newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকত শীঘ্ৰে চৰকাৰ গঠন কৰিবলগীয়া জনতা দল চেকুলাৰ আৰু কংগ্ৰেছৰ মাজত চৰকাৰ গঠনৰ পূৰ্বেই মতানৈক্যই দেখা দিয়া পৰিলক্ষিত হৈছে৷ 

ৰাজ্যখনৰ মুছলিম সংগঠনৰ কোনো মুছলমান সম্প্ৰদায়ৰ নেতাক ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰোৱাৰ বাবে দাবী উত্থাপন হৈছে৷ মুছলিম সংগঠনসমূহে ৰাজ্যখনৰ ৭ বাৰকৈ বিধায়ক হোৱা কংগ্ৰেছ নেতা ৰোশন বেগক ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী মনোনীত কৰাৰ বাবে দাবী তুলিছে৷

ইফালে ৰোশন বেগেও মুছলিম সংগঠনসমূহৰ দাবী যুক্তি সংগত বুলি জনাই নিজকে উপ-মুখ্যমন্ত্ৰী পদত উপৱিষ্ট কৰাব বিচৰা পৰিলক্ষিত হৈছে৷ 

উল্লেখ্য যে, বুধবাৰে এছডি কুমাৰস্বামীয়ে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব৷ তেওঁৰ শপত গ্ৰহণ সমাৰোহত ছোনীয়া গান্ধী, ৰাহুল গান্ধী, মমতা বেনাৰ্জী, চন্দ্ৰবাবু নাইডু, মায়াবতী, অখিলেশ যাদৱ, অৰবিন্দ কেজিৰৱাল সহ দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ সম্ভাৱনা আছে৷ 

প্ৰচাৰিত বাতৰি অনুসৰি ৰাজ্যখনত দুগৰাকী ব্যক্তিক উপ-মুখ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হ’ব পাৰে৷ জানিব পৰা মতে, কুমাৰস্বামীৰ চৰকাৰত কৰ্ণাটক কংগ্ৰেছৰ প্ৰদেশ অধ্যক্ষ জী পৰমেশ্বৰক উপ-মুখ্যমন্ত্ৰী মনোনীত কৰাটো নিশ্চিত হৈছে৷

কৰ্ণাটকত জেডিএছ-কংগ্ৰেছৰ মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ পূৰ্বে কুমাৰস্বামীয়ে দিল্লীত উপস্থিত হৈ ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধীক সাক্ষাত কৰে৷ গান্ধী পৰিয়ালৰ সৈতে তেওঁ ৰাজ্যখনত গঠন কৰিবলগীয়া চৰকাৰ আৰু মন্ত্ৰীসভাৰ বিষয়ে আলোচনা কৰে৷