
newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰায় এমাহ ধৰি চলাৰ পিছত এতিয়া সামৰণিৰ পৰ্যায়ত উপস্থিত হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্থাৎ আইপিএল৷ শুকুৰবাৰে ছানৰাইজাৰ্স হাইদৰাবাদ আৰু কলকাতা নাইট ৰাইডাৰ্চৰ মাজত অনুষ্ঠিত হ’বলগীয়া নিৰ্ণায়ক খেলখনৰ পিছতে শুকুৰবাৰৰ বিজয়ী দলটোৱে চেন্নাই চুপাৰ কিংগছৰ বিৰুদ্ধে শেষ যুদ্ধত অৱৰ্তীৰ্ণ হ’ব৷
আনহাতে আইপিএল-২০১৮ত ভাল ফলাফল দেখুৱাবলৈ সক্ষম নহ’ল আশ্বিনৰ কিংগছ ইলেভেন পঞ্জাৱ, ৰাহানেৰ ৰাজস্থান ৰয়েলছ, ৰোহিত শৰ্মাৰ মুম্বাই ইণ্ডিয়ানছ আৰু বিৰাট কোহলীৰ ৰয়েল চেলেঞ্জাৰ্চ বাংগালুৰু বাহিনীয়ে৷ যাৰ ফলত এই দলসমূহৰ অনুৰাগীসকলৰ মাজত নিৰাশাই চানি ধৰে৷ বিশেষকৈ ৰোহিত শৰ্মাৰ নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছ আৰু বিৰাট কোহলীৰ ৰয়েল চেলেঞ্জাৰ্চ বাংগালুৰুৱে পইন্ট তালিকাৰ শীৰ্ষ ৪ দলৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম নহোৱাত নিৰাশ হৈ পৰে দল দুটাৰ অনুৰাগীসকল৷
I really believe in the concept of, "you either win or you learn". We fought hard and gave it our all but one thing is for sure, next season we definitely will bounce back stronger than ever with our learnings from this season.
— Virat Kohli (@imVkohli) May 24, 2018
Take care. @RCBTweets #RCB #IPL2018 pic.twitter.com/b0QM9chRAN
দলৰ বেয়া প্ৰদৰ্শণৰ বাবে আইপিএলৰ ২০১৮ চিজনত স্থান দখল কৰিবলৈ সক্ষম নহোৱাত হিট মেন খ্যাত ৰোহিত শৰ্মাৰ মুম্বাই বাহিনীৰ হৈ ৰোহিত শৰ্মাই অনুৰাগীসকলৰ ওচৰত ক্ষমা বিচৰাৰ পিছতে এইবাৰ অনুৰাগীসকলৰ ওচৰত ক্ষমা বিচাৰিছে বিৰাট কোহলীয়ে৷
দলৰ নিৰাশাজনক প্ৰদৰ্শণৰ বাবেই এইবাৰো আইপিএলৰ শীৰ্ষ ৪ দলৰ মাজত স্থান লাভ কৰিব নোৱাৰিলে বুলি বিৰাট কোহলীয়ে অনুৰাগীসকলৰ ওচৰত ক্ষমা খোজে৷ উল্লেখ্য যে, মুঠ ১৪ খন খেলৰ ৮ খনতে বেয়া প্ৰদৰ্শণৰ বাবে পৰাস্ত হয় বিৰাট বাহিনী৷ যাৰ ফলত অংক তালিকাৰ পৰা বাদ পৰে ৰয়েল চেলেঞ্জাৰ্চ বাংগালুৰুৰ নাম৷ দলত বিৰাট কোহলী, এবি ডেভিলিয়াৰ্চৰ দৰে দুধৰ্ষ বেটচ মেন থকাৰ পিছতো দলটোৱে বাৰে বাৰে পৰাস্ত হোৱাত নিৰাশাত ভাগি পৰে অনুৰাগীসকল৷
কোহলীয়ে দলৰ প্ৰদৰ্শনৰ বাবে ক্ষমা বিচাৰি এটা ভিডিঅ’ টুইট কৰে৷ ভিডিঅ’টোত কোহলীয়ে কয়, ‘আমি ফলাফল নিজৰ পক্ষত কৰিব নোৱাৰিলো আৰু আইপিএল চিজনটোত আমি কৰা প্ৰদৰ্শনৰ বাবে গৌৰৱ কৰাৰ যোগ্য নহয়৷ আমি যি ধৰণে খেলবোৰ খেলি গৈছিলো, তাৰ বাবে মই যথেষ্ট মনোকষ্ট পাইছো৷ অনুৰাগীসকলৰ বিশ্বাস আমি ৰক্ষা কৰিব নোৱাৰিলো৷ তাৰ বাবে আমি অন্তৰৰ পৰা ক্ষমা বিচাৰিছো৷’
বিৰাটে পুনৰ কয়, ‘এটা কথাত বিশ্বাস কৰো, যদি জয়ী হ’ব নোৱাৰা, তেন্তে হাৰৰ পৰা শিক্ষা লোৱা৷ জয়-পৰাজয় জীৱনৰে একো একোটা অংগ৷ আপুনি যি বিচাৰে সদায় সেয়া পাবলৈ সক্ষম নহ’বও পাৰে৷ এয়া খেলুৱৈৰ সকলৰ ওপৰত নিৰ্ভৰ কৰিব যে তেওঁলোকে অহাবছৰত কেনে ফলাফল দেখুৱাব৷ মই অহাবাৰৰ চিজনটোত দলৰ ভুলবোৰ শুধৰাবলৈ চেষ্টা কৰিম৷’