ডিজিটেল ডেস্কঃ হাফ বইল বা কেঁচা কণী খোৱাটো স্বাস্থ্যৰ কাৰণে খুবেই প্ৰয়োজন৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে কলে কণী অখাদ্য৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ এটি বিতৰ্কিত টুইটে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ টুইটটো ভাইৰেল হৈ পৰাৰ পিছতে সমালোচনাৰ সন্মুখীন হ’ব লগা হয় চৰকাৰ৷ কেৱল নিৰামিষ খোৱাটোৱে সুস্বাস্থ্যৰ বাবে ভাল বুলি প্ৰচাৰ কৰে চৰকাৰে৷ সোমবাৰে এই টুইট কৰাৰ পিছতে বিতৰ্কৰ সৃষ্টি হয়৷
টুইটৰ সৈতে সংলগ্ন কৰা ফটো খনত দুগৰাকী মহিলাক দেখুওৱা হৈছে৷ এগৰাকী ক্ষীণকায় মহিলা আৰু আন এগৰাকী শকত মহিলাক দেখুওৱা হৈছে৷ ফটো খনত প্ৰতিপন্ন কৰা হৈছে নিৰামিষ খালে ক্ষীণকায় সুঠাম শৰীৰৰ অধিকাৰী হ’ব পাৰে৷ আনহাতে মাছ-মঙহ খালে মানুহ শকত হয় তাকে প্ৰতিপন্ন কৰে৷
ফটো খনৰ গ্ৰাফিক্সত বিভিন্ন নিৰামিষ আৰু আমিষ খাদ্যও সংলগ্ন কৰা হৈছে৷ টুইটটোত উল্লেখ কৰা মতে আপোনাৰ পছন্দ কি বুলি প্ৰশ্ন কৰাৰ লগতে খাদ্য প্ৰণালীৰ ফটো খন সংলগ্ন কৰা হৈছে৷ নিৰামিষ খালেই মানুহ সুস্থ থাকে তাকেই প্ৰতিপন্ন কৰা হৈছে৷
কিন্তু টুইটত কণীকো অখাদ্য বুলি দেখুওৱা হৈছে৷ কণীক অস্বাস্থ্যকৰ বুলি কোৱাত বিতৰ্কৰ সূচনা হয়৷ বিতৰ্কৰ পিছতে এই টুইট আতৰাই দিবলৈ বাধ্য হয় কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়৷ এনেধৰণৰ বিজ্ঞাপন পূৰ্বেও প্ৰকাশ কৰিছে যদিও প্ৰকাশ কৰাটো উচিত নাছিল বুলি কয় দপ্তৰে৷