ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় ৰাজনীতিত দেশৰ বৃহৎ ৰাজ্য উত্তৰ প্ৰদেশৰ ভূমিকা বিশেষ বুলি দেশ স্বাধীন হোৱাৰ পিছৰে পৰা চৰ্চা হৈ আহিছে৷ কিয়নো দেশৰ ভিতৰতে ডাঙৰ ৰাজ্য খনত লোকসভা সমষ্টিৰ সংখ্যা অত্যাধিক৷ ৰাজ্য খনে একপ্ৰকাৰ নিশ্চিত কৰি আহিছে দিল্লীত চৰকাৰ কোন দলে গঠন কৰিব৷ 

৮০ খন লোকসভা আসন আছে উত্তৰ প্ৰদেশত৷ যাৰ বাবে দেশৰ সাধৰণ নিৰ্বাচনৰ সময়ত সমগ্ৰ দেশৰ চকু উত্তৰ প্ৰদেশৰ পিনে থাকে৷ উত্তৰ প্ৰদেশৰ ৰাজনীতিৰ প্ৰতিটো খবৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত গুৰুত্ব লাভ কৰে৷ দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী আদি উত্তৰ প্ৰদেশৰ পৰাই প্ৰতিনিধিত্ব কৰিছিল৷

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ ৰাজ্য চৰকাৰ বিজেপিৰ দখলত আছে৷ কেন্দ্ৰৰ শাসনতো আছে বিজেপি৷ কিন্তু উত্তৰ প্ৰদেশক কেন্দ্ৰ কৰিয়েই ৰাজনীতি কৰি অহা বিএছপি আৰু এছপি দুয়োটা দলেই বৰ্তমান শাসনত নাই৷ উত্তৰ প্ৰদেশৰ প্ৰভাৱশালী নেতা মুলায়ম সিং যাদৱ আৰু কুমাৰী মায়াবতীয়ে বৰ্তমানে শাসনৰ পৰা বহু দূৰত৷ 

২০১৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০১৭ চনৰ উত্তৰ প্ৰদেশৰ বিধান সভা নিৰ্বাচনত বিজেপি আৰু তথা মোডীৰ হাৱাই তচনচ কৰি পেলাই এছপি আৰু বিএছপি দলক৷ দুয়োটা দলে লগলাগি বিজেপিক শাসনৰ পৰা ওফৰাবৰ বাবে চেষ্টা অব্যাহত ৰাখিছে৷

উত্তৰ প্ৰদেশত ২টা সমষ্টিত উপ-নিৰ্বাচনত বিজেপিক ধৰাশয়ী কৰে মায়াৱতী আৰু অখিলেশ সিং যাদৱে৷ উপ-নিৰ্বাচনত মায়াবতীৰ দলে প্ৰাৰ্থী থিয় নকৰি অখিলেশ সিং যাদৱৰ এছপি দলক সমৰ্থন দিয়ে৷ গোৰখপুৰ আৰু ফুলপুৰ লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত এছপিয়ে বহুজন সমাজবাদী পাৰ্টিৰ সমৰ্থনত নিৰ্বাচনত অৱতীৰ্ণ হৈ দুয়োটা সমষ্টি নিজৰ দখললৈ আনে৷ গোৰখপুৰ আছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ গৃহ সমষ্টি৷ 

তাৰ পিছৰে পৰা ২০১৯ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত বিএছপি আৰু এছপিয়ে লগলাগি নিৰ্বাচন খেলিব নেকি তাক লৈ চৰ্চা আৰম্ভ হৈছে৷ ইতিমধ্যে এই খবৰ সঁচা বুলি প্ৰমাণ হ’ব ধৰিছে৷ দুয়োটা দলৰ মিত্ৰজোঁট শক্তিশালী হোৱা দেখা গৈছ৷

যোৱা মঙলবাৰে উত্তৰ প্ৰদেশৰ মেইনপুৰীত অনুষ্ঠিত এখন সভাত অংশ লৈ অখিলেশ সিং যাদৱৰ পিতৃয়ে মুলায়ামে গঠবন্ধনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ বৰ্তমান দলৰ দায়িত্ব নিজৰ হাতত নাই যদিও মুলায়ামে বিএছপি-এছপিয়ে লগলাগি নিৰ্বাচনত অৱতীৰ্ণ হলে ২০১৯ চনত দুয়োটা দল শাসনলৈ উভতি আহিব বুলি কৈ কোনো ৰখাব নোৱাৰে বুলি কয়৷ 

