গুৱাহাটীঃ বিজেপি দলে নিৰ্বাচনৰ পূৰ্বে কৈছিল এটা৷ নিৰ্বাচনৰ পাৰ হোৱাৰ পিছত কলে আন এটা এটা৷ বাংলাদেশী খেদাৰ হুংকাৰ দি থলুৱাৰ ভোট লৈ গাদী দখল কৰাৰ পিছত পাভলুটি মাৰি এতিয়া বাংলাদেশী আনিবৰ বাবে উঠিপৰি লাগিছে দলটোৱে৷ এই বিড়ম্বনা অসমীয়াৰ আজিৰ নহয়৷ দেশ স্বাধীন হোৱাৰ পৰাই এই বিড়ম্বনাৰ মাজেৰে জীয়াই আছে অসমীয়া জাতি৷ দিল্লী দিছপুৰৰ প্ৰতি খন চৰকাৰে অসম স্বাধীনতাৰ পিছৰে ৰামঠগন দি আহিছে৷

এইবাৰো জাতি, মাটি, ভেটিৰ কথা কৈ চৰকাৰ গঠন কৰা বিজেপি দলে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সংশোধন কৰি বাংলাদেশৰ পৰা হিন্দু নাগৰিক আনি অসমত বহুৱাব খুজিছে৷ যোৱ দুটা বছৰ কেন্দ্ৰ চৰকাৰ খনৰ বিৰুদ্ধে অসমৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে বিজেপি দলে অসমৰ ৰাইজৰ গণ সংগ্ৰামক সন্মান নিদিয়াত ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ ৰাইজ৷ আকৌ বিজেপি নেতৃত্বাধীন কেন্দ্ৰ-ৰাজ্য চৰকাৰে চৰকাৰৰ বিৰুদ্ধে পুনৰাই সৰৱ হৈছে অসমৰ ৰাইজ৷

চৰকাৰে হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব দি অসমত সংস্থাপিত কৰাৰ অপচেষ্টাৰ বিৰুদ্ধে পুনৰ দল-সংগঠন সৰৱ হৈ উঠিছে৷ বাংলাদেশী বিতাড়ন বিষয়টোৱে ৰাজ্যৰ ৰাজনীতি বছৰ বছৰ ধৰি উত্তাল কৰি ৰাখিছে৷ ১৯৭১ চনৰ পৰাই ৰাজ্য উত্তাল হৈ আছে অবৈধ বাংলাদেশী বিতাড়ণৰ দাবীত৷ কেবাটাও জাতীয় দল-সংগঠনে কেবাটাও দশক ৰাজ পথ উত্তাল কৰি ৰাখিছে৷

তাৰ মাজতে অসম আন্দোলনত নামি পৰিছিল ৰাজ্যৰ যুৱক-যুৱতী৷ ছয় বছৰীয়া আন্দোলনৰ সময়ত ৮৫৫ গৰাকী অসমৰ তেজাল যুৱকে সেনা-আৰক্ষীৰ গুলীত অকালতে প্ৰাণ আহুতি দিছিল৷ বহু যুৱক আৰক্ষী-চিআৰপিএফৰ টাঙোন-বন্দুকৰ নলীৰ খুন্দাত চিৰ দিনৰ বাৰে ঘূণীয়া হৈছিল৷ বছৰ বছৰ ধৰি প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনৰ পূৰ্বে বিদেশী বহিষ্কাৰ কৰিম বুলি প্ৰতিশ্ৰুতি দি বাৰে বাৰে প্ৰৱঞ্চনা কৰি আহিছে৷ প্ৰতিটো ৰাজনৈতিক দলে অসমৰ ৰাইজক ৰামঠগন দি আহিছে৷

বিজেপিৰ দখলত থকা কেন্দ্ৰ-ৰাজ্য উভয় চৰকাৰে নতুনকৈ বাংলাদেশৰ পৰা লাখ লাখ হিন্দু বাংলাদেশী আনি সংস্থাপন কৰিব বিচৰাত পুনৰ ৰাজ্যবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে৷ আকৌ ৰাজ পথলৈ ওলাই আহিব লগা হৈছে অসমৰ দুৰ্ভগীয়া ৰাইজ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাৰ লগতে কোনো কাৰণতে হিন্দু বাংলাদেশীক অসমক সংস্থাপন কৰিব নিদিয়াৰ হুংকাৰ দিয়ে অসমৰ অন্যতম জাতীয়তাবাদী সংগঠন অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷

ৰাজ্যজুৰি যুৱ-ছত্ৰ পৰিষদে বুধবাৰে অসমৰ ৰাজ পথত দেশৰ প্ৰধানমন্ত্ৰীক প্ৰতিকী ঘেৰাও কৰে৷ ৰাজ্যজুৰি সংগঠনটোৱে ব্যতিক্ৰম কাৰ্যসূচীৰে কেন্দ্ৰ মোডী চৰকাৰক সকীয়াই দি কোনো কাৰণতে অসমত অবৈধ নাগৰিকক সংস্থাপন দিব দিয়া নহ’ব বুলি কয়৷ বানপানী, গৰাখহনীয়া, হাতীৰ উপদ্ৰৱ, শিক্ষা, স্বাস্থ্য, ৰাস্তা ঘাটৰ সমস্যাত ককবকাই থাকিব লগা হৈছে অসমীয়াই৷ এসাজ ভাতৰ বাবে আজি হাহাকাৰ কৰিব লগা হৈছে অসমীয়াই৷ ইতিমধ্যে অসমীয়াই অস্তিত্বৰ সংকটত পৰিছে৷ জাতিটোক চৌদিশে অন্ধকাৰে আৱৰি ধৰিছে৷ তাৰ মাজতে অসম নামৰ অসমীয়াৰ বৰঘৰ খনলৈ আকৌ আনিব খুজিছে বাংলাদেশী৷