newsnextone.com | গুৱাহাটীঃ অসমীয়াৰ আৱেগ অনুভূতি নদী দ্বীপ মাজুলী৷ মাজুলী সদায় অসমীয়াৰ পৰিচয়৷ মাজুলীৰ কলা-কৃষ্টি, সংস্কৃতি, পৰম্পৰা, সভ্যতা, লোক নৃত্য, গীত, খাদ্য, সাজ-পোছাক তথা ঐতিহ্যই বিশ্বত সদায় অসমীয়া জাতিক চিনাকী কৰি দি আহিছে৷ মাজুলী সংকটাপন্ন যদিও মাজুলী সদায় সকলোৰে আপোন। 

প্ৰতিবছৰে বানপানী, খহনীয়াৰ কবলত পৰি হাহাকাৰ কৰে মাজুলীবাসীয়ে। মাজুলীৰ সংকটাপন্ন কৃষ্টি, সংস্কৃতি, পৰম্পৰা, সভ্যতা, সংস্কৃতি, লোক নৃত্য, গীত, খাদ্য, সাজ-পোছাক তথা সমস্যা সমূহ দাঙি ধৰিবলৈ এক প্ৰচেষ্টা চলাইছে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান ব্যক্তি বিশেষে৷

সমাজ, কৃষ্টি, সংস্কৃতি, পৰম্পৰা, সভ্যতা, সংস্কৃতি, লোক নৃত্য, গীত, খাদ্য, সাজ-পোছাক আদিৰ উপৰিও মাজুলীবাসীৰ জীৱনৰ কৰুণ গাঁথা বিশ্বৰ সন্মুখত তুলি ধৰিবলৈ প্ৰয়োজন নাই যদিও এটি কোম্পানীয়ে চলাইছে মাজুলীৰ প্ৰচাৰ৷

আধুনিকতাৰ কৱলত পৰি স্বকীয়তা বৰ্তাই ৰাখিবলৈ কৰা প্ৰচেষ্টা মাজুলীৰ বাবে এটি ভাল কঢ়িয়াই আনিছে আনিছে নেচলেৰ Kitkat নামৰ চকলেট বিধৰ জৰিয়তে৷ পৰ্যটন ক্ষেত্ৰৰ প্ৰচাৰৰ বাবে নেচলেয়ে হেৰাই যাবলৈ ধৰা ঐতিহ্যৰ ছবিখন জীয়া কৰিবলৈ কােম্পানীটোৱে চকলেটৰ কভাৰত মাজুলীৰ ফটো ব্যৱহাৰ কৰিছে৷ 

কিটকেট হৈছে গ্ৰেট বৃটেইনস্থিত য়ৰ্কৰ ৰাওনট্ৰী কোম্পানীটোৰ সৃষ্টি। এতিয়া নেচলেয়ে সমগ্ৰ বিশ্বজুৰি উৎপাদন কৰে। ১৯৮৮ চনত ৰাওনট্ৰীৰপৰা নেচলেয়ে অধিগ্ৰহণ কৰে।

কিন্তু একাংশ লোকে এয়া যোগাত্মক বুলি কয় যদিও আন একাংশ লোক এই বিধ চকলেট কেৱল অসমত হে বিক্ৰী কৰে বুলি কয়৷ কেৱল অসমত এই বিধ চকলেট বিক্ৰী কৰিলে বিশ্বৰ মানুহে কেনেকৈ গম পাব বুলি কয়৷ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ যোগ্য হ’ব পৰা মাজুলীক লৈ কোম্পানীটোৱে ব্যৱসায়ীক পলিচি কৰিছে বুলি কয় একাংশ লোকে৷