এখন জনসভাত অংশ লৈ মুলায়াম সিং যাদৱে কয় যে এছপি আৰু বিএছপিৰ সৈতে কোনেও প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে৷ দুয়ো দলে লগলাগি নিৰ্বাচনত অৱতীৰ্ণ হলে দেশৰ ৰাজনীতি সলনি হৈ যাব৷ এছপি আৰু বিএছপিৰ পতাকা একে ঠাইত উৰি থকাৰ পোষকতা কৰে মুলায়মে৷

তেওঁ আৰু কয় ‘‘মিত্ৰজোঁটৰ চেষ্টা কৰাটো ভাল কথা হৈছে৷ দুয়ো দলে লগ লাগিলে লোকসভাত কোনেও হৰুৱাব নোৱাৰে৷ সভা খনত বিএছপিক নেতা-কৰ্মীক ধন্যবাদ জনাই এই কাৰ্য জাৰি ৰাখিবলৈ আহ্বান জনায়৷’’

ইয়াৰ পূৰ্বে মুলায়ামৰ পুত্ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ সিং যাদৱে লোকসভা নিৰ্বাচন একেলগে খেলাৰ পোষকতা কৰিছিল৷ তেওঁ এই জোঁটবন্ধনৰ বাবে সকলো কৰিবলৈ সাজু বুলি কৈছিল৷

স্মৰ্তব্য যে, ইতিহাস চালে দেখা যায় ইয়াৰ পূৰ্বেও মায়াৱতী আৰু সমাজবাদী পাৰ্টিৰ হোতা মুলায়ম সিং যাদৱে হাত মিলাই নিৰ্বাচনত অৱতীৰ্ণ হৈছিল৷ ৯০ৰ দশকত উত্তৰ প্ৰদেশত উগ্ৰ হিন্দুত্ববাদীৰ জোৰদাৰ ৰাজনীতি আৰম্ভ হৈছিল৷ বিজেপিৰ নেতৃত্বৰ বিৰুদ্ধে লগ লাগিছিল অখিলেশৰ পিতৃ তথা সমাজবাদী পাৰ্টিৰ হোতা মুলায়েম সিং আৰু দলিত ৰাজনীতিৰ হোতা কাশীৰাম৷ উত্তৰ প্ৰদেশত ২৫ বছৰ পূৰ্বে সমাজবাদৰ সংগ্ৰাম কৰা আৰু দলিতৰ বাবে সংগ্ৰাম কৰা দুয়ো নেতাই লগ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল৷

সেই সময়ত এই ৰণনীতি সফল হৈছিল৷ বাবৰি মছজিদ আৰু ৰাম মন্দিৰক লৈ পৰিৱেশ উত্তাল কৰা বিজেপি সেই সময়ত তচনচ হৈ গৈছিল৷ ১৯৯৫ চনত বিএছপি আৰু এছপিৰ মাজত হোৱা মতানৈক্যৰ বাবে এই সম্পৰ্কৰ সমাপ্তি ঘটিছিল৷ সেই সময়ত সুবিধা লৈছিল বিজেপিয়ে৷ বিজেপিয়ে সমৰ্থন দি মায়াৱতীক মুখ্যমন্ত্ৰী পাতিছিল৷ তাৰ পিছৰে পৰা যোৱা ২৩ বছৰত মুলায়াম আৰু মায়াৱতীয়ে ৰাজনীতিৰ ক্ষেত্ৰত কেতিয়াও একত্ৰিত হোৱা নাই৷ আনকি চাহ একাপ খাবৰ বাবেও লগ লগা নাই৷ বৰ্তমান সময় সলনি হ’ল৷

মুলায়মৰ পুত্ৰৰ হাতত আছে এতিয়া সমাজবাদী পাৰ্টিৰ নেতৃত্ব৷ ২০১৬ চনত বিধান সভা নিৰ্বাচনৰ সময়ত দলৰ ভিতৰৰ খাম খেয়ালিৰ বাবে মুলায়ম সিং দলৰ পৰা আতৰি অহাৰ ফলত পুত্ৰৰ হাতলৈ আহে দলৰ নেতৃত্ব৷ অখিলেশৰ হাতত নেতৃত্ব অহাৰ লগে লগে বৰফ গলিব ধৰিছে৷ বিহাৰৰৰ দৰেই মহাগঠবন্ধন হোৱাৰ দিশে উত্তৰ প্ৰদেশতো৷