newsnextone.com | ডিজিটেল ডেস্কঃ দিল্লীত বায়ু প্ৰদূষণৰ মাত্ৰা দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ বুধবাৰে সন্ধিয়া দিল্লীৰ বিভিন্ন প্ৰান্তত ধূলিৰ ধুমুহাই যাত্ৰীক অসুবিধাত পোলোৱা পৰিলক্ষিত হয়৷ ইয়াৰ পিছতে দিল্লীৰ বায়ু প্ৰদূষণত উদ্বেগ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৰৱালে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰ প্ৰেৰণ কৰে৷ পত্ৰত তেওঁ আইএএছ বিষয়াসকলে বিগত ৪ মাহে পালন কৰা ধৰ্মঘট প্ৰতিহত কৰিবলৈ প্ৰধানমন্ত্ৰীক দাবী জনায়৷ 

কেজিৰৱালে পত্ৰত লিখে, ‘বিষয়াসকলে পালন কৰা ধৰ্মঘটৰ কাৰণে যোৱা ৩ মাহত প্ৰতদূষণ বিষয়ক এখনো আলোচনৈ বৈঠক অনুষ্ঠিত হোৱা নাই৷ যদি এই ঘটনাৰ সমাধান কৰা নহয়, তেন্তে আম আদমী পাৰ্টিয়ে দেওবাৰে প্ৰধানমন্ত্ৰী আৱাসলৈ সমদল উলিয়াব৷’ উল্লেখ্য যে, কেজিৰৱালে তৃণমূল কংগ্ৰেছ, আৰএলডি আৰু আৰজেডিৰ সমৰ্থনো লাভ কৰিবলৈ সক্ষম হৈছে৷

পত্ৰত কেজিৰৱালে লিখে, ‘ধৰ্মঘটৰ ফলত মৌচুমী আগমনৰ পূৰ্বে ইয়াৰ পৰা ৰক্ষা পোৱাৰ বাবে কোনো প্ৰস্তুতি কৰিব পৰা নাই৷ তদুপৰি চিকানগুনিয়াক দৰে ৰোগ প্ৰতিৰোধ কৰিবলৈও আমি অক্ষম হৈছো৷ সেইবাবে আম আদমী পাৰ্টিয়ে আজি ৰাজপথত মমবাটি জ্বলাই সমদল উলিয়াব৷’

উল্লেখ্য যে, বুধবাৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কেজিৰৱালক সমৰ্থন আগবঢ়াই এটা টুইট কৰিছিল৷ তেওঁ টুইটত লিখিছিল, ‘নিৰ্বাচিত মুখ্যমন্ত্ৰীক সন্মান জনোৱা উচিত৷ মই কেন্দ্ৰীয় চৰকাৰ আৰু উপ-ৰাজ্যপালৰ ওচৰত আবেদন জনাইছো যে দিল্লীৰ সমস্যা সমূহ অতি সোনকালে সমাধা কৰা হওঁক৷ যাৰ দ্বাৰা জনতাৰ অসুবিধাসমূহ দূৰ হয়৷’

ইফালে, আৰজেডিৰ নেতা মনোলজ ঝাঁয়ে আম আদমী পাৰ্টিক জ্যেষ্ঠ নেতা সকলক সাক্ষাত কৰি সমৰ্থন আগবঢ়ায়৷ তেওঁ কয়, ‘দিল্লীক পূৰ্ণাংগ ৰাজ্য হিচাপে স্বীকৃতি দিয়াৰ আন্দোলনত আৰজেডি সদায় আম আদমী পাৰ্টিৰ লগত আছে৷ দিল্লীৰ জনতা এখন বিকলাংগ চৰকাৰৰ বিপৰীতে এখন উন্নত চৰকাৰ লাভ কৰাৰ যোগ্য৷’

উল্লেখ্য যে, কেজিৰৱালে সোমবাৰে উপ-ৰাজ্যপাল অনিল বৈজলৰ ওচৰত ব্যুৰ’ক্ৰেটছ আৰু চৰকাৰৰ মাজৰ বিবাদ শেষ কৰিবলৈ আৰু দৰিদ্ৰ জনতাক ঘৰে ঘৰে ৰেচন প্ৰদান কৰাৰ আঁচনিত অনুমোদন জনাবলৈ দাবী জনাইছিল৷