিক্ষেপ কৰা হয় কোকৰাঝাৰৰ ডিটেনশ্যন কেম্পত৷ ঘটনাৰ খবৰ পোৱা মাত্ৰকেই ৰশ্মিনাৰাৰ পৰিয়ালত হাহাকাৰ লাগে৷ স্বামী মনিৰুল পাগলৰ দৰে হৈ পৰে৷ কণ কণ তিনি কন্যাই মাতৃৰ বাবে গগন ফালি কান্দিবলৈ আৰম্ভ কৰে৷ প্ৰয়াত স্বাধীনতা সংগ্ৰামীৰ কন্যা বিদেশী বুলি ঘোষিত হোৱাত স্থানীয় ৰাইজো হতবাক হৈ পৰে৷

কিন্তু নিৰ্মম বাস্তৱ এয়াই যে যোৱা ৯ নৱেম্বৰৰ পৰা আজিলৈকে ৰশ্মিনাৰাই কোকৰাঝাৰৰ ডিটেনচন কেম্পত আবদ্ধ হৈ আছে৷ ঘৰ-সংসাৰ, সন্তান-পৰিয়ালৰ মায়াত তেওঁ ডিটেনশ্যন  কেম্পৰ বন্ধ কুঠৰীত মাথোঁ চকুলো টুকিছে৷সম্প্ৰতি তেওঁ প্ৰায় সাত মাহৰ গৰ্ভৱতী৷ গৰ্ভৱতী মাতৃৰ বাবে পুষ্টিকৰ খাদ্য, নিয়মিত বিশ্ৰাম আৰু চিকিৎসা সেৱা অত্যন্ত জৰুৰী যদিও ৰশ্মিনাৰাই পাৰ কৰিব লগা হৈছে বন্দীত্বৰ জীৱন৷ ডিটেনচন কেম্পৰ পৰা কেতিয়া তেওঁক ধৰি নি নিশাৰ অন্ধকাৰত ভাৰত-বাংলাদেশ সীমান্তত এৰি থৈ আহে অহৰহ সেই দুশ্চিন্তাই খেদি ফুৰিছে৷ পৰিয়ালবৰ্গই ন্যায়াধিকৰণৰ মতামত (ৰায়দান)ক প্ৰত্যাহবান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে যদিও অদ্যাপি কোনো ফল ধৰা নাই৷

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে তেওঁলোকে একো নজনাকৈয়ে ভোটাৰ তালিকাত ৰশ্মিনাৰাৰ নামৰ আগত ‘ডি’ বহুৱাই দিয়ে৷ পাছত গোৱালপাৰাৰ দুই নং বিদেশী ন্যায়াধিকৰণৰ পৰা নাগৰিকত্ব প্ৰমাণ কৰিবলৈ চমন পঠোৱা হয়৷ সেই মতে ৰশ্মিনাৰাই ন্যায়াধীকৰণত যাৱতীয় নথি-পত্ৰ দাখিল কৰে৷ কিন্তু ন্যায়াধীকৰণৰ সদস্যা নৱনীতা বৰুৱাই তেওঁক বিদেশী বুলি ঘোষণা কৰে৷

ৰাইজৰ প্ৰশ্ন, স্বাধীনতা সংগ্ৰামীৰ কন্যা ৰশ্মিনাৰাৰ বিৰুদ্ধে বিদেশীৰ গোচৰ ৰুজু হ’ল কেনেকৈ আৰু তেওঁ কেনেকৈ  বিদেশী হ’ব পাৰে? গৰ্ভৱতী মাতৃ এগৰাকী বিদেশী ঘোষিত হৈ ডিটেনচন কেম্পত ৷ ৰশ্মিনাৰা বেগমৰ পিতৃৰ প্ৰয়াত ৰোমজান আলী৷ যুগ যুগ ধৰি পৰিয়ালটোৱে কৃষ্ণাই খাৰিজা মাণিকপুৰত বসবাস কৰি আহিছে৷ সেই সূত্ৰে পৰিয়ালটো অবিভক্ত গোৱালপাৰাৰ খিলঞ্জীয়া লোক৷ পৰিয়াল তথা স্থানীয় মুখিয়ালসকলে জানিবলৈ দিয়া মতে ৰশ্মিনাৰাৰ কৃষক পিতৃ ৰোমজান আলী আছিল এজন স্বাধীনতা সংগ্ৰামী৷ তেওঁ ইখন ঠাইৰ পৰা সিখন ঠাইলৈ স্বাধীনতা সংগ্ৰামীসকলৰ মাজত বাৰ্তা বহন কৰাৰ দায়িত্বত নিয়োজিত হৈ আছিল৷ ইয়াৰ বাবে তেওঁ ব্ৰিটিছৰ চকুৰ কুটা দাঁতৰ শাল হৈ পৰিছিল৷

কিন্তু স্বাধীনতাৰ প্ৰেমত মগ্ন ৰোমজান আলীয়ে বাৰম্বাৰ ব্ৰিটিছৰ চকুত ধূলি দি বাৰ্তাবাহকৰ দায়িত্ব পালন কৰিছিল৷ উল্লেখ্য যে ভাৰতীয় নাগৰিকত্ব প্ৰমাণৰ বাবে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বৰ চৰকাৰী নথি-পত্ৰ দেখুৱাব লাগে৷ কিন্তু ৰশ্মিনাৰাৰ পিতৃৰ পৰিয়ালে প্ৰদৰ্শন কৰা নথি-পত্ৰ প্ৰত্যক্ষ কৰি সাংবাদিকৰ চকু থৰ হৈ পৰে৷ কাৰণ একাংশ নথি-পত্ৰ ইমানেই পুৰণি যে ই কাৰ্যতঃ প্ৰাচীন সম্পদত পৰিণত হৈছে৷

