গুৱাহাটীঃ সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে কোনে গঠন কৰিব মেঘালয়ৰ চৰকাৰ৷ হিমন্তৰ টুইট মতে, কনৰাড চাংমা হ’ব মেঘালয়ৰ মুখ্যমন্ত্ৰী৷ এনপিপি, ইউডিপি, বিজেপি আৰু এনএইচপিডিপিৰ বিধায়কে ৰাজ্যপালক সাক্ষাৎ কৰাৰ পিছতেই হিমন্তই এই ঘোষণা কৰা টুইট কৰি৷

পাহাৰীয়া ৰাজ্য মেঘালয়ত বিজেপিয়ে মাথোঁ দুখন আসন লাভ কৰিছে যদিও চৰকাৰ গঠনৰ মূল ভূমিকা অসমৰ মন্ত্ৰী তথা উত্তৰ পূৱৰ প্ৰভাৱশালী বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাই লোৱা বুলি ইতিমধ্যে ব্যাপক চৰ্চা আৰম্ভ হৈছিল৷

বিজেপিয়ে চৰকাৰ গঠনৰ গুৰি ধৰিব নোৱাৰে যদিও কেন্দ্ৰৰ শাসকীয় দলটোৱে কিংমেকাৰৰ ভূমিকা লোৱা পৰিলক্ষিত হয়৷

দেওবাৰে দিনৰ তিনিবজাত এনপিপি, ইউডিপি, বিজেপি আৰু এনএইচপিডিপি শ্বিলঙত ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠন সন্দৰ্ভত অৱগত কৰে৷ আনহাতে কংগ্ৰেছ নেতা কমল নাথে দাবী কৰা মতে কংগ্ৰেছে চৰকাৰ গঠন কৰিব মেঘালয়ত৷ তেওঁলোকে ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ বাবে কংগ্ৰেছে আহ্বান জনাবলৈ ৰাজ্যপালক কোৱাৰ পিছতেই হিমন্তই এই কথা ঘোষণা কৰে৷

নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে মেঘালয়ত কোন দলে কাৰ সৈতে লগলাগি চৰকাৰ গঠন কৰিব তাক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছিল। মেঘালয়ত সৰ্বাধিক ২১ খন আসন লাভ কৰি কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ দাবীৰে ৰাজ্যপাল গংগা প্ৰসাদক সাক্ষাৎ কৰে। মণিপুৰ আৰু গোৱাত কৰা ভুলৰ পুনৰাবৃত্তি নহ’বৰ বাবে ৰাহুল গান্ধীৰ নিৰ্দেশ মৰ্মে কংগ্ৰেছ নেতা কমল নাথ আৰু চিপি যোশীয়ে চৰকাৰ গঠন কৰাৰ পৰিকল্পনা কৰিছিল যদিও বিফল হয়৷