ডিজিটেল ডেস্কঃ দেশে স্বাধীনতা লাভ কৰাৰ তিনিটা বছৰ পিছত ১৯৫০ চনৰ ২২ ছেপ্তেম্বৰত জন্ম গ্ৰহণ কৰিছিল এগৰাকী নেতাই৷ এটি সাধাৰণ পৰিয়ালত জন্ম গ্ৰহণ কৰা নেতাগৰাকীয়ে কেতিয়াও ভবা নাছিল তেওঁৰ জন্ম ঠাই ডোখোৰক এদিন তেওঁ শাসন কৰিব৷ আচবাহাদুৰ চামলিং আৰু আচাৰাণী চামলিঙৰ ঔৰসত জন্ম গ্ৰহণ কৰা নেতাগৰাকী হৈছে পৱন চামলিঙ৷ ৰাজনীতিলৈ অহাৰ পূৰ্বে কৃষিকৰ্ম কৰাৰ লগতে ঠিকাদাৰ আছিল চামলিঙ৷ 

পৱন চামলিঙে ভাৰতৰ অন্যতম শান্তি আৰু জৈৱ বৈচিত্ৰৰে ভৰপুৰ ৰাজ্য চিকিমক পঞ্চমবাৰৰ বাবে শাসন কৰি আছে৷ চিকিমৰ ডেমক্ৰেটিক ফ্ৰণ্টৰ নেতা পৱন চামলিঙৰ নামটো যোৱা কেইটামান দিন ধৰি ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ কিয়নো তেওঁ গঢ়িলে এক নতুন ইতিহাস৷

এগৰাকী মুখ্যমন্ত্ৰী হিচাপে বিতৰ্ক আৰু ৰাজকীয় ব্যৱস্থাৰ পৰা শতযোজন দূৰত থকা চামলিঙে স্বাধীন ভাৰতৰ দীৰ্ঘকাল মুখ্যমন্ত্ৰী হৈ থকাৰ গৌৰৱ অৰ্জন কৰে৷ চামলিঙৰ পত্নী ধনমায়া চামলিঙ আৰু টিকা মায়াৰো ৰাজনীতিত দখল আছে৷ চামলিং ৮টা সন্তানৰ পিতৃ৷

দীৰ্ঘকাল মুখ্যমন্ত্ৰী হোৱাৰ অভিলেখ গঢ়ে ছিকিমৰ মুখ্যমন্ত্ৰী পৱন চামলিঙে। পশ্চিমবংগৰ বামপন্থী প্ৰাক্তন মুখ্যমন্ত্ৰী জ্যোতি বসুৰ অভিলেখক চেৰ পেলাই পৱন চামলিঙে নতুন ৰেকৰ্ড কৰি দেশৰ প্ৰথমগৰাকী দীৰ্ঘকালীন শাসন কৰা মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষস্থান দখল কৰে৷

১৯৯৪ চনৰ ১২ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে ছিকিমৰ মুখ্যমন্ত্ৰীৰূপে শপত লৈ আহিছে চামলিঙে৷ পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জ্যোতি বসুৱে ২৩ বছৰ ৪ মাহ ১৭ দিন চলােৱা চৰকাৰৰ অভিলেখ ভংগ কৰি ২৩ বছৰ ৪ মাহ ১৯ দিনত ভৰি দিলে চামলিঙৰ চৰকাৰে৷ দেশৰ দীৰ্ঘকাল মুখ্যমন্ত্ৰী হোৱাৰ অভিলেখ গঢ়াৰ ফলতেই দেওবাৰে চিকিমৰ মুখ্যমন্ত্ৰীৰ আৱাসত অনুষ্ঠিত হৈছে বিশেষ কাৰ্যসূচীৰো৷

