ডিজিটেল ডেস্কঃ দেশৰ আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰী ৰূপে পৰিচিত মাণিক সৰকাৰৰ থাকিবৰ বাবে নিজা ঘৰ এটা নাই৷ দৰমহাৰ টকা দলৰ কোষত দিয়া প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া কত থাকিব তাক লৈ আৰম্ভ বৈছে চৰ্চা৷ পৈতৃক সম্পত্তি নিজ ভগ্নীক দান দিয়া মুখ্যমন্ত্ৰীগৰাকী দেশৰ আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰী ৰূপে পৰিগণিত হৈছিল৷
দেশৰ মন্ত্ৰী-আমোলা-বিষয়াই সম্পত্তিৰ পাহাৰ গঢ়াৰ স্বাৰ্থত দুৰ্নীতিত লিপ্ত হৈ কোৰোনাৰে ধন ঘটাত ব্যস্ত হৈ পৰে তেনে সময়ত মাণিক সৰকাৰৰ দৰে মুখ্যমন্ত্ৰীৰ থাকিবলৈ আজিও এটা ঘৰ নাই বুলি কলে বঢ়াই কোৱা নহ’ব৷ চৰকাৰত থকা কালত চৰকাৰী আৱাসত আছিল যদিও বৰ্তমান তেওঁ দলৰ কাৰ্যালয়ত থাকিব বুলি জানিব পৰা গৈছে৷
উত্তৰ-পূবৰ ৰাজ্য ত্ৰিপুৰাত চাৰিবাৰকৈ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ তেওঁ বৃহৎ দালান সাঁজি লব পাৰিলে হেতেন যদিও সাঁজি নললে এটা ঘৰ৷ উল্লেখ্য যে, ত্ৰিপুৰাত অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনত কেন্দ্ৰীয় শাসিত বিজেপি দলে ত্ৰিপুৰাত ২৫ বছৰ কাল ৰাজত্ব কৰা চিপিআইএমক ক্ষমতাচ্যুত কৰি আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয়৷
বিজেপিয়ে বামপন্থী জোঁটক শোচনীয়ভাৱে পৰাস্ত হোৱাৰ পাছতেই মুখ্যমন্ত্ৰীৰ পৰা পদত্যাগ কৰিছিল মাণিক সৰকাৰ৷ চৰকাৰী আৱাস এৰি দিয়ে৷ ত্ৰিপুৰাৰ পূৰ্বৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্ৰয় ল’ব লগীয়া হৈছে চিপিএমৰ কাৰ্যালয়ত৷ ত্ৰিপুৰা চিপিএমৰ মহাসচিব বিজন ধৰে দলৰ কাৰ্যালয়ত থকাৰসকলো সুবিধা থকা বুলি কয়৷
ধৰে কয়, এয়া কোনো ডাঙৰ কথা নহয় আমাৰ দলৰ বহুসংখ্যক নেতাই সাধাৰণ জীৱন যাপন কৰে। জানিব পৰা মতে, মাণিক সৰকাৰে সকলো পৈতৃক সম্পত্তি ভনীয়েকক দান দিছে। তেওঁ পূৰ্বও চিপিআইএমৰ কাৰ্যালয়ত আছিল। মাণিক সৰকাৰৰ চৰকাৰৰ একাংশ প্ৰাক্তন মন্ত্ৰী-বিধায়ক বৰ্তমানেও আৱাসত আছে যদিও তিনিজন প্ৰাক্তন মন্ত্ৰী আকৌ গাঁৱলৈ উভতি গৈছে।