নগাঁওঃ ভাৰতীয় চৰকাৰী প্ৰচাৰ ব্যৱস্থাৰ অন্যতম প্ৰতিষ্ঠান আকাশবাণী নগাঁও কেন্দ্ৰই ২৩ ফেব্ৰুৱাৰীত গৌৰৱোজ্জ্বল ২৫ বছৰ পূৰ্ণ কৰে৷ ১৯৯৪ চনৰ ২৩ ফেব্ৰুৱাৰী দিনটোতে স্থানীয় অনাতাঁৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰা দিনৰেপৰা মধ্য অসমৰ জিলা কেইখনৰ জনসাধাৰণৰ মাজত শিক্ষা, জ্ঞান তথা মনোৰঞ্জনৰ আহিলা ৰূপে পৰিগনিত হৈ আহিছে এই কেন্দ্ৰ।
কলং, কপিলী নদীমাতৃক সভ্যতাৰ আলোকেৰে বিজড়িত অবিভক্ত নগাঁও-মৰিগাঁও জিলাৰ থলুৱা লোকসংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্রত আকাশবাণী নগাঁও কেন্দ্ৰই প্ৰচেষ্টা চলাই আহিছে।
অপ্ৰমাদী কবি মাধৱ কন্দলি আৰু মহাপুৰুষ শ্ৰীগুৰু শংকৰদেৱৰ পৱিত্র জন্মভূমিৰ কৃষ্টি-সংস্কৃতি সদা-সৰ্বদা কাললৈ আকাশবাণীৰ অভিলেখাগাৰত সংৰক্ষণ কৰাৰ প্ৰচেষ্টা কৰা হৈছে।
তথ্য-প্ৰযুক্তিৰ উত্তৰণৰ সময়তো এই কেন্দ্ৰই শিশুৰপৰা বৃদ্ধ-বণিতালৈ, চহাৰপৰা সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মনত সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে। সেয়ে কেন্দ্ৰটোৰ ২৫ বছৰীয়া পূৰ্তি তথা ৰূপালী জয়ন্তীৰ দিনটোত নগাঁও আমোলাপট্টি নাট্য মন্দিৰ প্ৰেক্ষাগৃহত এক বিশেষ অনুষ্ঠান আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়।
সন্ধ্যা ৫ বজাৰপৰা অনুষ্ঠিত হোৱা কাৰ্যসূচীত নগাঁৱৰ বহু পুৰোধা ব্যক্তি উপস্থিত থকাৰ লগতে উত্তৰ-পূব সংমণ্ডলৰ আকাশবাণী আৰু দূৰদৰ্শনৰ অতিৰিক্ত সঞ্চালক পি পি ভট্টাচাৰ্যও উপস্থিত থাকে৷