১৯৮২ চনত চিকিম বিধান সভা সমষ্টিৰ অধিনৰ য়ংগাং গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচিত হৈছিল চামলিং৷ তাৰ পিছতে ১৯৮৫ চনত চিকিম বিধানসভা সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে চিকিম বিধানসভালৈ নিৰ্বাচিত হয়৷ দ্বিতীয় বাৰ তেওঁ দামথাং সমষ্টিৰ পৰা বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাত মুখ্যমন্ত্ৰী নৰ বাহাদুৰৰ কেবিনেটত উদ্যোগ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰিত্ব লাভ কৰে৷ ১৯৮৯ চনৰ পৰা ১৯৯২ চনলৈ তেওঁ এই মন্ত্ৰিত্ব চম্ভালে৷ তাৰ পিছতে ৰাজনৈতিক পৰিৱেশ সলনি হয় চিকিমত৷ আন এটা ৰাজনৈতিক শক্তি হিচাপে থিয় দিয়ে তেওঁ৷ ১৯৯৩ চনৰ ৪ মাৰ্চত চিকিম ডেমক্ৰেটিক ফ্ৰণ্ট গঠন কৰে৷

১৯৯৪, ১৯৯৯, ২০০৪, ২০০৯ আৰু ২০১৪ চনৰ চিকিম বিধান সভাৰ নিৰ্বাচনত চিকিম ডেমক্ৰেটিক ফ্ৰণ্টে একক সংখ্যগৰিষ্ঠতা লাভ কৰি আহিছে৷ ১৯৯৪ চনত তেওঁৰ দলে প্ৰথম বাৰৰ বাবে ক্ষমতালৈ আহে৷ চিকিমৰ উন্নয়নৰ শ্ল’গান দি শান্তি ৰক্ষাৰ কামনা কৰে৷ ২০০৯ চনত চামলিঙৰ জনপ্ৰিয়তাৰ প্ৰমাণ পোৱা যায়৷ কিয়নো চিকিমৰ ৩২টা বিধান সভা সমষ্টিৰ ২৮গৰাকী বিধায়কে চামলিঙৰ দলত দেখা যায়৷ ২২ বিধায়কেৰে শাসন চলাই থকাৰ সময়তে বিৰোধী বিধায়কে চামলিঙৰ দলত যোগদান কৰে৷ 

২০১৪ চনৰ ২১ মে’ত ৰাজ্যপাল শ্ৰীনিবাস দাদা চাহেব পাটিলে চামলিঙখ মুখ্যমন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰায়৷ ২০১৪ চনৰ ২১ মে’ত তেওঁ পঞ্চমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত লৈ পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জ্যোতি বসুৰ সমকক্ষ হৈছিল৷ জ্যোতি বসুৱে ১৯৭৭ চনৰ পৰা ২০০০ চনলৈ পশ্চিম বংগক শাসন কৰিছিল৷  

২০১৪ চনক তেঁওৰ দলে ২২ খন আসন লাভ কৰিছিল যদিও ১৮ মাহৰ অন্তত বিৰোধীৰ ১০ গৰাকী বিধায়কৰ ভিতৰত ৭গৰাকীয়ে একেলগে চামলিঙৰ ওচৰত একপ্ৰকাৰ আত্মসমাৰ্পণ কৰি চামলিঙৰ দলত যোগদান কৰিছিল৷ বৰ্তমান চামলিঙৰ দলত ৩২ গৰাকী বিধায়কৰ ভিতৰত ২৯ গৰাকী বিধায়কেৰে শাসন কৰি আছে চিকিমক৷

নৰেন্দ্ৰ মোডীয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লৈ প্ৰথমবাৰৰ বাবে ২০১৬ চনৰ ১৮ জানুৱাৰীত দুদিনীয়া ভ্ৰমণ সূচীৰে চিকিমত উপস্থিত হৈ দেশৰ প্ৰথম খন জৈৱ বৈচিত্ৰৰ ৰাজ্য হিচাপে ঘোষণা কৰে চিকিমক৷ দেশৰ প্ৰধানমন্ত্ৰী ৰাজ্যখনৰ জৈৱ-গৈচিত্ৰ ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ যিমান সহায়ৰ প্ৰয়োজন সিমানলৈ সহায় কৰাৰ আশ্বাস দিছিল৷