ডিজিটেল ডেস্কঃ কাবেৰী নদীৰ পানীৰ বিতৰণৰ বিষয়টো সমাধান কৰিবলৈ দাবী জনাই দেওবাৰে চেন্নাইত সমবেত হয় কমল হাচান, ৰজনীকান্তকে ধৰি ভালেমান তাৰকা। বিজয়, সুৰ্য, সথ্যৰাজ, শিৱকুমাৰক, নাছাৰ, বিশাল, কাৰ্থি, শিৱকাৰ্থিকেয়ানক প্ৰতিবাদস্থলীত উপস্থিত হৈ কাবেৰী নদীৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত কেন্দ্ৰই সদিচ্ছা নেদেখুওৱাৰ অভিযোগ তোলে।
কাবেৰী নদীৰ ব্যৱস্থাপনাৰ হেতু কাবেৰী মেনেজমেণ্ট ব’ৰ্ড আৰু কাবেৰী ৱাটাৰ ৰেগুলেছন কমিটি গঠনৰ প্ৰক্ৰিয়া লেহেমীয়া কৰাৰ অভিযোগ তোলা চাউথ ইণ্ডিয়ান ফিল্ম আৰ্টিষ্ট এছচিয়েছনে আয়োজন প্ৰতিবাদী সভাখনত তামিল ফিল্ম প্ৰডিউচাৰ্চ কাউন্সিল আৰু ফিল্ম এমপ্লইজ ফেডাৰেছন অব চাউথ ইণ্ডিয়াৰ সদস্যও উপস্থিত থাকে।
সভাত ভাগ লোৱাৰ আগেয়ে নিজা বাসভৱনৰ চৌহদত চুপাৰষ্টাৰ ৰজনীকান্তে সাংবাদিকক সম্বোধন কৰি কয় যে চেন্নাই চুপাৰ কিংচৰ খেলুৱৈসকলে বিষয়টো গভীৰতাৰে লৈ খেলৰ সময়ত ক’লা বেজ পৰিধান কৰি প্ৰতিবাদৰ অংশীদাৰ হ’বলৈ আহ্বান জনায়। কাবেৰীৰ কৃষকৰ কথা নাভাবিলে কেন্দ্ৰ চৰকাৰে ২০১৯ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত ৰাইজৰ ৰোষৰ বলি হ’বলগীয়া হ’ব বুলিও কয় ৰজনীকান্তে।