newsnextone.com | ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰদেশখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰীসকলক আবন্টিত কৰা শাসকীয় বাংলা এমাহৰ ভিতৰত খালী কৰিবলৈ নিৰ্দেশ দিছে৷ এই নিৰ্দেশৰ পিছতে মধ্যপ্ৰদেশৰ তিনিগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী উমা ভাৰতী (বিজেপি), কৈলাশ যোশী (বিজেপি) আৰু দিগ্বিজয় সিঙ (কংগ্ৰেছ)-এ ভূপালস্থিত তেওঁলোকৰ চৰকাৰী আৱাসগৃহ খালী কৰিবলৈ বাধ্য হৈ পৰে৷

ন্যায়াধীশ হেমন্ত কুমাৰ গুপ্তা আৰু ন্যায়াধীশ এ কে শ্ৰীনিৱাসৰ কাৰ্যাধ্যক্ষতাৰ জৱলপুৰ উচ্চ ন্যায়ালয়ৰ এখন বিচাৰ পীঠে ৰৌনক যাদৱ নামৰ লোকজনৰ আবেদনৰ শুনানি গ্ৰহণ কৰি চৰকাৰখনক এই নিৰ্দেশ প্ৰদান কৰে৷  

উল্লেখ্য যে, ৰৌনক যাদৱে প্ৰাক্তন মুখ্যমন্ত্ৰীক আজীৱন কালৰ বাবে চৰকাৰী আৱাসগৃহ আবন্টনৰ বিৰুদ্ধে আদালতত আবেদন দাখিল কৰিছিল৷ আদালতে আবেদনকাৰীৰ আবেদনৰ শুনানি গ্ৰহণ কৰি বুধবাৰে ৰায় প্ৰদান কৰে৷

আবেদনত মধ্যপ্ৰদেশ চৰকাৰৰ লগতে মধ্যপ্ৰদেশৰ তিনিগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী উমা ভাৰতী, কৈলাশ যোশী আৰু দিগ্বিজয় সিঙক পক্ষকাৰ হিচাপে উপস্থাপন কৰা হয়৷ আবেদনৰ শুনানি কালত আবেদনকাৰীৰ হৈ অধিবক্তা বিপিন যাদৱে গোচৰটো আগুৱাই লৈ যায়৷

উল্লেখ্য যে, যোৱা মাহত উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীসকলক চৰকাৰী বাসগৃহ ত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল৷ শীৰ্ষ আদালতে এই নিৰ্দেশ জাৰি কৰি কৈছিল যে পদ ত্যাগ কৰাৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰীসকল সাধাৰণ জনতাৰ দৰেই হৈ পৰে৷ তেনে ক্ষেত্ৰত তেওঁলোকক বিশেষ সা-সুবিধা প্ৰদান কৰাটো ভুল৷

উত্তৰ প্ৰদেশত প্ৰাক্তন মুখ্যমন্ত্ৰীক চৰকাৰী আৱাসগৃহ প্ৰদান কৰাটো এক নীতি হিচাপে ধৰি লোৱা হৈছিল যদিও ২০১৬ চনত উচ্চতম ন্যায়ালয়ে ইয়াক মইমতালি বুলি অভিহিত কৰি এই নীতি বন্ধ কৰে৷ ইয়াৰ পিছত উত্তৰ প্ৰদেশ চৰকাৰে দ্বিতীয়বাৰ স্ব-ইচ্ছাৰ আইন প্ৰস্তুত কৰি লৈছিল যদিও এইবাৰো উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰি সেয়া নিষিদ্ধ কৰে৷