Home ৰাজ্যডিটেনশ্যন কেম্পত স্বাধীনতা সংগ্ৰামীৰ অন্তঃসত্বা কন্যা

ডিটেনশ্যন কেম্পত স্বাধীনতা সংগ্ৰামীৰ অন্তঃসত্বা কন্যা

by News Desk
A+A-
Reset
bangl

গোৱালপাৰাঃ পিতৃ আছিল এজন স্বাধীনতা সংগ্ৰামী৷ ব্ৰিটিছৰ পৰাধীনতাৰ শিকলি ছিঙিবলৈ স্বাধীনতাৰ ৰণত জঁপিয়াই পৰিছিল পিতৃ৷ নিজৰ প্ৰাণ হাতৰ মুঠিত লৈ তেওঁ স্বাধীনতা সংগ্ৰামীৰ মাজত বাৰ্তা কঢ়িওৱাৰ গুৰুদায়িত্ব বহন কৰিছিল৷ বুকুত বান্ধিছিল ভৱিষ্যৎ প্ৰজন্মক এখন মুকলি আকাশ আৰু স্বাধীন দেশ উপহাৰ দিয়াৰ সপোন৷ তেওঁৰ দৰে অগণন সংগ্ৰামীৰ ত্যাগ আৰু বলিদানৰ বিনিময়ত দেশ স্বাধীন হ’ল৷ কিন্তু কালৰ কি নিষ্ঠুৰ পৰিহাস, সেই মহান স্বাধীনতা সংগ্ৰামীৰ কন্যায়েই আজি বিদেশীৰ ‘কলংক’ মূৰত লৈ আবদ্ধ হৈ আছে কাৰাগাৰৰ বন্ধ কুঠৰীত৷ প্ৰয়াত স্বতন্ত্ৰ সংগ্ৰামীৰ কন্যাগৰাকী সম্প্ৰতি প্ৰায় ৭ মাহৰ অন্তঃসত্বা৷ তৎসত্ত্বেও তেওঁ কাৰাগাৰত যাপন কৰিবলগীয়া হৈছে অকলশৰীয়া এক দুৰ্বিসহ জীৱন৷

দেশৰ স্বাধীনতাক লজ্জানত কৰা এই হৃদয়-বিদাৰক ঘটনা সংঘটিত হৈছে গোৱালপাৰাত৷ স্বাধীনতা সংগ্ৰামীৰ দুৰ্ভগীয়া কন্যাগৰাকীৰ নাম ৰশ্মিনাৰা বেগম ,(32) ঘৰ গোৱালপাৰাৰ কৃষাই চাৰিআলিৰ পাইকান দ্বিতীয় খণ্ড গাঁৱত৷ ৰশ্মিনাৰাৰ স্বামী মনিৰুল ইছলাম পেছাত দৰ্জী৷ তেওঁলোকৰ যুগ্ম জীৱনৰ সাক্ষী তিনি কন্যা সন্তান ৰেণুকা, ৰূপছানা আৰু মৰিয়ম৷ মৰমিয়াল তিনিগৰাকী কন্যাক লৈ সুখেৰেই চলি আছিল তেওঁলোকৰ মৰমৰ সংসাৰ৷ কিন্তু হঠাৎ এদিন তেওঁলোকৰ সংসাৰলৈ নামি আহে অমানিশাৰ অন্ধকাৰ৷ দিনটো আছিল বুধ্বাৰ৷ তাৰিখ ২০১৬ চনৰ ৯ নৱেম্বৰ৷ চাৰি মাহৰ অন্তঃসত্বা হোৱা সত্ত্বেও এক বিদেশীৰ গোচৰ সংক্রান্তত সিদিনা তেওঁ উপস্থিত হৈছিল গোৱালপাৰাৰ দুই নং বিদেশী ন্যায়াধীকৰণত৷ ন্যায়াধীকৰণত উপস্থিত হোৱাৰ লগে লগে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে৷ কোৱা হয় যে ন্যায়াধীকৰণৰ সদস্যই তেওঁক বিদেশী বুলি ঘোষণা কৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0