newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা কাৰ্য মঙলবাৰে পুৱাৰ পৰা আৰম্ভ হৈছে৷ ৰাজ্যখনত কাৰ চৰকাৰ গঠন হ’ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই যদিও বিজেপিয়ে সংখ্যা গৰিষ্ঠতাৰে ৰাজ্যখনত গেৰুৱা চৰকাৰ গঠন কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে৷ 

বিজেপিয়ে ৭৫ খন আসনত জয় লাভ কৰাৰ বিপৰিতে ৩০ টা সমষ্টিত এতিয়াও অগ্ৰগতি লাভ কৰি আছে৷ তাৰ বিপৰীতে শাসকীয় কংগ্ৰেছ দলে ৰাজ্যখনৰ ৪৬ টা সমষ্টি নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছে৷

কংগ্ৰেছে অগ্ৰগতি লাভ কৰি আছে ৩১ টা সমষ্টিত৷  আনহাতে ৰাজ্যখনৰ কিং মেকাৰ হিচাপে পৰিগণিত হৈছে জনতা দল চেকুলাৰ৷ জনতা দল চেকুলাৰে ১৬ খন আসনত জয়লাভ কৰি আৰু ২২ খনত অগ্ৰগতি লাভ কৰি আছে৷

বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী বিএছ য়েদুৰাপ্পাই নিজ সমষ্টি চিকাৰপুৰৰ পৰা ৩৫৩৯৭ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হয়৷ আনহাতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই বাদামী ,সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী বী শ্ৰীৰামলুক ২১৫০ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি জয়লাভ কৰিবলৈ সক্ষম হয়৷ এইবাৰ নিজ সমষ্টিত মুখ্যমন্ত্ৰীগৰাকী আৰু বিজেপি প্ৰতিদন্দ্বীৰ মাজৰ ভোটৰ ব্যৱধান যথেষ্ট কম৷