newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধান সভা নিৰ্বাচনৰ ২২২ খন আসনৰ ভোটগণনা মঙলবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে৷ এতিয়ালৈ ঘোষণা কৰা ফলাফল অনুসৰি বিজেপিয়ে বিজেপি ৫০ খন আসনত জয়ী হৈছে আনাহতে ৫০ খন আসনত আগবাঢ়ি আছে৷ কংগ্ৰেছে এতিয়া লৈ জয়ী ২০ খন আসনত জয়ী হোৱাৰ লগতে ৫৫ খন আসনত আগবাঢি আছে৷ 

জেডিএছ ৬ খনত জয়ী হোৱাৰ লগতে ৩৩ খন আসনত আগবাঢ়ি আছে৷ পুনৰ শাসনৰ গাদী দখল কৰাৰ দিশে আগবাঢ়িছে বিজেপি৷ পূৰ্বে অনুমান কৰি অনুসৰিয়ে বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে কৰ্ণাটকত৷ মঙলবাৰে পুৱাৰে পৰা কৰ্ণাটক বিধান সভাৰ ২২২ সমষ্টিৰ গণনা অনুষ্ঠিত হৈছে৷ 

কৰ্ণাটকত ৪.৯৮ কোটি ভোটদাতা আছে৷ ইয়াৰে পুৰুষ হৈছে ২.৫২ কোটি, ২.৪৪ কোটি মহিলা আৰু ৪৫৫২ ট্ৰান্সজেণ্ডাৰ৷ কৰ্ণাটকত ৫৫৬০০ ভোট কেন্দ্ৰ আছে৷ স্পৰ্শকাতৰ ভোট কেন্দ্ৰও আছে৷ ১৯৮৫ চনৰ পিছত কৰ্ণাটকত দ্বিতীয় বাৰ একেৰাহে কোনো দলৰ চৰকাৰ শাসনলৈ অহা নাই৷ কংগ্ৰেছ পঞ্জাৱৰ পিছত দ্বিতীয় খন ডাঙৰ ৰাজ্য শাসন কৰি আছিল৷ 

বিজেপি কৰ্ণাটক দখল কৰিব বুলি দাবী কৰাৰ লগতে কংগ্ৰেছ পুনৰ শাসনলৈ আহিব বুলি বিশ্বাস কৰি কৈ আহিছে৷ মুখ্যমন্ত্ৰী চিদ্দাৰামায়াই দাবী কৰি আহিছে বিপুল ভোটত কংগ্ৰেছে পুনৰ শাসনলৈ আহিব৷ ৰাজ্য খনত ২২৪টা বিধান সভা সমষ্টি আছে যদিও ২২২টা সমষ্টিতহে ভোটদান অনুষ্ঠিত হৈছে৷ এগৰাকী বিজেপি প্ৰাৰ্থীৰ মৃত্যু হোৱাৰ লগতে ৰাজা নাগেশ্বৰী নগৰ সমষ্টিত নিৰ্বাচনৰ বিধি উলংঘা কৰাৰ অভিযোগত নিৰ্বাচন স্থগিত ৰাখে৷