গুৱাহাটীঃ মেঘালয়ত কংগ্ৰেছে ২৪ খন আৰু এনপিপি-এ ১০ খন আৰু বিজেপিয়ে ৮ খন আসনত আগবাঢ়ি আছে৷ পাহাৰীয়ে ৰাজ্য খনত ৬০টা বিধান সভা সমষ্টি যদিও ৫৯টা বিধান সভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হয়৷
৩৭২ গৰাকী প্ৰৰ্থীৰ শনিবাৰে ভাগ্য নিৰ্ণয় হ’ব৷ কংগ্ৰেছে পূৰ্বে অনুমান কৰা মতেই ফলাফল লাভ কৰিবলৈ সক্ষম বুলি চৰ্চা আৰম্ভ হৈছে৷ কংগ্ৰেছে প্ৰায় ৩২-৩৫ খন আসন লাভ কৰিব বুলি অনুমান কৰা হৈছে৷ যোৱা দুটা কাৰ্যকাল মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ অহা মুকুল চাংমাক প্ৰত্যাহ্বান জনাব নোৱাৰিলে বিজেপি আৰু এনপিপি-এ৷