newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰক লৈ নতুন অংক আৰম্ভ হ’ব নেকি৷ চৰাকৰ গঠনৰ ববাে নতুন অংকৰ দিশে আগবাঢ়িহ নে কি৷ কৰ্ণাটক আৰ্হিৰে চৰাকৰ গঠন হ’ব পাৰে নে কি বুলি চৰ্চা আৰম্ভ হৈছে৷ যদিও কংগ্ৰেছৰ হাতত ১২ থন আসন আছে তথাপিও লক্ষ্য কৰিলে দেখা যায় যে কংগ্ৰেছ বৰ্তমান মজবুত স্থিতিত আছে৷ যদি কৰ্ণাটকৰ সদৃশ চৰকাৰ বনাব খোজে তেন্তে জম্মু কাশ্মীৰৰ দুয়ো আঞ্চলিক দলৰ লগতে সহযোগ প্ৰয়োজন হ’ব ৰাষ্ট্ৰীয় দল কংগ্ৰেছৰ৷ কংগ্ৰেছে সমৰ্থন কৰিলে চৰকাৰ গঠন কৰিব পাৰিব পিডিপি আৰু নেচনেল কনফাৰেন্সে৷
কিন্তু নেচনেল কনফাৰেন্স আৰু পিডিপিক ৰীাজনীতিৰ পথাৰত চিৰ শত্ৰু জ্ঞান কৰা হয়৷ দীৰ্ঘ দিন ধৰি দুয়োটা দলে বাকযুদ্ধ তথা ক্ষমতা হস্তগত কৰিবলৈ যুঁজ দি গৈছে৷ নেচনেল কনফাৰেন্সে চৰকাৰ চলাই থকাৰ সময়ত মেহবুবা মুফতিৰ পিতৃ মুফতি মহম্মদ ছঈদে ব্যাপক সমালোচনা কৰাৰ লগতে জনমত গঢ়িবলৈ সক্ষম হোৱাৰ ফলতে নেচনেল কনফাৰেন্সক হৰুৱাই বিজেপিৰ সহযোগত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল৷ দুয়োটা দলে এখন মঞ্চত থিয় হোৱা সম্ভৱ নহয় যদিও একৰাংশ লোকে কংগ্ৰেছৰ নেতৃত্বত দুয়োটা দল একত্ৰিত হোৱাৰ আশা ব্যক্ত কৰে৷
বিজেপিয়ে পিডিপিৰ সংগ এৰাৰ লগে লগে কংগ্ৰেছৰ নেতৃত্বত দুয়োটা দল একত্ৰিত হ’ব নেকি বুলি চৰ্চা আৰম্ভ হৈছে৷ কৰ্ণাটকৰ দৰেই কাশ্মীৰত শত্ৰুতা এৰি পুৰণি শত্ৰুসকল একত্ৰিত হ’ব নেকি৷ পিডিপি আৰু নেচনেল কনফাৰেন্স সন্দৰ্ভত কংগ্ৰেছৰ ভূমিকা লক্ষণীয় হ’ব৷
২০১৪ চনৰ ২৫ নৱেম্বৰ আৰু ২০ ডিচেম্বৰত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত পিডিপিয়ে ২৮ খন আসন লাভ লাভ কৰিছিল৷ বিজেপিয়ে লাভ কৰিছিল ২৫ খন আসন৷ সেই সময়ক শাসকীয় দল নেচনেল কনফাৰেন্সে লাভ কৰে মাথো ১৫ খন আসন৷ কংগ্ৰেছে লাভ কৰিছিল ১২ খন আসন৷ ৰাজ্যত চৰাকৰ গঠন কৰিবলৈ ৪৪ খন আসনৰ দৰকাৰ৷
স্মৰ্তব্য যে, ১৯ জুনত জম্মু কাশ্মীৰৰ ৰাজ্যপালক কাশ্মীৰ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰা বুলি পত্ৰ প্ৰেৰণ কৰে বিজেপিয়ে৷ ফলত ৫ ঘণ্টাৰ ভিতৰত মেহবুবা মুফটি চৰকাৰৰ পতন ঘটে৷
বিজেপিৰ প্ৰৱক্তা ৰাম মাধৱে দিল্লীত এখন সংবাদ মেল অনুষ্ঠিত কৰি এই কথা প্ৰকাশ কৰে৷ ২০১৫ চনৰ ১৯ জানুৱাৰীত গঠন কৰা বিজেপি আৰু পিডিপিৰ চৰকাৰৰ তিনি বছৰ সম্পূৰ্ণ হবলৈ ওলোৱাৰ সময়তে বিজেপিয়ে পিডিপিৰ সংগ এৰে৷
কাশ্নীৰৰ সন্ত্ৰাসবাদীৰ সৈতে যুদ্ধ বিৰতিক লৈ বিজেপি আৰু পিডিপিৰ মাজত মতভেদ বৃদ্ধি হৈছিল৷ বিজেপিৰ জম্মু কাশ্মীৰৰ নেতা আৰু মন্ত্ৰীসকলক দিল্লীত উপস্থিত হ’বলৈ কয় মঙলবাৰে৷ দিল্লীত উপস্থিত হোৱাৰ পিছত ৰাম মাধৱে সংবাদমেল অনুষ্ঠিত কৰি দুয়ো দলৰ চৰকাৰ আৰু চলিব নোৱাৰে বুলি কৈ মিত্ৰ জোঁট ভংগ কৰাৰ ঘোষণা কৰে৷ অহা ২৩ জুনত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিব৷ তাৰ পূৰ্বেই চৰকাৰৰ পতন ঘটে৷
বিজেপি আৰু পিডিপিয়ে বাৰে বাৰে চৰকাৰ ৰক্ষাৰ বাবে আলোচনাত মিলিত হৈছিল যদিও আলোচনাত কোনো কোনো পথ নোলাল৷ জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী মুফতিয়ে বিচাৰিছিল চৰকাৰে এক পক্ষীয় যুদ্ধবিৰতিৰ সময় বৃদ্ধি কৰাৰ দাবী জনাইছিল৷