newsnextone.com | ডিজিটেল ডেস্কঃ ‘প্ৰ-টেম স্পীকাৰ’ শব্দটোৱে ব্যাপক চৰ্চা লাভ কৰিছে৷ কৰ্ণাটকৰ বিধান সভা নিৰ্বাচনল ফলাফল ঘোষণা কৰাৰ পিছতে ৰাজ্যপালে ১০৪ খন আসন লাভ কৰা বিজেপিৰ বিধায়নী দলৰ নেতা বিএছ য়েদুয়াৰাপ্পাক মুখ্যমন্ত্ৰী হিচাপে শপত পাঠ কৰোৱায়৷ তাৰ পিছতে মিত্ৰজোঁট গঢ়া কংগ্ৰেছ আৰু জেডিএছে আদালতৰ কাষ চাপে৷ আদালতে ২৪ ঘণ্টাৰ ভিতৰত আস্থা ভোটত অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়ে৷ আদালতৰ নিৰ্দেশৰ পিছতে প্ৰয়োজন হৈ পৰিল এগৰাকী বিধান সভাৰ অধ্যক্ষৰ৷ ৰাজ্যপালে অধ্যক্ষ নিযুক্তি দিয়ে যদিও কংগ্ৰেছে সোচ্চাৰ হৈ পৰে নতুন বিধায়কক অধ্যক্ষ নিযুক্তি দিয়াত৷ কংগ্ৰেছে উচ্চতম ন্যায়ালয়ত এখন আবেদন জনোৱাত আদালতে শুনানি অনুষ্ঠিত কৰে যদেও কংগ্ৰেছৰ আৰ্জি খাৰিজ হয়৷

সমগ্ৰ দেশবাসীৰ দৃষ্টি এতিয়া কৰ্ণাটকৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত৷ শনিবাৰৰ দিনটোত কোনে জয়ী হ’ব কোনে পৰাজয় বৰণ কৰিব সেই খবৰ লবলৈ দেশবাসীয়ে কৰ্ণাটকৰ দিশে দৃষ্টি নিক্ষেপ কৰা পৰিলক্ষিত হৈছে৷ সংবাদমাধ্যম, ছচিয়েল মিডিয়াত কৰ্ণাটকৰ আস্থা ভোটক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ শনিবাৰে বিয়লি ৪ বজাত আস্থা ভোট অনুষ্ঠিত হ’ব কৰ্ণাটকত৷ তাৰ পুৰ্বে উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হয় বিধান সভাৰ অধ্যক্ষ নিযুক্তিক লৈ শুনানি৷ 
এতিয়া প্ৰশ্ন হৈছে কি এয়া প্ৰ’-টেম স্পীকাৰ৷ প্ৰ’টেম শব্দটো আহিছে লেটিন বাকাংশৰ পৰা যাৰ অৰ্থ হৈছে আপাত সময়ৰ বাবে। অৰ্থাৎ প্ৰ’টেম অধ্যক্ষ মানে হৈছে এক সীমিত সময়ৰ বাবে নৱগঠিত লোকসভা অথবা বিধানসভাৰ কাম-কাজ চম্ভালাৰ বাবে নিযুক্তি দিয়া অস্থায়ী অধ্যক্ষ। লোকসভাৰ আৰু বিধানসভাৰ সদস্যৰ সন্মতিক্ৰমে সদনৰ কাম-কাজ চলাবলৈ এই অধ্যক্ষক নিযুক্তি দিয়া হয়।

শনিবাৰৰ শুনানিত কংগ্ৰেছৰ অধিবক্তা কপিল চিব্বালে দাবী কৰি কয় যে বিশ্বব্যাপী সাধাৰণতে প্ৰবীণ বিধায়কক প্ৰোটেম অধ্যক্ষ হিচাপে নিয়োগ কৰা হয়৷ কিন্তু কৰ্ণাটকৰ ৰাজ্যপালে এগৰাকী নতুন বিধায়কক অধ্যক্ষ হিচাপে নিয়োগ কৰি ভাল কাম কৰা নাই৷ কিন্তু আদালতে এই যুক্তি খাৰিজ কৰি নতুন বিধায়কক অধ্যক্ষ নিযুক্তি কৰাৰ উদাহৰণ থকা বুলি কয় আদালতে৷ আদালতে কয় যে আদালতে প্ৰটেম অধ্যক্ষ নিয়োগ কৰিব নোৱাৰে৷ এগৰাকী ৰাজ্যপালক আদালতে নিৰ্দেশ দিব নোৱাৰে বুলি কয়৷ এয়া বেআইনী হ’ব৷