ডিজিটেল ডেস্কঃ সমগ্ৰ দেশে বাজেটৰ ওপৰত চকু ৰখাৰ সময়তে বিজেপিৰ বিৰুদ্ধে বিৰোধীক একত্ৰিত কৰাৰ চেষ্টা চলাইছে কংগ্ৰেছে৷ পশ্চিম বংগৰ উপ-নিৰ্বাচনত তৃণমূল কংগ্ৰেছ আৰু ৰাজস্থানত লোকসভা নিৰ্বাচনত কংগ্ৰেছে শেষ হাঁহি মৰাৰ সময়তে নতুন সমীকৰণ আৰম্ভ কৰিছে কংগ্ৰেছে৷
ছোনীয়া গান্ধীৰ সৈতে মমতা বেনাৰ্জীয়ে শুভেচ্ছা বিনিময় কৰি ৰাষ্ট্ৰীয় ৰাজনীতিত তথা ২০১৯ত মোডী-বিৰোধী জোটৰ পৰিকল্পনা কৰা পৰিলক্ষিত হৈছে৷
উল্লেখ্য, মোডীৰ গৃহ ৰাজ্যত বিজেপিৰ নিৰ্বাচনী ফলাফলৰ পিছত মমতাই মন্তব্য কৰিছিল যে, গুজৰাটে দিলে ১৯ৰ আগজাননী। ৰাজস্থানৰ উপ-নিৰ্বাচনৰ ফলাফল মমতাৰ দৃষ্টিত ‘বিজেপিৰ পতন আৰম্ভ’৷
এক বাৰ্তাত মমতাই কয় যে, বিৰোধীয়ে তেওঁৰ ফৰ্মূলা মানি চলিলে ২০১৯ত লোকসভাত বিজেপিৰ পতন অনিবাৰ্য ৷ লগতে তেওঁ এই কথাও উল্লেখ কৰে যে, ‘ৰাজস্থানৰ ফলাফলে বিজেপিৰ পতন আৰম্ভ হৈছে’৷
তদুপৰি, ‘পশ্চিম বংগৰ উপ-নিৰ্বাচনৰ ফলাফলক লৈ ছোনীয়া গান্ধীয়ে মোক অভিনন্দন জ্ঞাপন কৰাৰ বিপৰীতে ময়ো তেওঁক ৰাজস্থানৰ বাবে অভিনন্দন জনাও’৷ ইফালে, বৃহস্পতিবাৰে দিল্লীত ছোনীয়াৰ বিৰোধী বৈঠকত তেওঁ উপস্থিত থাকিব পৰা নাই৷
কিন্তু বৈঠকৰ দিনটোতে ছোনীয়াৰ ফোন অহাৰ বাতৰিয়ে বিৰোধী জোটৰ বাস্তৱ ৰূপ দিয়াত যে মমতাৰ কিমান প্ৰয়োজন সেই বাৰ্তাই ইউপিএৰ অধ্যক্ষাগৰাকীয়ে দিব বিচৰা বুলি ৰাজনৈতিক মহলত ব্যপক চৰ্চা আৰম্ভ হৈছে।
শাৰদ পাৱাৰৰ পৰা আৰম্ভ কৰি যশৱন্ত সিনহাৰ দৰে বিজেপিৰ বিসম্বাদী নেতাই মোদী বিৰোধী মমতাৰ অংশগ্ৰহণ বিচাৰি বাৰ্তা প্ৰেৰণ কৰিছিল৷
দেশৰ বিভিন্ন আঞ্চলিক দলে মোডী বিৰোধিতাৰ বাবে তৃণমূলনেত্ৰীৰ প্ৰয়োজনীয়তা কিমান তাকে প্ৰমান কৰে।