ডিজিটেল ডেস্কঃ পাহাৰীয়া ৰাজ্য মেঘালয়ত বিজেপিয়ে মাথোঁ দুখন আসন লাভ কৰিছে যদিও চৰকাৰ গঠনৰ মূল ভূমিকা অসমৰ মন্ত্ৰী তথা উত্তৰ পূৱৰ প্ৰভাৱশালী বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাই লোৱা বুলি ইতিমধ্যে ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ বিজেপিয়ে চৰকাৰ গঠনৰ গুৰি ধৰিব নোৱাৰে যদিও কেন্দ্ৰৰ শাসকীয় দলটোৱে কিংমেকাৰৰ ভূমিকা লোৱা পৰিলক্ষিত হৈছে৷
#Visuals from Shillong: MLAs from NPP, UDP, BJP and NHPDP arrive at Governor House #Meghalaya pic.twitter.com/4VEgBItENY
— ANI (@ANI) March 4, 2018
দেওবাৰে দিনৰ তিনিবজাত এনপিপি, ইউডিপি, বিজেপি আৰু এনএইচপিডিপি শ্বিলঙত ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠন সন্দৰ্ভত অৱগত কৰে৷ কমল নাথে দাবী কৰা মতে কংগ্ৰেছীয়ে চৰকাৰ গঠন কৰিব মেঘালয়ত৷ তেওঁলোকে ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ বাবে আহ্বান জনাবলৈ কয় ৰাজ্যপালক৷
নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে মেঘালয়ত কোন দলে কাৰ সৈতে লগলাগি চৰকাৰ গঠন কৰিব তাক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে। মেঘালয়ত সৰ্বাধিক ২১ খন আসন লাভ কৰি কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ দাবীৰে ৰাজ্যপাল গংগা প্ৰসাদক সাক্ষাৎ কৰে। মণিপুৰ আৰু গোৱাত কৰা ভুলৰ পুনৰাবৃত্তি নহ’বৰ বাবে ৰাহুল গান্ধীৰ নিৰ্দেশ মৰ্মে কংগ্ৰেছ নেতা কমল নাথ আৰু চিপি যোশীয়ে চৰকাৰ গঠন কৰাৰ পৰিকল্পনা কৰা দেখা গৈছে৷
চৰকাৰ গঠনৰ বাবে ৩০খনতকৈ অধিক আসনৰ প্ৰয়োজন৷ মেঘালয় কংগ্ৰেছৰ অধ্যক্ষ বিংচেট পালা আৰু কংগ্ৰেছৰ মহাসচিব চিপি যোচীয়ে শনিবাৰে ৰাজ্যপালক সাক্ষাৎ কৰি সংবিধানৰ নিয়ম অনুসাৰে কংগ্ৰেছক চৰকাৰ গঠনৰ বাবে নিমন্ত্ৰণ জনাবলৈ কয়। সংবিধানৰ নিয়ম অনুসৰি উপযুক্ত দিন আৰু সময়ত কংগ্ৰেছে চৰকাৰ গঠন কৰি দেখুৱাব বুলি উল্লেখ কৰে।
জানিব পৰা মতে, কংগ্ৰেছ আৰু বিজেপিয়ে সুকীয়া সুকীয়াকৈ নিৰ্দলীয় প্ৰাৰ্থীক লৈ চৰকাৰ গঠনৰ বাবে প্ৰস্তুতি চলাই থকা দেখা গৈছে। ১৯ খন আসন লাভ কৰা এনপিপিৰ সহযোগ লাভৰ পূৰ্ণ সম্ভাৱনা আছে বিজেপিৰ। কিয়নো কেন্দ্ৰ আৰু মণিপুৰত এনপিপিয়ে বিজেপিৰ মিত্ৰ দল হিচাপে আছে। ইয়াৰ পিছতো আৰু ৯ খন আসনৰ প্ৰয়োজন হোৱাৰ বাবে বিজেপিয়ে নিৰ্দলীয় বিধায়কসকলক একত্ৰিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।
কংগ্ৰেছ মুক্ত মিত্ৰজোটঃ
মেঘালয়ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি UDF, HSPDP, GNC-এ ৮ খন আসন লাভ কৰাৰ বিপৰীতে PDF ৪ খন আসন লাভ কৰে। এই ৰাজনৈতিক দল কেইটাৰ সমৰ্থন বিজেপিয়ে লাভ কৰাৰ সম্ভাৱনা প্ৰকট হৈছে।
কংগ্ৰেছ+ৰিজনেল পাৰ্টী+নিৰ্দলীয়ঃ
কংগ্ৰেছে এইবাৰ মেঘালয়ত চৰকাৰ গঠনৰ বাবে সুযোগ হেৰুৱাব বিচৰা নাই। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কমলনাথে বিজেপি দলে ২ খন আসনত জয়ী হৈ ভুলকৈ চৰকাৰ গঠন কৰিব বিচৰা বুলি কয়। সকলো দলেই কংগ্ৰেছৰ বিৰোধীতা কৰি নিৰ্বাচনত অংশ গ্ৰহণ কৰিছে যদিও কংগ্ৰেছৰ নেতা কৰ্মী সকলে এতিয়াও কংগ্ৰেছৰ সহযোগত মিত্ৰদলৰ চৰকাৰ হ’ব বুলি আশা কৰা দেখা গৈছে।