newsnextone.com | ডিজিটেল ডেস্কঃ  কৰ্ণাটকৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত অৱশেষত আদালতে আস্থা ভোট অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়ে৷ সংখ্যাগৰিষ্ঠতা দেখুওৱাৰ নিৰ্দেশ দিলে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীক৷ বিজেপি নেতা বিএছ য়েদুয়াৰাপ্পা কৰ্ণাটকৰ মুখ্যমন্ত্ৰী গৈ থাকিব নে নাই সেই সিদ্ধান্ত আস্থা ভোটে থিক কৰিব শনিবাৰে৷ দেশৰ শীৰ্ষ আদালত আস্থা ভোট অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়ে৷

ইয়াৰ লগে লগে উত্তৰ পূৰ্বাঞ্চলৰ দুখন ৰাজ্য মণিপুৰ আৰু মেঘালয়ত এতত বৃহৎ দলক চৰকাৰ গঠন কৰিব দিয়াৰ দাবী উত্থাপন হৈছে৷ এই দাবী কংগ্ৰেছে উত্থাপন কৰিছে৷ মণিপুৰ আৰু মেঘালয়ত কংগ্ৰেছ একক বৃহৎ দল৷ মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা অ’ক্ৰাম ইববি সিঙে কংগ্ৰেছক আস্থা ভোট অনুষ্ঠিত কৰাৰ সুবিধা দিয়াৰ দাবী উত্থাপন কৰে৷ 

যোৱা মণিপুৰ বিধানসভা নিৰ্বাচনত ৬০ খন আসনৰ ভিতৰত ২৮ খন আসন লাভ কৰিছিল কংগ্ৰেছে৷ বিজেপিয়ে লাভ কৰিছিল ২১ খন আসন৷ নাগা পিপলছ ফ্ৰণ্টৰ আন আন দলৰ সৈতে লগলাগি বিজেপিয়ে চৰকাৰ গঠন কৰিছিল৷

টাইমছ নাৱক দিয়া এটা সাক্ষাৎকাৰত প্ৰাক্তন মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যেনেদৰে কৰ্ণাটকত বৃহৎ দলক চৰকাৰ গঠন কৰাৰ সুবিধা দিছে তেওঁলোকক দিয়া উচিত বুলি কয়৷ আনহাতে কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে শুকুৰবাৰে ৰাজ্যপালক সাক্ষাৎ কৰি এই দাবী উত্থাপন কৰিব৷ 

উল্লেখ্য যে, বিজেপিৰ মুখ্যমন্ত্ৰীৰ পদৰ প্ৰাৰ্থী য়েদুয়াৰাপ্পাই বৃহস্পতিবাৰে পুৱাই ৯.৩০ বজাত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত লয়৷ ৰাজ্যপাল ভেজুভাই বালাই বুধবাৰে সন্ধিয়া বিজেপিৰ বিধায়িনী দলৰ নেতা য়েদুয়াৰাপ্পাক পত্ৰ প্ৰেৰণ কৰে৷

ইমানে নহয় সংখ্যাৰ দিশত বৃহৎ দল বিজেপিক সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে ১০ দিনৰ সময় প্ৰদান কৰে ৰাজ্যপালে৷ আনহাতে মিত্ৰজোঁট গঢ়ি ১১৬ আসন আছিল কংগ্ৰেছে-জেডিএছৰ হাতত৷ ১১৬ খন আসন থকা মিত্ৰজোঁটৰ নেতাক মুখ্যমন্ত্ৰী হিচাপে শপত লবলৈ আমন্ত্ৰণ জনোৱাৰ বিপৰীতে বিজেপিৰ নেতাক শপত লবলৈ আমন্ত্ৰণ জনোৱাত আদালতক ওচৰ চাপিছিল কংগ্ৰেছ-জেডিএছে৷

অৱশেষত আদালতে ২৪ ঘণ্টাৰ ভিতৰত আস্থা ভোট অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে৷ বিজেপিৰ বিৰুদ্ধে ধৰ্ণা প্ৰদৰ্শন কৰাৰ লগতে জেডিএছৰ মুৰব্বী কুমাৰস্বামীয়ে তেওঁলোকৰ বিধায়কক ৩ কোটি, ৫ কোটি, ১০০ কোটি দৰ দিয়া বুলি অভিযোগ উত্থাপন কৰে৷

কংগ্ৰেছ আৰু জেডিএছৰ মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠ হোৱাৰ পিছতো ৰাজ্যপালে কুমাৰস্বামীক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত নোলোৱাত ক্ষোভিত হৈ পৰিছে কংগ্ৰেছ-জেডিএছ৷