ডিজিটেল ডেস্কঃ মধ্যস্থতাৰ যোগেদিহে জম্মু-কাশ্মীৰৰ সমস্যা সমাধান সম্ভৱ। এই মন্তব্য অশান্ত জৰ্জৰ উপত্যকাটোৰ মুখ্যমন্ত্ৰী মেহবুবা মুফটিৰ। হিংসা-বিদ্বেষ ৰোধ কৰিবলৈ মধ্যম পন্থা অৱলম্বন কৰাৰ আহ্বান জনাই মেহবুবা মুফটিয়ে কয় যে কাশ্মীৰৰ সংঘৰ্ষই কেৱল দৰিদ্ৰ যুৱকক ক্ষতিগ্ৰস্ত কৰিছে, প্ৰাণ হানি হৈছে নীৰিহ যুৱকৰ। শ্মশানত পৰি থকা শৱবোৰতকৈ সামাজিক দায়বদ্ধতাৰ বাবে নতুন প্ৰজন্মৰ সপোন, আশা-আকাংক্ষাহে সমাজৰ বাবে গুৰুত্বপূৰ্ণ৷ মুফটিৰ মত।  
  
কাশ্মীৰৰ পাচঁজনকৈ নিৰ্দোষী লোকৰ মৃত্যুৰ এদিনৰ পাছত মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে কাশ্মীৰ বাসীৰ আগত দুখ প্ৰকাশ কৰি কয় যে অভিভাৱকে নিজৰ সন্তানৰ প্ৰতি গুৰুত্ব দিব লাগিব। দৰিদ্ৰতাই যাতে কোনো যুৱকক সন্ত্ৰাসৰ বাটে লৈ নাযায়, তালৈ চকু ৰখাৰ লগতে দৰিদ্ৰতাৰ কৱলৰ পৰা উদ্ধাৰ কৰাৰ বিকল্প ব্যৱস্থাও গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে মুফটিয়ে।   

জম্মু-কাশ্মীৰৰ শ্বপিয়ান জিলাত সন্ত্ৰাসবাদীৰ সংঘৰ্ষত ৫ জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল দেওবাৰে৷ সন্ত্ৰাসবাদীৰ ভিতৰত কাশ্মীৰৰ এজন প্ৰফেচৰো এই কাণ্ডত নিহত হয়৷ প্ৰফেচাৰৰ লগত এজন শীৰ্ষ কমাণ্ডাৰো এই সংঘৰ্ষত নিহত হৈছিল। ফলত গোটেই অঞ্চলৰ লগত কাশ্মীৰতো সন্ত্ৰাসবাদৰ আতংকই চাঞ্চল্য পৰিবেশৰ সৃষ্টি কৰে৷