জাগীৰোডঃ উদুলি-মুদুলি পৰিৱেশৰ মাজেৰে দেওবাৰে জাগীৰোডৰ ছগ্ৰাচালত যষ্ঠ তিৱা লোক সাংস্কৃতিক মহোৎসৱ ২০১৯ অনুষ্ঠিত কৰা হয়৷ তিৱা জনগোষ্ঠীয় জনজীৱনৰপৰা প্ৰায় লুপ্ত হ’বলৈ ধৰা লোক-সংস্কৃতি সমূহক পুনৰ উজ্জীৱিত কৰি নৱ-প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ লগতে এখন বৃহৎ তিৱা সাংস্কৃতিক সমাজ গঢ়াৰ লক্ষ্যৰে জাগীৰোডৰ ছগ্ৰাচালত তিৱা কাণ্ঠিজুৰি চাল সমাজে প্ৰতি বছৰে তিৱা লোক সাংস্কৃতিক মহোৎসৱ অনুষ্ঠিত কৰি আহিছে৷
যষ্ঠ তিৱা লোক সাংস্কৃতিক মহোৎসৱ ২০১৯ ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰপৰা অহা নৃত্য শিল্পী সকলে লোক নৃত্য-গীত প্ৰদৰ্শন কৰাৰ লগতে কামৰূপ মহানগৰৰ নিবিৰা গাঁৱৰ ছগ্ৰা পূজাক প্ৰতীকী ৰূপত উপস্থাপন কৰে৷ এইবেলি জাগীৰোডৰ ছগ্ৰাচালত অনুষ্ঠিত হোৱা তিৱা লোক সাংস্কৃতিক মহোৎসৱত তিৱা জনগোষ্ঠীয় লোক সকলে নিজ সমাজ জীৱনত পৰম্পৰাগতভাৱে পালন কৰি অহা ছগ্ৰা পূজাক প্ৰতীকী ৰূপত অনুষ্ঠিত কৰে৷
তিৱা জনগোষ্ঠীৰ বিভিন্ন পূজা-পাৰ্বনৰ ভিতৰত ছগ্ৰা পূজা হৈছে এক অন্যতম পূজা৷ তিৱা কাণ্ঠিজুৰি চাল সমাজে তিৱা সকলৰ বৰত উৎসৱৰ মুখা শিল্পী খৰ্গেশ্বৰ বৰদলৈক ২০১৯ বৰ্ষৰ ফা’ ইন্দ্ৰচিং দেউৰী বঁটা প্ৰদান কৰে। মুখা শিল্পী খৰ্গেশ্বৰ বৰদলৈয়ে বৰতৰ মুখা নিৰ্মানৰ জৰিয়তে তিৱা লোক সংস্কৃতিক জগতখনলৈ আগবঢ়াই অহা অৱদানৰ বাবে ২০১৯ বৰ্ষৰ ফা’ ইন্দ্ৰচিং দেউৰী বঁটা প্ৰদান কৰা হয়।
উক্ত বঁটা প্ৰদান অনুষ্ঠানত সাংস্কৃতিক বিভাগৰ প্ৰাক্তন আয়ুক্ত স্বপননীল বৰুৱা, জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভবেন চন্দ্ৰ নেওগ, ডাক পৰিদৰ্শক ভাস্কৰ বৰদলৈ, তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য নাৰায়ণ ৰাডু কাকতি, গোভা দেওৰজা দ্বীপ সিং দেওৰজা, সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি দীপেন মছৰঙকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।