মৰিগাঁও মহাবিদ্যালয়ৰ সহযোগত আৰু আন্তৰ্জাতিক মানৱাধিকাৰ তথা দুৰ্নীতি নিবাৰক সংস্থাৰ উদ্যোগ

গুৱাহাটীঃ বিশ্ব নাৰী দিৱস উপলক্ষে শুকুৰবাৰে মৰিগাঁও জিলাৰ ভৈৰাগুড়ি গাঁৱত আন্তৰ্জাতিক মানৱাধিকাৰ তথা দুৰ্নীতি নিবাৰক সংস্থাৰ উদ্যোগত আৰু মৰিগাঁও মহাবিদ্যালয় মহিলা মঞ্চৰ সহযোগত এক চকু চিকিৎসা শিবিৰৰ লগতে আলোচনা-চক্ৰ অনুষ্ঠিত হয়৷
এই উপলক্ষে গুৱাহাটীৰ প্ৰাগজ্যোতি আই কেয়াৰৰ তৰফৰপৰা এক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়৷ এই শিবিৰত প্ৰায় ডেৰ শতাধিক ৰোগীয়ে অংশ লয়৷
প্ৰাগজ্যোতি আই কেয়াৰৰ পংকজ বুজৰবৰুৱাই তেওঁলোকৰ চিকিৎসালয়ৰ তৰফৰপৰা এক বিশেষ সুবিধা আগবঢ়োৱাৰ কথা ঘোষণা কৰে ৷ সেই অনুসৰি তেওঁলোকে আজি জটিল ৰোগ ধৰা পৰা সকলো ৰোগীকে তেওঁলোকৰ চিকিৎসালয়ত বিনামূলীয়া অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰা হ’ব বুলি ঘোষণা কৰে৷
নাৰী দিৱস উপলক্ষে আয়োজিত আলোচনা-চক্ৰত আন্তৰ্জাতিক মানৱাধিকাৰ তথা দুৰ্নীতি নিবাৰক মানৱাধিকাৰ সংস্থাৰ হৈ মহিলাৰ অধিকাৰ সম্পৰ্কে বক্তব্য ৰাখে সংগঠনৰ মহিলা তথা শিশু কোষৰ সভাপতি মনালিছা গগৈয়ে৷
আনহাতে সংগঠনৰ ৰাজ্যিক সভাপতি শংশাক ভৰত, সাংগঠনিক সম্পাদক বেদান্ত ডেকা আৰু শংকৰ পদ্দাৰেও বক্তব্য ৰাখে৷ আনহাতে মৰিগাঁও মহাবিদ্যালয়ৰ মহিলা মঞ্চৰ তৰফৰপৰা প্ৰবক্তা হেমা শৰ্মা আৰু মাইনু গোস্বামীয়ে মহিলাৰ শিক্ষা, স্বাস্থ্য সম্পৰ্কে বক্তব্য আগবঢ়ায়৷
আলোচনা-চক্ৰত তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য গৰাকীয়েও অংশগ্ৰহণ কৰে৷
গাঁওখনক ইতিমধ্যে মৰিগাঁও মহাবিদ্যালয়ৰ তৰফৰপৰা এডপটেড ভিলেজ হিচাপে ঘোষণা কৰি বিভিন্ন ধৰণৰ সেৱা আগবঢ়াই আহিছে৷