• সৰু পথাৰ মণ্ডল কংগ্ৰেছৰ একাধিক নেতাক নিলম্বন

ডিফঃ  প্ৰাক্তন বিধায়ক বিদ্যাচিং ইংলেঙৰ বহিষ্কাৰৰ বাবে প্ৰদেশ কংগ্ৰেছলৈ পত্ৰ প্ৰেৰণ কৰিছে কাৰবি আংলং জিলা কংগ্ৰেছে ৷ গুৱাহাটীৰ সৰুসজাইত পঞ্চায়তৰ সদস্য সকলৰ সম্বৰ্ধনা কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত  কাৰবি আংলং জিলা  কংগ্ৰেছৰ উপ-সভাপতি, প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি, কংগ্ৰেছৰ সাংসদীয় সদস্য তথা প্ৰাক্তন বিধায়কে জিলা কংগ্ৰেছক কোনো পূৰ্ব জাননী বা ত্যাগপত্ৰ নিদিয়াকৈ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰা ঘটনাৰ বাবে আৰু বিগত কাৰবি আংলং নগৰ সমিতি নিৰ্বাচনত দল বিৰোধী কামত লিপ্ত থকাৰ অভিযোগত বিধায়ক গৰাকীক দলৰ বহিষ্কাৰ কৰাৰ বাবে যোৱা শণিবাৰে কেএডিচিয়ে এপিচিচিলৈ পত্ৰ প্ৰেৰণ কৰে ৷ 

কংগ্ৰেছৰ সংবিধান অনুসৰি সাংসদ, প্ৰাক্তন সাংসদ, বিধায়ক, প্ৰাক্তন বিধায়ক আৰু এপিচিচিৰ কাৰ্যালয় বিষয়া সকলৰ নিলম্বন বা বহিষ্কাৰ কৰাৰ ক্ষমতা প্ৰদান কৰা হোৱা নাই সেয়ে বিষয়টো প্ৰদেশ কংগ্ৰেছলৈ প্ৰেৰণ কৰা  হৈছে বুলি প্ৰেছ বিবৃতি যোগে জানিবলৈ দিছে ৷ আনহাতে সৰুপথাৰ মণ্ডল কংগ্ৰেছৰ একাংশ নেতা কৰ্মীক জিলা কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হৈছে বুলি বিবৃতিটোত প্ৰকাশ ৷ তেওঁলোক একাধিক্ৰমে, সৰুপথাৰ মণ্ডল কংগ্ৰেছৰ সভানেত্ৰী কাদম তেৰাঙপী, উপসভাপতি চিলাৰচন ৰংপি, মহিলা মণ্ডল কংগ্ৰেছৰ সভানেত্ৰী কাচাং বেপী,  সচিব মাৰথান টেৰণপী, কাৰ্যকৰী সদস্য ৰৱেল হাঞ্চে সাধাৰণ সম্পাদক বৰচিং তিমুঙ, কাৰ্যবাহী সদস্যা প্ৰতিমা হাঞ্চেপী, আৰু সদ্য ডিফু নগৰ সমিতিৰ ১১ নং ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰ সাগৰ ছেত্ৰী ৷ 

উপৰোক্ত নেতা সকলৰ দল বিৰোধী কৰ্মৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা ৬ বছৰলৈ বহিষ্কাৰ কৰা হৈছে বুলি কাৰবি আংলং জিলা কংগ্ৰেছৰ সাংগঠনিক, আৰু প্ৰচাৰ বিভাগৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিদ্যাচিং ৰংপিয়ে এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিছে ৷