ফাগুণৰ বতাহে কাজিৰঙাৰ আকাশ-বতাহ কঁপোৱা নাই! বিদ্যুৎ সংযোগ নিদিয়াৰ বাবেহে টায়াৰ জ্বলাই ৰাজপথ কঁপাইছে চাহ শ্ৰমিকে

*কাজিৰঙাত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
*চলাচল ব্যাহত শ-শ যানবাহনৰ

কাজিৰঙাঃ বিকশিত অসমত অন্ধকাৰত নিশা পাৰ কৰিছে কাজিৰঙাৰ চাহ শ্ৰমিকে৷ এইবাৰ কাজিৰঙাত বিদ্যুৎ সংযোগ নোপোৱাৰ বাবেই ৰাজপথ অৱৰোধ শতাধিক চাহ শ্ৰমিকৰ।

বুধবাৰে সন্ধিয়া কাজিৰঙাৰ হালোৱা গাঁৱৰ ৰাইজে দুৰ্গাপূৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শক্তিমন্ত্ৰী তপন গগৈৰ প্ৰতিমুৰ্ত্তি দাহ কৰাৰ লগতে ৰাজপথত টায়াৰ জ্বলাই প্ৰায় ১ ঘন্টা ধৰি ৰাজপথ অৱৰোধ কৰি ৰাখে৷

প্ৰৱল বৰষুণৰ মাজটো হালোৱা গাঁৱৰ ছাত্ৰ-ছাত্ৰী,পুৰুষ-মহিলাই এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ বৃহত্তৰ কাজিৰঙা অঞ্চলৰ আকাশ-বতাহ উত্তাল কৰি তোলে। আটছা বোকাখাত জিলা সমিতি আৰু কাজিৰঙা শাখাৰ নেতৃত্বত শ-শ চাহ-বাগিছাৰ ৰাইজে বাগিছাৰ মাজেদি প্ৰতিবাদ কৰি আহি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থান গ্ৰহণ কৰি ঘাইপথ অৱৰোধ কৰে৷

সন্ধিয়া ৪ বজাৰ পৰা ৫ বজালৈকে এঘণ্টা সময় ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োফালৰ যাতায়াত  সম্পূৰ্ণৰূপে ব্যাহত কৰি তোলে৷ বছৰ বছৰ ধৰি  ভূৱা প্ৰতিশ্ৰুতিত ক্ষোভিত হৈ পৰা এইসকল লোকে ঠাণ্ডাকো নেওচি দলে-বলে সন্ধিয়া শক্তি বিভাগৰ বিৰুদ্ধে বৰষুণত তিতি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

আটছাৰ সভাপতি কুমুদ কালিন্দী,সম্পাদক অনিত গড়,উপ সভাপতি ৰাজেশ হেমৰাম,লখন কৰ্মকাৰ আদিয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ পৰিবৰ্তনৰ শ্লোগান দি গাদী দখল কৰা বিজেপি চৰকাৰখনক সমালোচনা কৰি কয় যে ডাঙৰ ডাঙৰ সপোন দেখুৱাই কথাৰ ফুলজাৰি মৰা এই চৰকাৰখনে নিৰ্বাচনৰ সময়ত দিয়া পৰিবৰ্তনৰ কথা নিজেই পাহৰিলে৷

কেৱল নিৰ্বাচনৰ সময়তহে ভোটৰ আশাত এইসকললৈ মনত পৰে চৰকাৰৰ ৷আজিকোপতি বিদ্যুতৰ মুখ নেদেখা এই লোকসকলক অতি শীঘ্ৰেই বিদ্যুত সংযোগ নিদিলে পৰৱৰ্তী সময়ত কঠোৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হব বুলিও চৰকাৰক সকিয়াই দিয়ে প্ৰতিবাদকাৰীসকলে৷