পিতৃ ৰোমজান আলীৰ নাম ১৯৭০ চনৰ ভোটাৰ তালিকাত আছে৷ সেইদৰে ১৯৬৬ চনৰ দুধনৈ বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাতো পিতৃ ৰোমজান আলীৰ নাম সন্নিৱিষ্ট হৈ আছে৷ একেদৰে ১৯৫১ চনৰ এন আৰ চিতো ৰোমজান আলীৰ নাম আছে৷ আনহাতে ৰোমজান আলীৰ পিতৃ প্ৰয়াত ৰোজ মামুদ খাঁই ১৯৪২ চনৰ ১৬ মাৰ্চত প্ৰয়াত ছয়াপাতু সেখৰ পৰা হাব্ৰাঘাটৰ মাণিকপুৰৰ দুই বিঘা পট্টা মাটি ক্রয় কৰাৰ দলিল (বাংলা ভাষাত লিখিত) আছে৷ একেদৰে ৰোমজান আলীৰ পিতৃ তথা ৰশ্মিনাৰাৰ ককাদেউতাক ৰোজ মামুদ খাঁৰ নামত মেছপাৰাৰ পাগনীঝোৰাত কুমাৰু ৰাম ৰাজবংশীৰ পৰা ক্রয় কৰা জমি নামজাৰি হোৱাৰ ১৯৩৫ চনৰ প্ৰমাণ-পত্ৰ মজুত আছে৷ ১৯৩০ চনৰ ১৬  চেপ্তেম্বৰত  হাব্ৰাঘাটৰ খোৰ্দা মাণিকপুৰত ৰোজ মামুদ খাঁই বিন্দা সেখৰ পৰা মাটি ক্রয় কৰাৰো দলিল আছে৷

আনকি বিজনীৰ তদানীন্তন জমিদাৰ যোগেন্দ্ৰ নাৰায়ণ ভূঞা বাহাদুৰক ৰশ্মিনাৰাৰ প্ৰয়াত ককাদেউতাক ৰোজ মামুদ খাঁই ১৯৩৬ চনত হাব্ৰাঘাটৰ জোত সৰবদিৰ জমিৰ বাবদ খাজনা আদায় দিয়াৰ দুখনকৈ ৰচিদো মজুত আছে৷ ইয়াৰে এখন ৰচিদ ৩৬ নং তৌজি নম্বৰৰ মাটিৰ বাবদ আৰু ইয়াৰ ক্রমিক নম্বৰ হ’ল ৫৬৬৯০ আন এখন  ৰচিদ হ’ল ১১৬ নম্বৰ তৌজি মাটিৰ  বাবদ আৰু ইয়াৰ ক্রমিক নম্বৰ হ’ল ৪৬৪৩৩৷ আনহাতে তদানীন্তন জমিদাৰৰ বিজনী ষ্টেট বন্দৱস্ত কাৰ্যালয়ত ৰোজ মামুদ খাঁৰ নামত হাব্ৰাঘাট পৰগনাৰ ১১০ নং দাগৰ মাটি থকাৰ ১৯১৭ চনৰ ২৮ ফেব্ৰুৱাৰীৰ প্ৰমাণ-পত্ৰ মজুত আছে৷

কেৱল এয়াই নহয়, ৰোজ মামুদ খাঁ আৰু খোৰ্দা মাণিকপুৰৰ মুলাৰ পুত্ৰ ক্রমে টেংকু আৰু পঁচাৰ লগত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৪৪৮৩২৩ৰ ভিত্তিত পঞ্জীয়ন হোৱা এক গোচৰ সংক্রান্তত ১৯১৩ চনৰ পহিলা মে’ত প্ৰদান কৰা ৰায়দানৰ নথিও মজুত আছে৷

এতিয়া ৰাইজৰ মনত কেতবোৰ প্ৰশ্নৰ উদয় হৈছে  যে এনেবোৰ দুষ্প্ৰাপ্য নথি থকাৰ পিছতো যদি ৰশ্মিনাৰা ‘বিদেশী’ হয়, তেন্তে প্ৰকৃত ভাৰতীয় কোন? কাৰ ভুলৰ বাবে স্বাধীনতা সংগ্ৰামীৰ অন্তঃসত্বা কন্যা আজি কাৰাগাৰত আবদ্ধ? কি তথ্য-প্ৰমাণৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে বিদেশীৰ গোচৰ ৰুজু কৰা হ’ল? ইয়াৰ সঠিক তদন্ত কৰাৰ সাহস বিভাগীয় কৰ্তৃপক্ষৰ হ’বনে? দুৰ্ভগীয়া ৰশ্মিনাৰাই ন্যায় পাবনে? নে অন্তসত্বা মহিলাগৰাকীক দেশৰ পৰা বিতাড়ন কৰা হ’ব? উল্লেখ্য যে বিদেশীক চিনাক্তকৰণ আৰু বহিষ্কাৰৰ ক্ষেত্ৰত কাৰো আপত্তি থাকিব নোৱাৰে যদিও ৰশ্মিনাৰাৰ দৰে বহু প্ৰকৃত ভাৰতীয় নাগৰিকেই আইনী মেৰপেঁচত বিদেশী ঘোষিত হোৱাটো কিমানদূৰ গ্ৰহণযোগ্য সেই লৈ সন্দিহান হৈ পৰিছে জিলাখনৰ প্ৰতিজন লোক।